Home মুখ্য পৃষ্ঠা অসমৰ মাটিত নতুন মহকুমা গঠনৰ প্ৰতিবাদত অসম চৰকাৰৰ বিৰুদ্ধে সৰুপথাৰ ব্লক...

অসমৰ মাটিত নতুন মহকুমা গঠনৰ প্ৰতিবাদত অসম চৰকাৰৰ বিৰুদ্ধে সৰুপথাৰ ব্লক কংগ্ৰেছৰ জোৰঁ সমদল

14
0

নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰা,অসমৰ মাটিত নতুন মহকুমা গঠনৰ প্ৰতিবাদত অসম চৰকাৰৰ বিৰুদ্ধে সৰুপথাৰ ব্লক কংগ্ৰেছৰ জোৰঁ সমদল ৷

দৈনন্দিন বাৰ্তাLIVE@ ধনশিৰি:- ২২ নৱেম্বৰ

অসমৰ ভূখণ্ড ৰক্ষা আৰু নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত আৰু অসমৰ মাটিত নগাই নতুনকৈ মহকুমা স্থাপন কৰাৰ প্ৰতিবাদত ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰ নগৰত আজি সন্ধিয়া কংগ্ৰেছৰ উদ্যোগত জোঁৰ সমদল বাহিৰ কৰে ৷ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে সৰুপথাৰ সমস্টিৰ বিধায়িকা ৰজলীনা তিৰ্কীয়েও প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে সৰুপথাৰৰ কংগ্ৰেছ ভবনৰ পৰা নগৰখনৰ মাজেৰে সমদল কৰি আহি পুনৰ কংগ্ৰেছ কাৰ্যালয়তে কাৰ্য্যসূচীৰ অন্ত পেলাই ৷ বিজেপি গ’বেক, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, নগাৰ আগ্ৰাসন ৰোধ কৰক, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷ আনহাতে, নগাই অসমৰ মাটিত অকাই নামেৰে মহকুমা গঠন কৰাৰ কথা সত্য বুলি মন্তব্য কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলীনা তিৰ্কীয়ে ৷ সীমান্তৰ অসমৰ মাটিত নগাই ঘৰ, কাৰ্যালয়, মহকুমা গঠন তথা নগা দুৰ্বৃত্তই কৰ সংগ্ৰহ কৰি থকাৰ পিছতো অসম চৰকাৰ নিমাত কিয় বুলি প্ৰশ্ন কৰে বিধায়িকা গৰাকীয়ে ৷ সীমান্তৰ অসমীয়া ৰাইজক নিৰাপত্তা দিয়াত বিজেপি চৰকাৰ বিফল হোৱা বুলি কংগ্ৰেছী বিধায়িকা গৰাকীয়ে অভিযোগ তুলি ধনশিৰিৰ A,B আৰু C চেক্টৰলৈ আহি পৰিস্থিতি বুজ লবলে মুখ্যমন্ত্ৰীক ধনশিৰিৰ সীমান্তলৈ আহিবলে আহ্বান জনাই ৷ লগতে অতি শীঘ্ৰে নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰিবলে দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here