Home ৰাজনীতি ঢেকীয়াজুলিত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা

ঢেকীয়াজুলিত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা

1
0

ঢেকীয়াজুলিত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা :

  • পঞ্চায়ত এলেকাত নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত কৰিছে সঘনাই

দৈনন্দিন বাৰ্তা Live@বৰছলাৰ পৰা পবিত্ৰ কুমাৰ দাসৰ ৰিপৰ্টঃ ১৩ মাৰ্চঃ ঢেকীয়াজুলি বিধান সভা সমষ্টিত শাসক দল বিজেপিয়ে আগন্তক পঞ্চায়ত নিৰ্বাচনকলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ।বৰ্ত্তমানে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও দলে কিছু আগতীয়াকৈ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰা দেখা গৈছে ।বিশেষকৈ সমষ্টিটোৰ অন্তৰ্গত পানবাৰী জিলা পৰিষদ সমষ্টিত দলীয় নেতা কৰ্মী সকলে জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত গোটেই কেইটা পঞ্চায়ত দখলৰ বাবে ব্যাপক তৎপৰতা চলোৱা দেখা গৈছে ।দলীয় নেতা -কৰ্মী সকলে সঘনাই সভা -সমিতি অনুষ্ঠিত কৰি ৰাইজৰ পৰা ভোট আদায় বাবে উঠিপৰি লাগিছে ।জনা মতে কালি জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত চাৰিটা পঞ্চায়ত এলকোত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত কৰাৰ পিছত আজি পাচটা পঞ্চায়ত এলেকাত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।পশ্চিম ঢেকীয়াজুলি মন্ডল বি জে পি ৰ সভাপতি প্ৰকাশ তাঁতীৰ সভাপতিত্বত আজি চপাই, ভোটপাৰা, পানবাৰী, বাতাচীপুৰ আৰু চেনিমাৰীকে ধৰি পাচখন পঞ্চায়ত এলেকাত নিৰ্বাচনী সভা অনুষ্ঠিত হয়।এই নিৰ্বাচনী সভা সমূহত সমষ্টিটোৰ বি জে পিৰ জেষ্ঠ নেতা তথা ৰাজ্যিক বি জে পিৰ চাহ মৰ্চাৰ প্ৰাক্তন উপ সভাপতি তৰুণ চাহু,পশ্চিম মন্ডল বি জ পিৰ উপ সভাপতি হৰকান্ত বৰা, চন্দ্ৰ শেখৰ ৰয়,সাধাৰণ সম্পাদক প্ৰবীন কলিতা আৰু মাজৰৌমাৰী গাঁওপঞ্চায়তৰ সভাপতি যোগেশ বড়ো উপস্থিত থাকি ভাষণ ৰাখে ।তেওঁলোকে পঞ্চায়ত এলেকাৰ লগতে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত বি জে পিৰ প্ৰাৰ্থীক আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট দিবৰ বাবে ৰাইজক আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here