Home Breaking News@দৈনন্দিন বাৰ্তা LIVE উচ্চতম ন্যায়ালয়ত NRC ৰ OI সম্পৰ্কীয় আবেদনৰ চুড়ান্ত শুনানী সম্পন্নঃ ৰায় সংৰক্ষিত

উচ্চতম ন্যায়ালয়ত NRC ৰ OI সম্পৰ্কীয় আবেদনৰ চুড়ান্ত শুনানী সম্পন্নঃ ৰায় সংৰক্ষিত

1
0

নতুন দিল্লীঃ ২৯.১১.২০১৭

উচ্চতম ন্যায়ালয়ত NRC ৰ OI সম্পৰ্কীয় আবেদনৰ চুড়ান্ত শুনানী সম্পন্নঃ ৰায় সংৰক্ষিত

সমগ্ৰ অসমবাসীৰ বহু প্ৰত্যাশিত NRC প্ৰস্তুতকৰনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু NRC ৰ কৰ্তৃপক্ষই সময়ে সময়ে সৃষ্টি কৰি অহা জটিলতাৰ অন্যতম “OI” সমস্যাৰ সমাধানৰ বাবে আমছুৱে দাখিল কৰা IA No. 101687/2017 নং আবেদনৰ আজি ২৯ নৱেম্বৰ, ২০১৭ ইং তাৰিখে দেশৰ উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিতন ফলি নৰিমানৰ খণ্ড বিচাৰপীঠত চুড়ান্ত শুনানী অনুষ্ঠিত হয় । শুনানী কালত আবেদনকাৰী আমছুৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখক ভিত্তি কৰি বৈধ ভাৰতীয় নাগৰিকক চিনাক্ত কৰি শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰনৰ কথাহে নাগৰিকত্ব অধিনিয়ম, ২০০৯ ত আছে বুলি উল্লেখ কৰি NRC প্ৰস্তুতকৰনৰ নামত কোন কোন মূল বাসিন্দা বা প্ৰকৃত বাসিন্দা তাক নিৰ্ধাৰন কৰাৰ কোনো কথা অধিনিয়ম, নাগৰিকত্ব আইন তথা ভাৰতৰ সংবিধানত নাই বুলিও যুক্তি প্ৰদৰ্শন কৰে। OI ৰ ধাৰনাই অসমৰ সমাজ জীৱনত বিভাজন অনাৰ লগতে প্ৰথম শ্ৰেণী/দ্বিতীয় শ্ৰেণীৰ নাগৰিক সৃষ্টি কৰাৰ সম্ভাৱনাক উল্লেখ কৰে। এনে শ্ৰেণী বিভাজনৰ ফলত সমাজত জটিলতাৰ উদ্ভৱ হব বুলিও মাননীয় আদালতত যুক্তি উত্থাপন কৰে। আমছুৰ অধিবক্তাজনে দীঘলীয়া যুক্তি আগবঢ়োৱাৰ শেষত NRC ৰ ক্ষেত্ৰত OI ৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰাৰ সমান্তৰালকৈ অসমৰ ঐতিহাসিক, সামাজিক, সাংস্কৃতিক, ভৌগোলিক আদি বিভিন্ন দিশ চালি জাৰি চাই মাননীয় আদালতক প্ৰয়োজনত OI কোন হব সেই সন্দৰ্ভত সৰ্বজন গ্ৰহনযোগ্য এক সংজ্ঞাৰ লগতে OI চিনাক্তকৰনৰ ক্ষেত্ৰত এক সুনিৰ্দিষ্ট নিয়ম (Guideline) নিৰ্ণয় কৰি দিবলৈ মাননীয় আদালতত প্ৰাৰ্থনা জনায়।
অন্যহাতে অন্যান্য আবেদনকাৰী তথা চৰকাৰী পক্ষৰ অধিবক্তা সকলৰ যুক্তি শুনাৰ পিছত মাননীয় আদালতে OI সম্পৰ্কীয় আবেদন সমূহৰ শুনানী আজি সম্পূৰ্ণ কৰি ৰায়দান সংৰক্ষিত (পিছলৈ দিব বুলি) কৰা বুলি হুকুম কৰে।

উল্লেখ্য যে আজিৰ শুনানীকালত অসম চৰকাৰৰ অধিবক্তা আৰু NRC ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই NRC ৰ ক্ষেত্ৰত কি কাৰনত OI প্ৰয়োজন বুলি মাননীয় আদালতে প্ৰশ্ন কৰাত কোনো সদুত্তৰ দিব নোৱাৰাত তথা সামঞ্জস্যহীন যুক্তি আগবঢ়োৱাত মাননীয় আদালতে আজি দুয়োজনক উষ্মাৰে ভৎসনা কৰে। ৰাজ্য চৰকাৰৰ অধিবক্তাই অসমৰ মুঠ জনসংখ্যাৰ ১৫% জনজাতীয় সম্প্ৰদায়ৰ লেকে ভাৰতীয় মূল সুঁতিৰ জনগণৰ লগত মিলিব পৰা নাই বুলি অযুক্তিকৰ ভিত্তিহীন কথা মাননীয় আদালতত কোৱাত মাননীয় আদালতে এনে কথাক অগ্ৰাহ্য কৰি এনে ভিত্তিহীন বক্তব্য ভৱিষ্যতত নাৰাখিবলৈ ৰাজ্য চৰকাৰৰ অধিবক্তাজনক কঠোৰ ভাষাৰে ভৎসনা কৰাৰ লগতে সকীয়াই দিয়ে। ৰাজ্য চৰকাৰে ইমানদিনে এনে জনজাতীয় লোকসকলৰ বাবে কি কৰিলে বুলিও প্ৰশ্ন কৰে। কেন্দ্ৰীয় চৰকাৰৰ এটৰ্ণি জেনেৰেল কে কে বেণুগোপালেও OI সম্পৰ্কে কোনো সদুত্তৰ মাননীয় আদালতত আগবঢ়াব নোৱাৰিলে।

আজিৰ শুনানীকালত জেষ্ঠ অধিবক্তা কপিল ছিব্বালক অধিবক্তা ফোজাইল আহমেদ আইয়োবী, মোস্তাফা খাদ্দাম হুছেইন, আনাছ তনবিৰ, ইবাদ হুছেইন, বৰুন মিশ্ৰ, পুস্কাৰ শৰ্মাই সহযোগ কৰে।

আমি পূৰ্বৰে পৰা অভিযোগ কৰি আহিছিলো যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ কিছু দল সংগঠনে অসমীয়া ৰাইজৰ বহু প্ৰত্যাশিত NRC খন শুদ্ধ, নিকা, স্বচ্ছভাবে এক সঠিক সময়সীমাৰ ভিতৰত প্ৰকাশ কৰাটো বিচাৰি থকা নাই বা সদিচ্ছা প্ৰদৰ্শন কৰি থকা নাই। আজি মাননীয় আদালতত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, আৰু NRC ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বক্তব্যই তাকে উদঙাই দিছে। ভাৰতীয় সংবিধান, নাগৰিকত্ব আইন, ১৯৫৫ আৰু নাগৰিকত্ব অধিনিয়ম, ২০০৩ (সংশোধিত ২০০৯) মতে NRC ত অসমবাসী বৈধ ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিহে হব লাগে। অযথাই ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ লগতে সাতামপুৰুষীয়া ঐক্য সংহতি তথা ভ্ৰাতৃত্বৰ অসমীয়া সমাজত OI ৰ ধাৰনাই এক বিভাজনহে আনা পৰিলক্ষিত হৈছে। আমি আমছু আশাবাদী মাননীয় আদালতে OI ধাৰনাক বাতিল কৰি শুদ্ধ, স্বচ্ছ, বিদেশীমুক্ত কেৱল ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ অসমবাসী বৈধ ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে NRC প্ৰস্তুতকৰনত সহায়ক হোৱাকৈ এক ঐতিহাসিক ৰায় প্ৰদান কৰিব।

বিদেশীমুক্ত অসম গঢ়াৰ বাবে জাতি, ধৰ্ম, ভাষা তথাৰ ৰাজনীতিৰ উৰ্ধত আহি সকলোকে ঐক্যবদ্ধহৈ নাগৰিকত্বৰ কোনো বৈষম্যমূলক শ্ৰেণীবিভাজন সৃষ্টি নকৰাকৈ এক স্বচ্ছ আৰু শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰনত ধৈৰ্য্য আৰু সংযমৰে সহযোগ কৰিবলৈ আহ্বান জনালো ।
অহা কালিলৈ ৩০ নৱেম্বৰ, ২০১৭ ইং তাৰিখে NRCৰ খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদনৰ লগতে ভাৰত বাংলাদেশ সীমান্ত ছীল কৰা সম্পৰ্কে মাননীয় আদালতত শুনানী অনুষ্ঠিত হব।

আজিজুৰ ৰহমান
সভাপতি, আমছু
ৰেজাউল কৰিম সৰকাৰ
আইনুদ্দিন আহমেদ
সাধাৰণ সম্পাদকদ্বয়, আমছু

LEAVE A REPLY

Please enter your comment!
Please enter your name here