Home ৰাজনীতি ঢেকীয়াজুলিত ভোটাৰ পৰিচয় পত্ৰত বিভ্ৰান্তিঃনিৰ্বাচন আয়োগৰ কাৰ্যত ক্ষুদ্ধ যুৱ-ছাত্ৰ পৰিষদঃশুধৰণিৰ দাবী

ঢেকীয়াজুলিত ভোটাৰ পৰিচয় পত্ৰত বিভ্ৰান্তিঃনিৰ্বাচন আয়োগৰ কাৰ্যত ক্ষুদ্ধ যুৱ-ছাত্ৰ পৰিষদঃশুধৰণিৰ দাবী

1
0

ঢেকীয়াজুলিত ভোটাৰ পৰিচয় পত্ৰত বিভ্ৰান্তিঃনিৰ্বাচন আয়োগৰ কাৰ্যত ক্ষুদ্ধ যুৱ-ছাত্ৰ পৰিষদঃশুধৰণিৰ দাবী

দৈনন্দিন বাৰ্তাLive,পবিত্ৰ কুমাৰ দাস,ঢেকীয়াজুলি,১৪মাৰ্চঃ ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰোক্ষ পৰিচালনাত নাগৰিকক দিয়া ভোটাৰ পৰিচয় পত্ৰত সংঘটিত নাভূত নাশ্ৰুত কাণ্ডই সকলোকে হতচকিত কৰি তুলিছে৷ভাৰত চৰকাৰৰ স্বতন্ত্ৰ বিভাগ নিৰ্বাচনী বিভাগে কোটি -কোটি টকা ব্যয় সাপেক্ষে ভোটাৰ তালিকাকে ধৰি নাগৰিকৰ ভোটাৰ পৰিচয় পত্ৰ আদি নিখুঁত ভাবে সম্পাদন কৰিছে যদিও ভোটাৰ তালিকা আৰু ভোটাৰ পৰিচয় পত্ৰত ব্যাপক বিভ্ৰান্তি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বৰছলা বিধান সভা সমষ্টিৰ শান্তিপুৰ গাঁৱত অৰ্ধেক সংখ্যক লোকৰ ভোটাৰ পৰিচয় পত্ৰৰ  নম্বৰ ইন্টাৰনেটত চাৰ্চ কৰিলে সেই নম্বৰত অন্য লোক নাম সন্নিবিষ্ট হৈ থকাত স্বাভাৱিকতে শান্তিপুৰ গাঁৱৰ লোক সকল চিন্তিত হৈ পৰিছে৷গাঁৱ খনৰ বহু লোকৰ ভোটাৰ পৰিচয় পত্ৰ ইন্টাৰনেটত সেই ভোটাৰ কাৰ্ডৰ নম্বৰত চাৰ্চ কৰোতে বেলেগ লোকৰ নাম উল্লেখ থকাটো স্পষ্ট হৈ পৰাৰ পিছত গাঁও খনৰ লোক সকল বিভ্ৰান্তিত পৰিব লগা হৈছে৷জানিব পৰা মতে নিৰ্বাচন আয়োগে দিয়া ৰিজুমনি কলিতাৰ প্ৰকৃত ভোটাৰ পৰিচয় পত্ৰ খন তেঁওৰ লগতে আছে যদিও ইন্টাৰনেটত সেই ভোটাৰ পৰিচয় খন এল এবি মুছাহাৰি নাম সন্নিবিষ্ট হৈ আছে৷একেদৰে জীতেন কলিতাৰ নামৰ চিএফএন নম্বৰৰ  ডাউকা মুছাহাৰী,কুলেন মেধিৰ নামটো মনিৰাম দৈমাৰী,ববিতা কলিতাৰ ঠাইত মনিৰাম বসুমতাৰীৰ নামৰ লগতে গাঁৱ খনৰ বহু লোকৰ ভোটাৰ পৰিচয় পত্ৰ খন  ইন্টাৰনেটত অন্যলোকৰ নামত হে সন্নিবিষ্ট আছে৷উল্লেখ্য যে এই সকল লোকে তেঁওলোকৰ ভোটাৰ পৰিচয় পত্ৰ লগত আছে আৰু প্ৰয়োজন অনুসাৰে সেই পৰিচয় পত্ৰ খন ব্যৱহাৰ কৰি আহিছে যদিও ইন্টাৰনেটত অন্য লোকৰ নাম হৈ আছে৷ঢেকিয়াজুলিত ভোটাৰ পৰিচয় পত্ৰত সংঘটিত বিভ্ৰান্তিত ঢেকীয়াজুলি আঞ্চলিক যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক বৰুৱাই তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি তদন্ত কৰাৰ লগতে শুধৰনি ।
দাবী জনায়৷
 

LEAVE A REPLY

Please enter your comment!
Please enter your name here