অসমৰ স্বাধীনতা আন্দোলনত প্ৰথম পতাকা উৰুৱা চতিয়াৰ সাহসী যোদ্ধাজন

Spread the love

Sharing is caring!

অসমৰ স্বাধীনতা আন্দোলনত প্ৰথম পতাকা উৰুৱা চতিয়াৰ সাহসী যোদ্ধাজন

  • ৮৬ বছৰীয়া ইতিহাসে আজিও ৰিঙিয়াই চতিয়াবাসীক
  • আজিও স্বীকৃতি নাপালে ভুমিধৰ বৰদলৈয়ে

 

দৈনন্দিন বাৰ্তা Live@(হেমাংগ হাজৰিক) চতিয়া:- ভাৰতৰ স্বাধীনতা আন্দোলনে চতিয়াতো তীব্ৰৰূপ লৈছিল৷ সুসংবদ্ধ,সুশৃংখলিত শাসনৰ মাজত থকা চহকী পৰম্পৰাৰ এই এলেকাটোৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ বাধ্য হৈছিল ব’গা চাহাব সকল৷ ১৯৩০ চনৰ লোন আইন ভংগ আৰু ১৯৩২ চনৰ আইন অমান্য আন্দোলনত চতিয়াই গৌৰৱ পূৰ্ন ভূমিকা গ্ৰহণ কৰিছিল৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত চতিয়াৰ বগলীবাৰীৰ ঔখোৱা বাকৰিত বিপুল সংখ্যক স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দিয়া হৈছিল৷ সেই ঔখোৱা বাকৰিতে আগৰৱালাই কছাৰী গাঁৱৰ গানমাষ্টৰ গোলোক শইকীয়াক লগতলৈ সুৰ তুলিছিল “বিশ্ব বিজয়ী নৱজোৱান” গীতটোৰ৷ সেই সুৰ আৰু দেশ ভালপোৱাৰ আৱেগ তথা দেশপ্ৰেমত উথলি উঠা তেজৰ পিৰপিৰণিত মানুহবোৰ হৈ পৰিছিল দুৰ্দান্ত সাহসী৷ হুংকাৰ দিছিল বৃটিছ সাম্ৰাজ্যবাদক৷ ঔখোৱা বাকৰিত এমাহজোৰা প্ৰশিক্ষণৰ অন্তত আগৰৱালাই প্ৰশিক্ষাৰ্থীসকলক প্ৰশ্ন কৰিলে “আমি যদি তেজপুৰ কাছাৰী ঘৰৰ ওপৰত আমাৰ পতাকা উত্তোলন কৰো কেনে হয়?” আগৰৱালাই পুনৰ প্ৰশ্ন কৰিলে তেন্তে কামটো কোনে কৰিব নিজে আগবাঢ়ি আহকচোন৷ situation pin drop silent.তেনেতে এজন চফল ডেকা আগবাঢ়ি আহি কলে, “মইয়ে পাৰিম৷”আগৰৱালাই পুনৰ ক’লে আপুনি ৰাতিটো ভালদৰে ভাবি চাওক, কাইলৈ মোক জনাব৷ পিচদিনা ডেকাজনে আহি ক’লে মই সম্পূৰ্ণ সাজু৷ পুনৰ বাৰ আগৰৱালাৰ ভাষ্য আপুনি কথা এবাৰ ভালকৈ ভাবি চাওক ৷ আপোনাক যদি গুলীয়াই মাৰে৷ সাহসী ডেকাজনৰ উত্তৰ “কুচ পৰোৱা নাই ৷মৰিলে মৰিম দেশৰ কাৰণহে মৰিম৷মৰিলেও স্বৰ্গতে স্হান পাম৷” 

১৯৩২ চনৰ ১৮ মাৰ্চ ,

স্হান- তেজপুৰ কাছাৰী ঘৰ…..৷

          সময় তেতিয়া দিনৰ বাৰ বাজিছে৷ কাছাৰীত সকলো ব্যস্ত৷ বৰ হাকিমৰ আদালতৰ খটখটীৰ ওচৰতে বহি আছে দুজন ককাই ভাই৷ মাজে মাজে দুয়োজনলৈ জিলা অধিনায়কৰ পৰা গোপনীয় সংকেতবোৰ আহি আছে৷ ইফালে তেজপুৰ বৰজেল,পগলা জেল আৰু ট্ৰেজাৰীৰ কাঁহত এটা বজাৰ ঘন্টা বাজি উঠিছে৷ আকৌ signal — এইবাৰ সাজু হোৱা৷ কাঁহত এক বজাৰ কোৱ পৰালৈ অপেক্ষা কৰি থকা তিনিও জন আগবাঢ়ি গৈ বৰচাহাব বহা কোঠালীৰ পিঠি ফালে থকা জখলাটোৰ ওচৰত থিয়দি চাৰিওফালে এবাৰ দৃষ্টি নিক্ষেপ কৰিলে৷ বৰজনে খদ্দৰ ধূতিখন খুলি ভায়েকৰ হাতলৈ দিয়াৰ লগে লগে তলত পিন্ধি থকা কংগ্ৰেছৰ হাফপেন্ট আৰু হাফচাৰ্টটো ওলাই পৰিল৷ জেপৰ পৰা টুপীটো উলিয়া পিন্ধি মোনাত থকা পতাকাখন চাই সাজু হৈছে৷ তেওঁৰ ওপৰত ন্যস্ত থকা দায়িত্বৰ কথা স্মৰণ কৰি ঈশ্চৰক চিন্তি এখোজ-দুখোজ কৰি আগবাঢ়ি জখলাটোৰ তলৰ কাঠচটাত ভৰি দিলেগৈ৷ অকনো সময় নষ্ট নকৰাকৈ বিজুলী গতিৰে জখলাৰ টিঙত উঠি তাত থকা বৃটিছ জেক নমাই চকু পচাৰতে কংগ্ৰেছৰ ত্ৰিবৰ্ণ পতাকা উৰুৱাই “মহাত্মা গান্ধী কী জয়,ভাৰত মাতা কী জয়”,”বন্দে মাতৰম “ ধ্বনিৰে মুখৰিত কৰি তোলে কাছাৰী৷ তেওঁ জয়ধ্বনিত গোটেই কাছাৰী ঘৰ বিনামেঘে ব্ৰজপাত পৰা যেন হ’ল৷ চিপাহী-চন্তৰী ভয়ত ত্ৰস্তমান৷ পগলা ঘন্টা বাজি উঠিল, চাৰিওফালে হাহাকাৰ পৰিস্হিতি,ৰিজাৰ্ভৰ বন্দুকধাৰী পুলিচ আহি উপস্হিত হ’ল জখলাৰ তলত৷ গ্ৰেপ্তাৰ কৰা হ’ল সেই অদম্য সাহসী, দেশপ্ৰেমিক যুৱকজনক৷মোকৰ্দমা চলিল তেওঁৰ ওপৰত ৷ অৱশ্যে সেই সময়ত অনদা পদ্মাৱতী নামৰ এজন উকীলে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই এনে কাৰ্য কৰা বুলি পতিয়ন নিয়াত ডেকাজনক চাৰি ঘন্টা আটক কৰি মুক্তি দিয়ে৷ইফালে ডাক বঙলাৰ সন্মূখত জ্যোতি প্ৰসাদ আগৰৱালাই কেইজনমান ভলন্টিয়াৰৰ সৈতে বৰদলৈৰ কাৰণে ৰৈ আছিল সেই খিনি পোৱাৰ লগে লগে আগৰৱালাই ডেকাজনক আকোৱালী ধৰি বিখ্যাত পকীঘৰলৈ লৈ গৈছিল৷ অদ্যম সাহসী,মৃত্যুলৈ ভয় নকৰি কাছাৰীত পতাকা উৰুৱা সেই ব্যক্তিজনেই হৈছে চতিয়া মালৰ গাঁৱৰ ভূমিধৰ বৰদলৈ৷ সেই সময়ত ভাৰতবৰ্ষৰ তথা অসমত পতাকা উৰুৱা এইটোৱেই প্ৰথম ঘটনা৷ কিন্তু পৰিতাপৰ বিষয় দুসাহসিকতাৰ পৰিচয় দিয়া এই স্বতন্ত্ৰ সোনানীজনে স্বাধীনতাৰ পাচতো কোনো ৰাজনৈতিক স্বীকৃতি নাপালে৷ স্বাধীনতাৰ পাচত তেখেতৰ কংগ্ৰেছৰ প্ৰতি মোহভংগ হয় আৰু কমিনিষ্টৰ প্ৰতি আকৰ্ষিত হয়৷ হয়তো এই কাৰণৰ বাবেও সেই সময়ত তেওঁ প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল৷ চৰকাৰী ভাবে স্বীকৃ়তি নাপালেওঁ ভূমিধৰ বৰদলৈ সদায় চতিয়াবাসীৰ নায়ক হৈ থাকিব৷আজিৰ পৰা ৮৬ বছৰ আগতে তেজপুৰ কছাৰী ঘৰত পুলিচ মিলিটাৰীৰ আগতে পতাকা উত্তোলন কৰাটো কম সাহসৰ কথা নাছিল৷ সেই ইতিহাসে আজিও ৰিঙিয়াই চতিয়াবাসীক ।

Related posts

Leave a Comment