ডাম্পাৰৰ খুন্দাত আহত ইনজামুল গুৱাহাটীত চিকিৎসাধীন

Spread the love

Sharing is caring!

ডাম্পাৰৰ খুন্দাত আহত ইনজামুল গুৱাহাটীত চিকিৎসাধীন

দৈনন্দিন বাৰ্তা LIVE@ছাদিকুজ জামান মোৰাঝাৰ, ১৫ ফেব্ৰুৱাৰী 

হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত কপাহবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে এখন তীব্ৰবেগি ডাম্পাৰে এজন ২৬ বছৰীয়া বাইক আৰোহীক মহতিয়াই আহত কৰিছিল।ঘটনাস্থলীত আমছুৰ নেতা উপস্থিত হৈ বাইক আৰোহীজনক সংকটজনক অৱস্থাত হোজাইৰ হাম হস্পিতাললৈ প্ৰেৰণ কৰিছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী দিছপুৰ  চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। দূৰ্ঘটনাত পতিত হোৱা ইনজামুল হক  শিৱপুৰ ৰফিক উদ্দিনৰ পুএ সাম্প্ৰতিক সংকজনক অৱস্থাত আছে।উল্লেখযোগ্য যে ডাম্পাৰৰ মালিক খাইৰুল ইছলাম |পৰিয়ালৰ লোকে এই ঘটনা ৰহস্যজনক বুলি সাংবাদিকক জানিব দিয়ে|ঘটনাৰ পিছতে ৰাইজে ডাম্পাৰৰ চালকৰ বিৰুদ্ধে এক প্ৰতিবাদ সাব্যস্ত কৰি হোজাই জিলা প্ৰশাসনক ৰাস্তাত ডাম্পাৰৰ অতপালি ৰোধ কৰিবলৈ দাবী জনাইছে ।

Related posts

Leave a Comment