Home Breaking News@দৈনন্দিন বাৰ্তা LIVE অসমৰ শ্রমিকক বৰ্হিৰাজ্যত হত্যা

অসমৰ শ্রমিকক বৰ্হিৰাজ্যত হত্যা

1
0

● তিনি বন্ধুৱে মিলি কৰ্নাটকত হত্যা কৰিলে মতলেৱ আলী নামৰ দৰঙৰ যুৱকজনক

● ১৩ দিনৰ পিছত দুই হত্যাকাৰীক গ্ৰেপ্তাৰ

দৰং জিলাৰ ধুলা আৰক্ষী থানা অন্তৰ্গত ওজাগাৱঁৰ মতলেৱ আলী নামৰ ১৭বছৰীয়া শ্রমিকৰূপী কিশোৰ জনে প্রায় ৬ মাহ পুৰ্বে একে গাৱঁৰেই ওৱাইদুল্লাহ . মহিদুল ইছলাম আৰু বিল্লাল হুছেইন গৈছিল কৰ্নাটকৰ বাংগালোৰত অৱস্থিত ডেৰওন্দা নামৰ ঠাইত কফি বাগানত কাম কৰিবলৈ।

কেইদিনমান আগতে মতলেৱ আলী আৰু ওৱাইদুল্লাহৰ মাজত কাম কৰাকলৈ তৰ্কযুদ্ধত লিপ্ত হোৱাত মাজনিশা ওৱাইদুল্লাহ নামৰ যুৱক জনে মতলেৱ আলী টোপনি গৈ থকা অৱস্থাত শুই থকা অৱস্থাত হত্যা কৰি ভাৰা ৰুমৰ কাষতে পুতি থয় তিনি ঘাটকে ৷পাছত তিনি বন্ধুৱে পিছদিনা মালিক পক্ষক ফাকি দি তিনিও গুছি আহে স্ব- গৃহলৈ ৷ নিজা গৃহত উপস্থিত হৈ মতলেৱ আলী বাংগালোৰৰ ৰেল ষ্ট্ৰেচনৰ পৰা নিৰুৰ্দেশ হোৱা বুলি মতলেৱৰ পিতৃ তালেৱ আলিক অৱগত কৰে।

সেই অনুসৰি মতলেৱৰ পৰিয়ালে ১০ ছেপ্তেম্বৰত নিৰুৰ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ধুলা আৰক্ষী চকীত। নিজৰ সন্তানক বিচাৰি শুক্ৰবাৰে বাংগালোৰলৈ ৰওঁনা হোৱাৰ মুহুৰ্তত বাংগালোৰৰ পৰা মালিক পক্ষই মতলেৱৰ পিন্ধা লুঙি ঘৰৰ চোতালৰ পিছফালে প্রত্যক্ষ কৰা বুলি জনোৱাত মতলেৱৰ পৰিয়ালৰ লোকে স্থানীয় একাংশ ৰাইজক অৱগত কৰাৰ লগে লগে ৰাইজে বিষয়টি গুৰুত্ব সহকাৰে লৈ মহিদুলক সোধা পোছা কৰে ৷

ৰাইজৰ জেৰাত মহিদুলে যুৱকজনক হত্যা কৰি পুতি থৈ কি দৰে পলায়ন কৰিছিল সকলো কথা স্বীকাৰ কৰিবলৈ বাধ্য হয় ৷ লগে লগে ৰাইজে স্থানীয় গাওঁৰক্ষী বাহিনীৰ সহায়ত শুক্ৰবাৰে ধুলা আৰক্ষীয়ে আটক কৰে এজন হত্যাকাৰী মহিদুলক ৷আনহাতে শনিবাৰে দ্বিতীয়জন হত্যাকাৰী ওৱাইদুল্লা আহমেদক ৰাইজে আটক কৰি চমজাই দিয়ে ধুলা আৰক্ষীক ৷ এতিয়াও পলাতক অৱস্থাত আছে তৃতীয়জন হত্যা কাণ্ডত জৰিত বিল্লাল হুছেইন ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here