Home চিন্তা স্পন্দন দেৱেন দত্ত চাৰৰ চিন্তাৰ বিপৰীতে

দেৱেন দত্ত চাৰৰ চিন্তাৰ বিপৰীতে

1
0

দেৱেন দত্ত চাৰৰ চিন্তাৰ বিপৰীতে

                                                                               ৰূপজ‍্যোতি গোস্বামী

দেৱেন দত্ত চাৰৰ “চৰকাৰী টকাবোৰ কলৈ যায়? মোদীয়ে ‘স্বচ্ছ অসম’ চাই যাওকহি” শীৰ্ষক লিখনিত কলিয়াবৰৰ জয়সাগৰ দলনি আৰু ভঁৰালী বৰুৱা পুখুৰীৰ প্ৰসঙ্গ

     এনে বহু ব‍্যক্তি আছে যি জনক আমি চাৰ বুলি সম্বোধন কৰোঁ লাগিলে তেখেতৰ লগত ব‍্যক্তিগত কোনো সমন্ধ নাথাকিলেও বা তেখেতৰ পৰা শিক্ষা গ্ৰহণ নকৰিলেও চাৰ বুলি সম্বোধন কৰা যায়। আমি কোনো কালেই কটন মহাবিদ‍্যালয়ৰ ছাত্ৰ নাছিলোঁ, আমাৰ লগতো তেখেতৰ ব‍্যক্তিগত কোনো চিনা-পৰিচয় নাই। তথাপিও দেৱেন দত্ত ডাঙৰীয়াক বহুজনে চাৰ বুলি সম্বোধন কৰাৰ দৰে আমিও ব‍্যতিক্ৰম নহয়। দেৱেন দত্ত চাৰক সক্ৰিয় সমাজ কৰ্মী বুলি বৈদ‍্যুতিন মাধ‍্যমৰ ষ্টুডিঅ’ৰ মজিয়াত বা বাতৰি কাকতৰ স্তম্ভ লিখক বা তেখেতৰ প্ৰকাশিত বিবৃতিত তেখেতক এগৰাকী ইংৰাজী বিষয় অধ‍্যাপক, কটন মহাবিদ‍্যালয়ৰ উপাধ‍্যক্ষ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী বুলিহে জানিছিলোঁ, কিন্তু যোৱা ক্ৰিস্তিয় ২০১৮ চনৰ ৩১ জানুৱাৰী তাৰিখে “দেনিক জনমভূমি’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত “চৰকাৰী টকাবোৰ কলৈ যায়? মোদীয়ে ‘স্বচ্ছ অসম’ চাই যাওকহি” শীৰ্ষক ‘বিনিদ্ৰ’ শিতানৰ লেখনিটোৰ জৰিয়তে দত্ত চাৰক ‘ভ্ৰমণপ্ৰিয় আৰু অৰণ‍্যপ্ৰিয় মানুহ’ বুলি প্ৰথম বাৰৰ বাবে জানি আমি আহ্লাদিত হৈছোঁ। তেখেতৰ বিভিন্ন লিখনিবোৰ অতি আগ্ৰহেৰে পঢ়োঁ, পঢ়ি বহু কথা শিকিছোঁ, জানিছোঁ। বিশেষকৈ অসমীয়াত ইংৰাজী ভাষাৰ শব্দৰ লিপ‍্যান্তৰৰ বিষয়বোৰ। অনান‍্য সামাজিক চিন্তাজনক লিখনিবোৰতো আছেই। কিন্তু সকলো বিষয়তে একমত-সহমত প্ৰকাশ সম্ভৱ নহয়। যেতিয়া কাৰোবাৰ প্ৰৰোচনাত, বিপথে পৰিচালিত হৈ আৰু মূল উৎসবোৰৰ পৰা আঁতৰি, চালি-জাৰি নাচায় কাৰোবাৰ সততাৰ ওপৰত সন্দেহৰ আঙুলি টোঁৱাই, তেতিয়া মানিবলৈ অসুবিধা হয়। বিশেষকৈ চাৰৰ দৰে ব‍্যক্তিক এনেধৰণৰ কাৰ্য‍্যত জড়িত হ’লে আমাৰ দৰে সাধাৰণ নৰ-মনিষে সহজে মনি ল’বলৈ টান পাওঁ। গতিকে চাৰৰ লিখনিটোত উল্লিখিত কলিয়াবৰৰ ভ্ৰমণৰ সময়ত পূৱথৰীয়া মৌজাৰ ঐতিহ‍্য মণ্ডিত জয়সাগৰ দলনি আৰু ভঁৰালী বৰুৱা পুখুৰীৰ বিষয়ে “চৰকাৰী টকাবোৰ কলৈ যায়? মোদীয়ে ‘স্বচ্ছ অসম’ চাই যাওকহি” শীৰ্ষক ‘বিনিদ্ৰ’ শিতানৰ লেখনিটোৰ বক্তব‍্যৰ সৈতে একেবাৰে একমত হ’ব নোৱাৰি দুখিত। কিয় একমত হ’ব নোৱাৰিলোঁ তাৰ কৈফিয়ৎ বিষয়ক লিখনিটোত যদি তেখেতক অজানিতে অপ্ৰস্তুত কৰা ধৰণৰ বক্তব‍্য আমাৰ দ্বাৰা ব‍্যৱহাৰ হয় তাৰ বাবে তেখেতৰ ওচৰত আগতীয়াকৈ মাৰ্জনা বিচাৰিলোঁ।
      প্ৰথমেই তেখেতে নঞৰ্থক চিন্তাৰেই কলিয়াবৰৰ বিষয়ে পাতনি মেলিছে এনেকৈ “……। কলিয়াবৰৰ ভঁৰালী বৰুৱা পুখুৰীৰ নাতি দূৰত থকা আৰু মাথোন এসপ্তাহ আগেয়ে অতিপাত ‘হায়ৌ-বিয়ৌ’ (হায়ৈ-বিয়ৈ?)কৈ পক্ষী মহোৎসৱ এটা উদ্‌যাপন হৈ যোৱা জয়সাগৰ দলনিলৈ। জয়সাগৰ বুলি কোনে নাম দিলে, সেই বিষয়ে দুই-এটা জনশ্ৰুতি আছে। বিশ্বাসযোগ‍্য নহয়। …..।” প্ৰথমেই আমি জনা কলিয়াবৰত যি দুটা জনশ্ৰুতি জয়সাগৰ দলনি লৈ প্ৰচলিত সেই দুটা চাৰে জানিলেও পাঠক সমাজক জনাব বিচাৰিছোঁ। 
স্বৰ্গদেউ প্ৰতাপ সিংহ (চন ১৬০৩–১৬৪১)ৰ চনেহৰ জীয়াৰী জয়াৰ টান নৰিয়া হোৱাত কলিয়াবৰতে চিকৎসাৰ বাবে ৰাখিছিল, পিচে জয়া নৰিয়াত পৰিল। কলিয়াবৰতে আহোম নিয়ম মতে মৈদাম দিলে। মৈদামৰ কাষতে থকা বৃহৎ কলেৱৰৰ জলাশয়টো “জয়া সাগৰ” নামেৰে নামকৰণ কৰে। পিচলৈ হৈ পৰিল জয় সাগৰ দলনি। বাঘৰ চুক গাঁৱৰ পথাৰত সকলো পক্ষৰে অৱহেলা জয়া মৈদামৰ অৱশিষ্ট বিপদাপন্ন।


      লালুক সোলা বৰফুকনৰ কু-চক্ৰান্তৰ বলি হৈ ল’ৰা ৰজাৰ কোপত পৰি অজ্ঞাত বাসত থকা গদাধৰ সিংহ শেষৰ ফালে কলিয়াবৰতে ৰজা-ঘৰীয়াৰ চকুৰ পৰা পলাই ফুৰিছিল। ৰাজধানীৰ পৰিৱৰ্তে কলিয়াবৰতে গদাধৰ সিংহৰ (চন ১৬৮১ – ১৬৯৬) আহোম স্বৰ্গদেউ ৰূপে কলিয়াবৰতে অভিষেক হৈছিল। ইতিমধ‍্যে নিজ স্বামীৰ বাবে প্ৰাণ ত‍্যাগ কৰা সতী জয়মতীৰ সোঁৱৰণত পূবথৰীয়া মৌজাৰ বৃহৎ জলাশয়টোৰ নাম জয়া সাগৰ ৰাখিলে। যিটো পিচলৈ জয়সাগৰ বুলি জনাজাত হ’ল। আহোমৰ শাসন কালত এই জয়সাগৰক নৌ-বাহৰ হিচাবে ব‍্যৱহাৰ কৰিছিল বুলি জনা যায়। জয়সাগৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ “নাও টনা জান”ৰ জৰিয়তে যুদ্ধৰ বাবে সাজু নাওবোৰ লৈ যোৱা হৈছিল। তাৰ চিন এতিয়াও বিদ‍্যমান।


দত্ত চাৰে উল্লেখ কৰাৰ দৰে  জয়সাগৰ দলনিত দল ঘাঁহৰ উপস্থিতি বাৰিষা কালতহে দেখা যায়। দলনি বুলিলে বছৰৰ বাৰ মাহেই দল ঘাঁহেৰে ভৰি থাকিব নোৱাৰে। শীতকালত দলবোৰ শুকাই যায় বাবে চাৰে মূঢ়াবোৰহে দেখা পালে। 
        জয়সাগৰৰ চৰাইবোৰ পূৱাহে দেখা যায়। বিয়লি চৰাই দেখা নাযায়। পক্ষী দৰ্শনৰ মূল স্বত্ব হ’ল পূৱা সোনকালে উঠি প্ৰয়োজনীয় সা-সঁজুলি লৈ সঠিক স্থানত উপস্থিত হোৱা। ইতিমধ‍্যৈ ডব্লিউ. ডব্লিউ. এফ. আৰু স্থানীয় প্ৰকৃতি প্ৰেমী সংগঠন ‘ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌’ৰ যুটীয়া উদ‍্যোগত চলোৱা জৰীপত আশীৰো অধিক দেশী-বিদেশী আৰু বিলুপ্ত প্ৰায় পক্ষী চিনাক্ত হৈছে। শীতকালত চৰাইৰ উপস্থিতিৰ বিষয়ে সচেতন স্থানীয় ব‍্যক্তি জ্ঞাত। কিন্তু চাৰক সঙ্গ দিয়াসকলে জানিও নজনাৰ ভাৱত কথাবোৰ ক’লে আৰু ছাৰেও দুগ্ধ-পুষ‍্য শিশুৰ দৰে মানি ল’লে।
      চাৰে আৰু এটা অভিযোগ তুলিছে যে উৎসৱটো কোনে পাতিছিলে তেওঁলোকে গমেই নাপালে হেনো। যদি গমেই পোৱা নাছিল তেন্তে সেইসকলৰ নেতৃত্বতে জয়সাগৰ দলনিৰ পূৱ প্ৰান্তৰ খুটামৰাত জয়সাগৰ দলনিৰ পক্ষী উৎসৱৰ বিষয়ে কাষৰীয়া গঞা ৰাইজক লৈ যোৱা ১৩ ডিছেম্বৰত সভা কিয় বহিছিল আৰু পিচত সেই সভাৰ উদ‍্যোক্তাসকলে কলিয়াবৰৰ মহকুমাধিপতিৰ লগত আলোচনাত মিলিত হৈ পক্ষী উৎসৱৰ কাৰ্য‍্যসূচীত অংশগ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰিছিল। হয়নে নহয় তাৰ উত্তৰ বিচৰাৰ দায়িত্ব চাৰৰ। 
এতিয়া নিশ্চয় পক্ষী উৎসৱৰ মূল উদ‍্যোক্তা কোন চাৰক বুজাই কোৱাৰ প্ৰয়োজন নাই। পক্ষী উৎসৱৰ আয়োজন “ৰাজনৈতিক উদ্দেশ‍্য প্ৰণোদিত” নে পক্ষী উৎসৱৰ বিৰোধিতা “ৰাজনৈতিক উদ্দেশ‍্য প্ৰণোদিত” সেইটোহে চাৰে খোলোচা কৰিলে। আমি জনা কথাবোৰ চাৰৰ বাক‍্যৰে প্ৰমাণ কৰিলে। চাৰলৈ ধন‍্যবাদ।
ভঁৰালী বৰুৱা পুখুৰীৰ অৱস্থা যিয়েই নহওক, তেখেতে পুখুৰীটোক লৈ কলিয়াবৰীয়া বিশ্বাসক ভেঙুচালি কৰা যেন লাগিল। কমলা কুঁৱৰীৰ জনশ্ৰুতি যোৰহাট আৰু মঙ্গলদৈতো প্ৰচলিত। চাৰে নিশ্চয় কমলা কুঁৱৰীৰ গীতটো পঢ়িছে বা শুনিছে। এনেবোৰ জনশ্ৰুতি লোক-বিশ্বাসে এখন ঠাইৰ ঐতিহ‍্য ৰূপে চিহ্নিত হয়। ইয়াত কলিয়াবৰ, যোৰহাট বা মঙ্গলদৈ কোন সত‍্য কোনেও প্ৰশ্ন কৰা নাই। প্ৰত‍্যেকেই নিজৰটো শুদ্ধ বুলি মানি আহিছে। পুখুৰীটোৰ বাবে ২০০০ চনৰ পৰাই আৱণ্টিত পঞ্চায়তৰ ধনবোৰৰ সঠিক ৰূপায়ণ কিয় নহ’ল তাৰ সঠিক উত্তৰ দিয়া লোকেই আপোনাক সঙ্গ দিছিল। আপোনাৰ লগত যোৱা আৰ. তি. আই. কৰ্মীজনৰ জৰিয়তে চৰকাৰী তথ‍্যবোৰ ৰাজহুৱা কৰিবলৈ কেতে পৰ? 
কলিয়াবৰৰ উন্নতিৰ প্ৰতি যদি আপোনাৰ তিল মাত্ৰও আন্তৰিকতা আছে তেনেহ’লে, দেৱেন দত্ত চাৰৰ পৰৱৰ্তী কাৰ্য‍্যই ইয়িৰ স্পষ্টতা নিৰূপন কৰিব।
শেষত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, “চৰকাৰী টকাবোৰ কলৈ যায়? মোদীয়ে ‘স্বচ্ছ অসম’ চাই যাওকহি” শীৰ্ষক লেখাটোত কলিয়াবৰৰ জয়সাগৰ দলনি আৰু ভঁৰালী বৰুৱা পুখুৰীৰ বিষয়ক নেতিবাচক বক্তব‍্যক লৈহে আমি আমাৰ মত প্ৰকাশ কৰিছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে চাৰৰ আন সামাজিক কাৰ্য‍্য বা লিখনিক আমি অগ্ৰাহ‍্য কৰিব বিচাৰিছোঁ।

কলিয়াবৰ, নগাঁও
ফোন : ৯৭০৬০৪৩৯৩৪

LEAVE A REPLY

Please enter your comment!
Please enter your name here