Home মুখ্য পৃষ্ঠা ঢেকীয়াজুলিৰ ৰাজপথত নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকৰ বিৰুদ্ধে ...

ঢেকীয়াজুলিৰ ৰাজপথত নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকৰ বিৰুদ্ধে  এনফৰ্চমেন্টৰ অভিযান

50
0

ঢেকীয়াজুলিৰ ৰাজপথত নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকৰ বিৰুদ্ধে  এনফৰ্চমেন্টৰ অভিযান

  • জৰিমনা বিহাৰ লগতে জব্দ কৰিলে বহু যান বাহন

 

দৈনন্দন বাৰ্তাLive@(পবিত্ৰ কুমাৰ দাস) ঢেকীয়াজুলিঃ১৪মাৰ্চঃ
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰত আৰক্ষী আৰু যান বাহন নিয়ন্ত্ৰন শাখা
আৰক্ষীৰ নিষ্ক্ৰীয়তাৰ সুযোগতে দীৰ্ঘদিনৰ পৰা নথি-পত্ৰ বিহীন অটো,মেজিক ,উইংগাৰ আদিকে ধৰি যান বাহন চলাচল কৰি অহাৰ লগতে আইন ভংগকাৰী চালকৰ বাবেই চহৰ খনত তীব্ৰ যানজঁটৰ সমস্যা আৰু বিভিন্ন অবৈধ কৰ্ম কাণ্ডও সংঘটিত হৈ আহিছে৷প্ৰশাসনৰ দুৰ্বলতাৰ বাবে নথি -পত্ৰ বিহীন গাড়ীয়ে চহৰ খনত টিঘিল- ঘিলাই আছিল৷নথি পত্ৰ বিহীন যান বাহন আৰু আইন ভংগকাৰী চালকক লেকাম লগাব পৰা নাছিল ঢেকিয়াজুলিৰ যান বাহন নিয়ন্ত্ৰন শাখা আৰক্ষীয়ে৷ এই সন্দৰ্ভত স্থানীয় বিভিন্ন সংগঠনৰ হেচাত আজি ঢেকীয়াজুলি চহৰৰ মাজ মজিয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰবত্তৰ্ক পৰিদৰ্শক(এনফৰ্চমেন্ট), জিলা যান বাহন পৰিদৰ্শক,আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰন শাখাৰ যুটিয়া ভাবে চলোৱা তালাচিত নথিপত্ৰ পত্ৰ বিহীন যান বাহন আৰু চালকৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই৷পুৱা ১০বজাৰ পৰা বিয়লি ভাগলৈকে  এনফৰ্চমেন্ট পৰিদৰ্শক প্ৰশান্ত কুমাৰ শৰ্মা,জিলা যান বাহন পৰিদৰ্শক মাসন দত্তৰ নেতৃত্বত যুটীয়াভাৱে চলোৱা এই তালাচীত ঢেকীয়াজুলি চহৰৰ মাজেদি যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা অটো, টাটা মেজিক, উইংগাৰ,আদি যান বাহনসমূহ ধৰি নথিপত্ৰ তালাচী কৰাৰ লগতে জৰিমনা বিহাৰ উপৰিও বহু সংখ্যক অটো জব্দ কৰে৷উল্লেখ্য যে ঢেকীয়াজুলিত নথিপত্ৰ বিহীন অটো ,টেম্পু,মেজিক ,উইংগাৰ আদিৰ চালকৰ উপদ্ৰপ আৰু অবৈধ কৰ্মকাণ্ডত সৰ্বসাধাৰন ৰাইজ দীৰ্ঘ দিনৰ পৰাই অতিষ্ঠ হৈ আছিল৷আনহাতে পথৰ ওপৰত দীৰ্ঘ সময় ধৰি ৰখাই থোৱা যান বাহনে সৃষ্টি কৰা যান জঁটৰ ফলত প্ৰায়েই বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছিল৷ এনে যান বাহনৰ বিৰুদ্ধে  যান বাহন এনফৰ্চমেন্ট পৰিদৰ্শক ,যান বাহন পৰিদৰ্শক আৰু যান বাহন নিয়ন্ত্ৰন শাখা আৰক্ষীয়ে অভিযান চলাই যান জঁটৰ সমস্যা সমাধানৰ চেষ্টা চলায়৷ ইফালে দুদিনমান পূৰ্বে ঢেকীয়াজুলিত এখন অটোত দুই যুৱকে এগৰাকী কলেজীয়া ছাত্ৰীক অপহৰনৰ অপচেষ্টা কৰি বিফল হৈছিল সাহসি ছাত্ৰী গৰাকীৰ বাবেই৷তদুপৰি এই দৰে ঢেকিয়াজুলিত সংঘটিত হৈ আহিছিল একাধিক ঘটনা৷ছাত্ৰীক অপহৰন চেষ্টা কৰা অটো খনত থকা দুই যুৱক আৰু অটো খন জব্দ কৰিবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই আৰক্ষীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here