দুই শিক্ষাগুৰুৰ অমানৱীয় কাণ্ডই জোকাৰিছে বৃহত্তৰ বটদ্ৰৱা

Spread the love

Sharing is caring!

👉 কিশোৰ ছাত্ৰক শিক্ষাগুৰুয়ে দিয়া অমানৱীয় চৰমশাস্তি কাণ্ড ।
👉 বটদ্ৰৱা থানাত গোচৰ ৰুজু দুই শিক্ষকৰ বিৰুদ্ধে ।
👉 জিলা শিক্ষা বিষয়াক স্মাৰক পত্ৰ প্ৰদান আমছুৰ ।
দৈনন্দিন বাৰ্তাLive , ধিং , ১৫ ফেব্ৰুৱাৰী : –  দুই শিক্ষাগুৰুৰ অমানৱীয় কাণ্ডই জোকাৰিছে বৃহত্তৰ বটদ্ৰৱা । দুজন কিশোৰ তথা নাবালক ছাত্ৰক দুই শিক্ষাগুৰুৰ  অমানৱীয় ভাবে চৰমশাস্তি । বৰ্তমানলৈকে নিৰুদ্দিষ্ট এক নাবালক ছাত্ৰ । দুই শিক্ষকৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত গোচৰ ৰুজু । জিলা পৰিদৰ্শকক আমছুৰ স্মাৰক পত্ৰ দাখিল । বৰ্তমানলৈকে তীব্ৰ চাঞ্চল্য অব্যাহত । প্ৰাপ্ত অভিযোগ আৰু আমাৰ হাতত পৰা তথ্য মতে, নগাওঁ জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ আৰু বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ৰামপুৰ চলাপথাৰ চাহেদ অালী হাইস্কুলত যোৱা শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছিল বিদ্যালয় খনৰ বাৰ্ষিক খেল -ধেমালি । এই খেল ধেমালিৰ মাজতেই বিদ্যালয়খনৰ দুই কিশোৰ ছাত্ৰই মবাইলেৰে ফটো উঠাইছিল সেই বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক । এই ঘটনাৰ পিছতেই বিদ্যালয়ৰ বিতর্কিত প্ৰধান শিক্ষক আবু হানিফ আৰু বিতর্কিত সহকাৰী শিক্ষক ওৱাজ উদ্দিনে কিশোৰ ছাত্ৰ দুজনক দৌৰায় দৌৰায় ৰাস্তাৰ পৰা ধৰি আনি শিক্ষক দুজনে নিজে বিচাৰপতিৰ ভাও লৈ কাণত ধৰাই আঁঠু কঢ়াই শিলগুটিৰে ভৰি থকা খেলপথাৰৰ মাজেৰে প্ৰায় ১০০ মিটাৰ খুজ কঢ়োৱাৰ দৰে  জঘন্য প্ৰথাৰে ৰাজহুৱাকৈ অমানৱীয় ভাবে চৰমশাস্তি প্ৰদান কৰে । আৰু এই শাস্তি প্ৰদান ঘটনাৰ ভিডিও ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে ধিং -বটদ্ৰৱাৰ লগতে সমগ্র নগাঁও জিলাৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এনে চৰম শাস্তিৰ বলি হোৱা এজন কিশোৰ বৰ্তমানলৈকে নিৰুদ্দিষ্ট হৈ আছে । যোৱা কালি নিৰুদ্দিষ্ট কিশোৰ তথা ডুমডুমীয়া হাফিজীয়া মাদ্ৰাছাৰ ছাত্ৰ মিজাৰুল (১৬) পিতৃ আঃ ছফিৰে বটদ্ৰৱা আৰক্ষী থানাত এক লিখিত এজাহাৰ দাখিল কৰিছে । সেই এজাহাৰৰ বৃত্তিত বটদ্ৰৱা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০/১৮ us ৩৪২/৩২৫/৩৪ Ipc R/W Sec ৭৫/৮২ (৩) j.j act 2015 ধাৰাত বটদ্ৰৱা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই । ইফালে  এই অমানৱীয় শাস্তিৰ ঘটনা সংঘটিত কৰা দুই বিতর্কিত শিক্ষকৰ বিৰুদ্ধে অভিযোগ তুলি আজি ৰামপুৰ সত্ৰ আঞ্চলিক আমছুৰ সভাপতি নজৰুল ইছলাম আৰু বৃহত্তৰ বটদ্ৰৱা আঞ্চলিক আমছুৰ সভাপতি মুক্তাৰ হুছেইনৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ প্ৰদান কৰে নগাওঁ জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক । স্মাৰক পত্ৰত উল্লেখ কৰা অভিযোগ মতে, শিক্ষক দুজনে শাসনৰ নামত প্ৰহসন কৰি জুভেনাইল আইন ভংগ কৰিছে । ছাত্ৰ দুজনৰ ভবিষ্যত অনিশ্চিত, বিচাৰৰ নামত ভণ্ডামি কৰি আইন ভংগ আৰু শিক্ষিত সমাজক লজ্জানত কৰা বুলিও অভিযোগত প্ৰকাশ । সেয়ে – আমছুৱে এই সমগ্র ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে  বৰ্তমানলৈকে নিখোজ কিশোৰক দুই দিনৰ ভিতৰত বিচাৰি উলিওৱা, প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকক ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বিত কৰা আৰু উক্ত ঘটনাৰ লগত আৰু কোনো শিক্ষক আছে যদি সেয়া উচ্চ পৰ্যায়ৰ তদন্ত ক্ৰমে নিশ্চিত কৰি শাস্তি দিবলৈ নগাওঁ জিলা শিক্ষা বিষয়াক প্ৰদান কৰা আমছুৰ  তিনি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ খনত উল্লেখ কৰিছে । একাংশৰ প্ৰশ্ন – এই দুই শিক্ষকৰ বিৰুদ্ধে আইন তথা শিক্ষা বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হব নে ? সেয়া সময়ত লক্ষণীয় হব ।

Related posts

Leave a Comment