Home চিন্তা স্পন্দন আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা আৰু আজিৰ অসম

আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা আৰু আজিৰ অসম

1
0

                                  ~ আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা আৰু আজিৰ অসম  ~

সমৰ দৰে এখন ৰাজ্য বহু নৃগোষ্ঠীয় পৰিচয়ৰ ভিত্তিত গঠিত । এনে এটি পৰ্য্যায়ত সমস্যা সমূহৰো ৰূপ ভিন্ন ধৰণৰ , যি এক সমাধান  আৰ্হিৰ মাজেৰে অন্ত কৰিব নোৱাৰি তথাপিও আজিৰ আগ্ৰাসনবাদী দিল্লীৰ ৰাজনৈতিক পাকচক্ৰৰ পৰা ৰক্ষা পৰি আঞ্চলিক ভাৱে এখন মঞ্চত ৰাজনৈতিক ভাৱে সংগঠিত হৈ সমাধান সূত্ৰ উলিয়াব পৰা স্থল আছে । অসমীয়া সমাজ ব্যৱস্থাক অধিক ভাৱে শক্তিশালী কৰি ৰাখিবলৈ প্ৰতিটো জনগোষ্ঠী ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব । তেনে কৰিবলৈ সক্ষম হলে আঞ্চলিক শক্তিয়ে শক্তিশালী ৰূপত নিজকে দাঙি ধৰিবলৈ সক্ষম হব । কিন্তু তথাকথিত আঞ্চলিক ৰাজনৈতিক নেতাই আঞ্চলিক শক্তিক একত্ৰিত কৰিবলৈ সক্ষম নহল । অসমৰ সমস্যা সমূহো শক্তিশালী ভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবলৈ শক্তিশালী ভাৱে আগভাগ লোৱা পৰিলক্ষিত নহল । অসমৰ জনতাই আশা বহু কৰিছিল কিন্তু আশা আশা হৈয়ে থাকি গল । ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে আঞ্চলিক সমস্যা সমূহক সমাধান কৰিব নোৱাৰে বুলিয়েই ৰাইজে বিকল্পৰ চিন্তা কৰিছিল । কিন্তু সেই বাট আজি বন্ধ হও হও ।
                                 যিখন ৰাজ্যত গৰিষ্ঠ সংখ্যক জনগণ আঞ্চলিক চিন্তা আৰু ধাৰণাৰ দ্বাৰা প্ৰভাৱিত তেনে ৰাজ্যত ৰাজনৈতিক ভাৱে জনগণই কিয় আঞ্চলিক শক্তিক সমৰ্থন কৰিবলৈ ভয় কৰিব লগা হৈছে ? এয়াও চিৰন্তনসত্য যে দুৰ্নীতিৰ বোকাৰ মাজত নিজকে টেটুলৈকে সুমুৱাই ৰখা নেতাই কেতিয়াও আঞ্চলিক চিন্তাক জনগণৰ মাজলৈ লৈ আহিবলৈ সক্ষম নহয়  ।
আজি ইমান বছৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতৃত্বই নে বানপানী সমস্যা সমাধানৰ বাবে কিবা সু-পৰিকল্পিত ভাৱে পদক্ষেপ লৈছে , নে বিদেশী সমস্যা সমাধানৰ বাবে , নে অসমীয়া জনগণৰ সংবিধানিক সুৰক্ষা কৱজৰ বাবে ব্যৱস্থা কৰিছে !? আজি বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে বাট এটি ওলাইছে যদিও সেয়া ন্যায়ালয়ৰ নেতৃত্বত হব লৈছে ।
                               আঞ্চলিক শক্তিক আকৌ এবাৰ আজিৰ যুৱপ্ৰজন্মই শক্তিশালী ভাৱে পদাৰ্পণ কৰাব লাগিব । এইয়া যিমান পৰিমাণে ৰাজনৈতিক ভাৱে অথবা সাংস্কৃতিক ভাৱে হব তাতেই বেছি পৰিমাণে অৰ্থনৈতিক ভাৱে কৰিবলৈ সক্ষম হব লাগিব ।
ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে  কেতিয়াও অনুভৱ কৰা নাই অসমৰ জনগণই কিয় আত্মনিয়ন্ত্ৰণ দাবী উত্থাপিত কৰিছে ? এনে কৰিবলৈ কিয় প্ৰয়োজন হৈছে ? মৌলিক অধিকাৰ যত সৰ্ব হয় তাত কিয় উত্থাপিত নহব স্বনিয়ন্ত্ৰিত শাসন ব্যৱস্থাৰ দাবী ! সমস্যা নাথাকিলে সমস্যাক কেন্দ্ৰ কৰি  পৰিচালিত হব পৰা কোনো সংগ্ৰামেই নাথাকিব । ভাৰতৰ মাটিত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ দুৱাৰ মুকলি হল কিন্তু মুকলি নহল মানুহৰ জীয়াই থকাৰ স্বাধীন দুৱাৰ । অসমৰ আঞ্চলিক সমস্যা সমূহ সমাধান কৰাৰ বিপৰীতে সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰা কণ্ঠক ৰুদ্ৰ কৰাৰহে ব্যৱস্থা কৰিলে অত বছৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিয়ে ।
অসমৰ আঞ্চলিক অৰাজনৈতিক নেতৃত্বই  ৰাষ্ট্ৰীয় ৰাজনৈতিক  দলৰ অংশ হোৱাৰ লগে লগেই পাহৰি পেলাই নিজৰ সোণালী  অতীত ; যৰ পৰা নিৰ্মাণ হৈছিল তেওঁলোকৰ  ৰাজনৈতিক জীৱন । সেই ধৰণৰ নেতৃত্বৰ আত্মকেন্দিকতাই পানী ঢালিলে অসমৰ জনতাৰ আশাত ।
                 অসমৰ যুৱ প্ৰজন্ম আগুৱাই আহক ৰাজপথত চিঞৰি চিঞৰি আন্দোলন কৰাৰ বিপৰীতে খেতি পথাৰলৈ ; বহিঃৰাজ্যত গৈ ৯ বা ১০ হাজাৰ টকাৰ মাহেকীয়া দৰ্মহাৰ আশাত সপোন দেখাৰ বিপৰীতে নিজেই নিৰ্মাণ কৰক আঞ্চলিক চিন্তাৰ ভেটিত আন দহজনক জাতীয় নিৱনোৱাক সংস্থাপন দিব পৰা কৰ্ম সংস্থাপনৰ কেন্দ্ৰ ।
                           অসমত অসমীয়া জাতিয়ে মূৰতোলি জীয়াই থকাৰ স্বাৰ্থত এতিয়া দ্ৰুতগতিত আঞ্চলিক ৰাজনৈতিক বিপৰ্যয় স্তব্ধ কৰাৰ সময় ।  যুদ্ধ হওঁক অতি কেন্দ্ৰীয় ব্যৱস্থাৰ বিৰুদ্ধে , যুদ্ধ হওঁক সম্পদৰ অধিকাৰ আদায়ৰ স্বাৰ্থত , যুদ্ধ হওঁক বিবেক বিহীনভাৱে আৱেগৰ দ্বাৰা পৰিচালিত ছদ্মবেশী আঞ্চলিক ৰাজনীতিৰ বিৰুদ্ধে । তেতিয়াহে এখন সংকীৰ্ণতা মুক্ত তথা স্থায়ী প্ৰগতিশীল  জাতীয়তাবাদী সমাজ অসমৰ জনগণই লাভ কৰিবলৈ সক্ষম হব । এইয়া কৰিবলৈ সফলতা লাভ কৰিব পাৰিলেহে দিল্লী নামৰ মাহী আইৰ হাতুৰা অসমৰ জনগণৰ চকুৰ আগতেই ম’মৰ দৰে গলি শেষ হব , বিভাজনৰ সন্ত্ৰাস স্তব্ধ হব ।আশা আছে প্ৰকৃত আঞ্চলিক ৰাজনৈতিক শক্তিয়ে এতিয়াও অসমীয়া জাতিক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হব ।
         

                                                                                                                                             লেখক: আহমেদ হুছেইন,
                                                                                                                                             ঠিকনা দেৰগাঁৱ ,ফোন, ৯৮৫৯৩৪০৯৫৩

LEAVE A REPLY

Please enter your comment!
Please enter your name here