Home ক্ৰীড়া বাৰ্তা কলিয়াবৰত ছোৱালী আন্তঃৰাজ‍্যিক ছাব-জুনিয়ৰ হকী কাইলৈৰ পৰা আৰম্ভ

কলিয়াবৰত ছোৱালী আন্তঃৰাজ‍্যিক ছাব-জুনিয়ৰ হকী কাইলৈৰ পৰা আৰম্ভ

1
0

কলিয়াবৰত ছোৱালী আন্তঃৰাজ‍্যিক ছাব-জুনিয়ৰ হকী কাইলৈৰ পৰা আৰম্ভ

দৈনন্দিন বাৰ্তা Live@ৰূপজ‍্যোতি গোস্বামী, ২৮ জানুৱাৰী: কলিয়াবৰত কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাজ‍্যিক ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতা আয়োজনত অসম হকী সন্থাৰ আওকণীয়া মনোভাৱৰ বাবে স্থানীয় কৰ্ম-কৰ্তা বিমোৰত পৰিছে। ৰাজ‍্যিক ক্ৰীড়াক ৰাষ্ট্ৰীয় পৰ্য‍্যায়লৈ নিয়াৰ প্ৰতিশ্ৰুতি জাহিৰ কৰা চৰকাৰৰ স্বয়ং জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক গৰাকী সভাপতি ৰূপে থকা অসম হকী সন্থাৰ সভাপতি-সম্পাদকৰ লগে শীৰ্ষ পৰ্য‍্যায়ৰ বিষয়াৰ কালিলৈকে কোনো তৎপৰতা পৰিলক্ষিত নহ’ল। দেশৰ ১৭ খন ৰাজ‍্যৰ খেলুৱৈয়ে ভাগ ল’বলগীয়া প্ৰতিযোগিতাখনৰ বহিঃৰাজ‍্যৰ খেলুৱৈৰ থকা-মেলাৰ যাবতীয় ব‍্যৱস্থা সম্পূৰ্ণ নোহোৱাত অসম দলৰ লগতে ৰাজস্থান আৰু গুজৰাটকে ধৰি কেইবাখনো ৰাজ‍্যৰ খেলুৱৈয়ে নিম্নতম সুবিধাখিনিৰ পৰাও বঞ্চিত হৈছে বুলি স্থানীয় লোকে অভিযোগ তুলিছে। কলিয়াবৰৰ মিছা হাইস্কুল আৰু কুঁৱৰীটোলৰ গান্ধী খেল পথাৰত ২৯ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ প্ৰতিযোগিতাখনৰ ব‍্যৱস্থাপনাৰ দায়িত্ব ভালেমান অনভিজ্ঞ ব‍্যক্তিৰ হাতত পৰাৰ লগতে ৰাজ‍্যিক হকী সন্থাৰ সভাপতি-সম্পাদকৰ অমনোযোগীতাই সমগ্ৰ প্ৰতিযোগিতাখনৰ সফলতাৰ ক্ষেত্ৰত স্থানীয় ক্ৰীড়া প্ৰেমীক সন্দিহান কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here