সৰস্বতী পূজাৰ বিতৰ্ক

Spread the love

Sharing is caring!

সৰস্বতী পূজাৰ বিতৰ্ক

বিতৰ্ক ! অসমীয়া জাতিৰ এক পৰিচিত শব্দ । আচৰিত হ’বৰ সকাম নাই । হয়, মই ঠিকেই কৈছো, অসমীয়া সকলেই হৈছে আটাইতকৈ বিতৰ্কিত লোক । যি কোনো এটা বিষয় পোৱাৰ লগে লগে টানি আনো মাথো বিতৰ্কলৈ । গঠনমূলক সমালোচনাই ভুল-ক্ৰটি বিচাৰ কৰি গঠনমূলক দিশত আগবাঢ়িবলৈ পথ মসৃণ কৰে । কিন্তু অযথা বিতৰ্কই কৰি তোলে পংগু । পিছোৱাই নিয়ে আমাৰ সমাজ ব্যৱস্থাক ।
         সময় গতিশীল, এই গতিশীল সময়ৰ লগত খাপ খাবলৈ আমি এৰা ধৰাৰ মাজেৰে আগবাঢ়িব লাগিব । ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাইও যদি অসমীয়া ৰক্ষনশীল সমাজ ব্যৱস্থালৈ অযথা ভয় কৰিলেহেঁ‌তেন তেতিয়া আমাৰ অসমীয়া চিনেমা উদ্যোগটোও কিমান বছৰ পিছোৱাই থাকিলহেঁ‌তেন সেই কথা কল্পনাৰো অগুচৰ ।
          এতিয়া আহিছো হৈ যোৱা সৰস্বতী পূজা বিতৰ্কলৈ । যোৱা কেইবা বছৰ মানৰ পৰা সৰস্বতী পূজা অহাৰ লগে লগে এক অৰ্থহীন বিতৰ্কই সমাজত ঠাই পাইছে । সেয়া হৈছে সুন্দৰী প্ৰতিযোগিতা বিৰ্তক । সৰস্বতী পূজাৰ দিনা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ৰণত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আটক – ধুনীয়াকৈ সাজ-পাৰ পৰিধান কৰি বাগদেৱী সৰস্বতীৰ চৰণত সেৱা আগবঢ়োৱাতো পৰম্পৰাৰ লেখিয়াকৈ চলি আহিছে । কিন্তু যেতিয়াৰ পৰা অসমীয়া টেলিভিচন চেনেলত সেই দিনটোত সুন্দৰী যুৱতী নিৰ্বাচনৰ প্ৰতিযোগিতাখন আয়োজন কৰিলে তেতিয়াৰ পৰাই যেন লাগিল কেনা । দুই-এক তথাকথিত বুদ্ধিজীৱিয়ে বাতৰি-কাকত, দূৰদৰ্শন তথা ফেচবুক, হোৱাটছ এপ আদি চ’চিয়েল মাধ্যমত ইমানেই কটু সমালোচনা কৰিলে,ছোৱালী সকলে চাদৰ-মেখেলা পিন্ধি উলাবলৈও সংকোচ কৰা হ’ল । এতিয়া আহিছো এই প্ৰতিযোগিতাখন মই ব্যক্তিগতভাৱে কিয় সমৰ্থন কৰো, সেই দিনটোত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিশেষকৈ গাভৰু সকলে নিজা নিজা সাজপাৰ, আ-অলংকাৰ পিন্ধি নিজকে ধুনীয়াকৈ সজায় । অন্ততঃ এটা দিন প্ৰতিগৰাকী গাভৰুৱে ছুটী কাপোৰ পিন্ধাৰ পৰা বিৰত থাকে । এইখিনিতে জনাই থোৱা ভাল হ’ব যে মই ছুটী কাপোৰ পিন্ধাৰ বিৰুধী নহয় দেই ।এই বিষয়ে পিছলৈ এৰিলো । এই ধুনীয়া সাজোন-কাচোনেৰে লাহী-পাহী ভংগিমাৰে খোজ কাটল সঁ‌চাকৈয়ে বৰ মনোমোহা । এই মনোমোহা ৰূপটো টেলিভিচন চেনেলত নিদিব’ই বা কিয় ? ইয়াৰ জৰিয়তে আমি প্ৰতিটো জাতি-জনগোষ্ঠীৰে সাজ-পাৰ, আ-অলংকাৰ দেখিবলৈ পাইছো ।কেবল আমি অসমীয়াইহে দেখিছোনে? ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন কোণলৈ আমাৰ সাজপাৰ, আ-অলংকাৰবোৰ বিয়পি যোৱা নাই জানো ?  সৰস্বতী পূজাৰ জৰিয়তে আমাৰ চাদৰ-মেখেলাৰ এক ব্যাপক প্ৰচাৰ হোৱা নাই জানো , তেন্তে আমি সমালোচনা কৰিছো কিয় ?
          বহুলোকে কৈছে আমি সুন্দৰী প্ৰতিযোগিতা পতাৰ নামত দুখীয়া গাভৰু সকলৰ মনত আঘাত হানিছো । যি সকলৰ এযোৰ পাটৰ কাপোৰ, এলোতা সোণৰ গহনা কিনাৰ সামৰ্থ নাই তেওঁলোকক লৈ আমি বহুৱালি কৰিছো । যি সকলে এই যুক্তি আগবঢ়াইছে তেওঁলোকেই হৈছে সুন্দৰৰ অৰ্থ নজনা আটাইতকৈ মূৰ্খ সমালোচক । আমি পাট-মুগাৰ কাপোৰ পিন্ধিলিহে সুন্দৰী হ’ম নেকি? সোণৰ গহনাইহে আমাক সুন্দৰী কৰি তুলিব নেকি? আমি প্ৰতি গৰাকী অসমীয়া সাংস্কৃতিক ভাৱে চহকী, আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে তাঁ‌তশাল আছে । এই তাঁ‌তশালত বোৱা এযোৰ পৰিস্কাৰ কাপোৰ (নতুন বুলি কোৱা হোৱা নাই) প্ৰতিগৰাকী অসমীয়া গাভৰুৰ আছে বুলি আমি নিশ্চিত  । অসমীয়া প্ৰতিগৰাকী গাভৰুৱে দুহাতত ল’ব পৰাকৈ জেতুকা পাতৰ অভাৱ বৰ্তমানলৈ হৈছে বুলি মোৰ মনে ধৰা নাই । খোপাত গুজি ল’বলৈ এপাহি ফুলৰ অভাৱ হৈছে বুলি ভৱাতো আপোনালোকৰ দৈন্যতা । গাভৰু মানেই সুন্দৰ, এই সুন্দৰতাক পৰিপূৰ্ণ ৰূপ দিয়ে পৰিপাটীয়ে । তেওঁলোকক সুন্দৰভাৱেই থাকিবলৈ দিয়ক । অযথা বিতৰ্কলৈ টানি অনাতো গৰিহনাৰহে যোগ্য ।
          এচামে ক’ব খোজে কেৱল লাহ-বিলাহেই পূজা নহয় । অন্তৰৰ পৰা ভক্তি থাকিলেহে পূজা সাৰ্থক হ’ব, তেওঁলোকৰ থাকিব লাগিব জ্ঞান । জ্ঞানশূন্য হৈ সাজি কাঁ‌চি পূজালৈ অহাৰ অৰ্থ নাই । হয়, আপুনি ঠিকেই কৈছে, কিন্তু আমি কিয় ভাবি লৈছো প্ৰতিগৰাকী সুন্দৰীয়েই গুণৱতী হ’বই লাগিব । আমি বুজি পালো।আপোনালোকৰ ৰূপ আৰু গুণৰ সম্পৰ্কে থকা বৌদ্ধিক দৈন্যতা । এই সম্পৰ্কে এজন সমাজ সচেতন ব্যক্তি বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে এটি সুন্দৰ বক্তৃতা দাঙি ধৰিছিল, তেওঁ এটি উদাহৰণত কৈছে, “এখন গ্ৰন্থমেলাত যি দৰে চানা, বাদাম, মনোহাৰী সামগ্ৰীৰ দোকানে গ্ৰন্থমেলাৰ মূল কৰ্মত ক্ষতি নকৰে ঠিক একেদৰে পূজাৰ মেলা সদৃশ পৰিৱেশটোৱেও ইয়াৰ আধ্যাত্মিক ৰূপটোত আঘাত নকৰে ।”
          আজিকালি সকলোতে নিজক জাহিৰ কৰাৰ প্ৰতিযোগিতা । কোনোৱে যদি সপক্ষে যুক্তি অন্য কোনোৱে বিপক্ষে যুক্তি দিয়াতো তেনেই সাধাৰণ । এই দুই পক্ষৰ মাজত আমি নিজেই নিজৰ বিচাৰ কৰিব পৰাতোহে হ’ব বুদ্ধিমানৰ কাম । এই বেলি সৰস্বতী পূজাতেই ইয়াৰ স্বাক্ষুস প্ৰমাণ, দুটা মান টেলিভিচন চেনেলত পূৰ্বৰ দৰে প্ৰতিযোগিতা আৰম্ভ কৰিলে যদিও দুটামানে কিন্তু নিজকে ধুৱা তুলসীৰ পাত সজাই বিৰত থাকিল এই প্ৰতিযোগিতাৰ পৰা । কিন্তু এবাৰলৈও ভাবি নাচালে ইয়াৰ সু-ফল কিম্বা কু-ফল । শেহতীয়াকৈ মদৰ দোকানত দুজনী ছোৱালী ঠিয় হৈ থকা এখন আলোকচিত্ৰইও বিতৰ্কৰ সৃষ্টি কৰিছে সৰস্বতী পূজাৰ দিনাই ।
          আমেৰিকা, জাপান আদি দেশৰ ৰাষ্ট্ৰীয় পতাকাখন আমি ভাৰতীয় কিম্বা অসমীয়া প্ৰত্যেকেই চিনি পাঁ‌ও, কিন্তু আমাৰ ভাৰতৰ পতাকাখন কিম্বা অসমীয়াৰ গামোচাখন সেইবোৰ দেশৰ সৰু সৰু ৰাজ্যবোৰত চিনাকি হয়নে? নিশ্চয় নহয়, কাৰণ আমেৰিকা, জাপান আদি দেশৰ পতাকাবোৰ আমি ৰুমাল,টি-চাৰ্ট, পেণ্ট আদিত খোদিত কৰাই ব্যৱহাৰ কৰিছো । তেওঁলোকে কোনোদিন বিতৰ্ক কৰা নাই যে, আমাৰ ৰাষ্ট্ৰীয় পতাকাৰে ভাৰতীয়ই ঘাম মুচিছে । কিন্তু আমাৰ গামোচাখন চকীত পাৰি বহাক লৈয়ে যি বিতৰ্ক সেই বোৰ দেখি শুনি তেওঁলোকেও ছাগে মনে মনে ভাবে বাঘৰ নেগুৰেৰে কেলেই কাণ খজুৱাও ।
          বৰ্তমান সময়ত এক শক্তিশালী মাধ্যম হৈছে চ’চিয়েল মাধ্যম । এই চ’চিয়েল মাধ্যমত ঘৰতে বহি বহি অযথা কথাৰে কাৰোবাৰ মনত আঘাত হনাতো তথা সমালোচনাৰ নামত নেতিবাচক মন্তব্য দিয়াতো এক সাধাৰণ কথা । এই সমূহ লোকেই হৈ পৰিছে সমাজৰ আটাইতকৈ ক্ষতিকাৰক । এই লৈ ৰাষ্ট্ৰীয় টেলিভিচন চেনেল এম. টি. ভি. (M TV) য়ে এক সুন্দৰ সাপ্তাহিক অনুষ্ঠান প্ৰচাৰ কৰিছে । য’ত দেখা গৈছে সদায়েই চ’চিয়েল মাধ্যমত সন্ত্ৰাসৰ সৃষ্টি কৰি থকা জন সোঁ‌শৰীৰে এজন বেঙে মুতা গৰুহে ।

লেখক – দিগন্ত কুমাৰ বড়া
শিক্ষক(ভূগোল বিভাগ)
ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আজাৰা
ভ্ৰাম্যভাষ – ৯৬১৩৬-৯৬১৪৬

Related posts

Leave a Comment