Home মুখ্য পৃষ্ঠা গেলেকী সীমান্তত যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ দলে মোদী চৰকাৰে বাংলাদেশক মাটি ও...

গেলেকী সীমান্তত যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ দলে মোদী চৰকাৰে বাংলাদেশক মাটি ও ফ্ৰেমৱ’ৰ্ক চুক্তি বিৰুদ্ধীতা : স্পৰ্শকাতৰ সোণাপুৰ-বৰহুলা পৰিদৰ্শন ও ৰাজহুৱা সভা

50
0

গেলেকী সীমান্তত যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ দলে মোদী চৰকাৰে বাংলাদেশক মাটি ও ফ্ৰেমৱ’ৰ্ক চুক্তি বিৰুদ্ধীতা : স্পৰ্শকাতৰ সোণাপুৰ-বৰহুলা পৰিদৰ্শন ও ৰাজহুৱা সভা

দৈনন্দিন বাৰ্তাLIVE@সীমান্তৰ পৰা ফাৰহাণ্ লস্কৰ, গেলেকী, ২৭নবেম্বৰঃ সমগ্ৰ ৰাজ্যৰ স্পৰ্শকাতৰ সীমান্তৱৰ্তী অঞ্চল সমূহৰ লগতে শিৱসাগৰ জিলা নাজিৰা মহকুমা স্পৰ্শকাতৰ সীমান্তৱৰ্তী গেলেকীত আজি আহি উপস্থিত হ’য়হি অসম গণ পৰিষদ ৰাজনৈতিক দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ এটা প্ৰতিনিধি দল । বিশেষ দলটিয়ে স্পৰ্শকাতৰ সীমান্তৱৰ্তী শিঙিবিল, সোণাপুৰ, বৰহুলা ইত্যাদি বিবাদমান এলেকা সমূহ পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ সমস্যা সমূহক লৈ শিঙিবিল সাপ্তাহিক বজাৰ গৃহত দলটোৰ প্ৰতিনিধি বৰ্গই ৰাইজৰ হৈতে এখন ৰাজহুৱা সভাত মিলিত হয় । অসম যুৱ পৰিষদ নাজিৰা জিলা সমিতিৰ সহযোগত দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই গেলেকী সীমামূৰীয়া অসম-নাগালেণ্ড সীমান্তৰ স্পৰ্শকাতৰ অঞ্চল সমূহ পৰিদৰ্শনৰ সময়ত স্থানীয় বিবাদমান এলেকাৰ গাঁবাসীৰ সমস্যা বুজ লৈ ক্ৰমে বাট-পথ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, বিদ্যুৎ যোগান, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ, অসম আৰক্ষী বেটেলিয়ান বাহিনীৰ চাউনী সমূহ জৰাজীৰ্ণ ৰূপৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিজেপি মিত্ৰযুঁত চৰকাৰ খনৰ হৈ যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধি দলটোৰ সভাপতি সুনিল ডেকাই অতি সোনকালে সমূহ বিষয়ৰ ওপৰত প্ৰতিবেদন যুগুত কৰি দেল্লীত ৰাষ্ট্ৰপতিৰ হৈতে মিলিত হব বুলি সাংবাদিকক জানিব দিছে । তাৰোপৰি যুৱ পৰিষদে আয়োজন কৰা শিঙিবিল বজাৰ গৃহৰ ৰাজহুৱা সভাত বিবাদমান এলেকাৰ ৰাইজ তথা গেলেকী অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, সংখ্যালঘু ছাত্ৰ ইউনিয়ন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম, টাই আহোম যুৱ পৰিষদ, অসম, সদৌ অসম ছাত্ৰ সন্থা গেলেকী আঞ্চলিক সমিতিৰ একাধিক সদস্য, বিষয়ববীয়া আজি আয়োজিত ৰাজহুৱা সভাত উপস্থিত থাকি অনাগত দিনত আহি থকা সীমা সমস্যাৰ ওপৰত সৱল ভাৱে মতামত আগবঢ়াই । উল্লেখ্য যে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক তুলসী গগৈয়ে নিজা ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নেতৃত্বাধীন বিজেপি মিত্ৰযুঁত চৰকাৰ খনে পূৰ্বতে বাংলাদেশক অসমৰ মাটি গতাই দি পুনৰ আকৌ এন এচ চি এন নগা বাহিনীৰ হৈতে গুপনে কৰা ফ্ৰেমৱ’ৰ্ক চুক্তি খনৰ বিৰুদ্ধীতা কৰি চুক্তিখন ৰাজহুৱা কৰাৰ দাবী তুলে । যদিও গগৈয়ে সীমান্তবাসীক আস্থা দি চৰকাৰৰ এনে কাণ্ডৰ পক্ষত একমত নোহোৱাৰ সিদ্ধান্তৰে বাংলাদেশৰ কোনো হিন্দু নাগৰিককে অসমত প্ৰশ্চয় নিদিয়াৰ ৰাইজৰ হৈতে ৰাজহুৱা সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । অনাগত সময়ত সমূহ বিষয় মহামান্য চুপ্ৰীম কৰ্টে ৰাজ্যবাসীৰ সকে লোৱা সিদ্ধান্তক আদৰণি জনোৱাৰ আশা কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here