Home পৰ্যটন চৌদিশে এতিয়া বনভোজৰ জোৱাৰ….

চৌদিশে এতিয়া বনভোজৰ জোৱাৰ….

1
0

সমাগত : প্ৰকৃতিৰ  কুঁৱলীৰ মায়াজাল ফালি চৌদিশে এতিয়া বনভোজৰ জোৱাৰ ::

                                                                                                                                             দেৱজিৎ গগৈ

দৈনন্দিন বাৰ্তাLive@    চাওঁতে চাওঁতে এটা বছৰে মেলানি মাগিলে বহু সুখ –  দুখ হাঁহি – কান্দোনৰ মাজেৰে অতীতৰ বুকুত সোমাই পৰিল বছৰটো পুৰণি হৈ পৰিল অনেক ভাল – বেয়া ক্ৰতি বিচ্যুতিৰ কথা । অলেখ অশুভৰ মাজতে অনেক প্ৰেৰণা দায়ক স্মৃতিও বছৰটোৱে এৰি যায় ভৱিষ্যতৰ বাবে । যিবোৰৰ স্মৰণে ভৱিষ্যতৰ বাবে ইতিহাসৰ পাত ৰঞ্জিত কৰে । আকৌ কিছুমান সোণালী আখৰেৰে ইতিহাস ৰচাৰ সমল হৈয়ো থাকি যায় যুগ – যুগান্তৰলৈ অতীত হবলৈ ধৰা বছৰটোক হাজাৰ চেষ্টা কৰিও ধৰি ৰাখিব পৰা নাযায় । সময় গতিশীলতাক বাধা দি কোনেও ৰাখিব নোৱাৰে । আৰু মাজত মাথোঁ এটা দিনৰ অপেক্ষাত অন্ততঃ ২০১৭ চনটি বুৰঞ্জীত কেৱল স্মৃতি হৈ ৰ’ব । আৰম্ভ হব বহু প্ৰত্যাশিত ২০১৮ । ইংৰাজী নতুন বছৰ আৰু নতুন দিনৰ হেঙুলী সূৰ্যোদয়  । নতুন বছৰৰ আদৰণি পৰত নানা তৰহেৰে ৰং ৰহস্য কৰি ইয়াৰ এক উৎসৱ মূখৰ পৰিবেশৰ মাজলৈ লৈ যায় । যিয়ে সকলোকে প্ৰাণ প্ৰাচুৰ্যময় কৰি তোলে । নতুন আশা – আকাংক্ষাবোৰ সকলোৰে মন উদ্বেলিত কৰি তোলে । ৰোমাণ্টিক হৈ পৰে সকলো আৱেগ অনুভূতি মনৰ মাজত নিৰ্বাসন হওক দুখৰ ৰাতিবোৰ নতুন বছৰত তথাপি দুৱাৰমুখত ইংৰাজী নৱবৰ্ষৰ । নৱবৰ্ষক বিভিন্ন ধৰণে ৰং ৰহস্য মাজেৰে আদৰণি জনাবলৈ এতিয়া সাজু সকলো । শীতৰ সেমেকা নিৰিবিল প্ৰকৃতিৰ কুঁৱলীৰ মায়াজাল ফালি চৌদিশে এতিয়া বনভোজৰ জোৱাৰ । শীতৰ শেতেলী এৰি ৰ’দ কাঁচলিৰ উমৰ মাজত জনতাই ভিৰ কৰেগৈ বিভিন্ন ঠাই । চৰাইদেউ জিলাৰ আহোম ৰাজত্বৰ চৰাইদেউ চুকাফাক্ষেত্র অথবা ডিব্ৰুগড় জিলাৰ বগিবিল আদি ঠাইত চৌপাশে কেৱল বনভোজৰ সুগন্ধি ।
     আগন্তুক নতুন বৰ্ষটোৱে আমাৰ সকলোৰে বাবে কঢ়িয়াই আনক ঐক্য , সম্প্ৰতি আৰু ভাতৃত্ববোধৰ ভাব । যাতে সকলোৱে কামনা কৰা শান্তিময় পৰিবেশৰ পৃথিৱীখন ঘূৰাই পাব পাৰে । 

                                                                                                                                                     দেৱজিৎ গগৈ ( টিংখাং )
                                                                                                                                                 মোবাইল# 7086440686

LEAVE A REPLY

Please enter your comment!
Please enter your name here