জন্মস্থানতেই ধোঁৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰুধী অভিযান 

Spread the love

Sharing is caring!

জন্মস্থানতেই ধোঁৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰুধী অভিযান 
  • চাবুৱা ডি. ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে  তদন্ত কৰাৰ সাহস নাই জিলা প্ৰশাসনৰ 
  • ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ হুংকাৰ 
দৈনন্দিন বাৰ্তা Live@ চাবুৱা , ৬ জানুৱাৰী  : চাবুৱা ডি . ডি আৰ মহাবিদ্যালয়ৰ দুৰ্নীতিকাৰী অধ্যক্ষৰ বিৰুদ্ধে জিলা প্ৰশাসনে  তদন্ত কৰাৰ সাহস নাই বুলি আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । আজি সংগঠনটোৱে এক প্ৰেছ বিবৃতিত কয় যে বৃহত্তৰ চাবুৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চাবুৱা ডি. ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ নেতৃত্বত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা অঞ্চলিক সমিতিয়ে এবছৰৰ পৰা ধাৰাবাহিক ভাৱে আন্দোলন কৰি আহিছে । শেহতীয়াকৈ যোৱা ২৩ নৱেম্বৰৰ পৰা  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , এছ এফ আই , মটক যুৱ – ছাত্ৰ সন্মিলন , ডি ৱাই এফ আই , মানৱ অধিকাৰ সংগ্ৰাম সমিতি , বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু নিৱনোৱা পৰিষদ চাবুৱা আঞ্চলিক সমিতিয়ে  অধ্যক্ষজনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি চাবুৱাৰ চাৰিআলিত আমৰণ অনশনৰ  কাৰ্যসূচী লৈছিল । 
সেই অনশন কাৰ্যসূচীৰ প্ৰতি সহাৰি জনাই  চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সংগঠনকেইটাৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই সিদ্ধান্তৰ অনুসৰি ২৯ নৱেম্বৰ তাৰিখে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাবুৱা ৰাজহ চক্ৰ বিষয়া ,  ডিব্ৰুগড় জিলাৰ অতিৰিক্তি উপায়ুক্ত আৰু ৮ টা সংগঠনৰ প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হয় বিধায়ক গৰাকী । আলোচনাত বিধায়কগৰাকীক সংগঠনকেইটাই তথ্য সহকাৰে অধ্যক্ষগৰাকীয়ে কৰি অহা সকলো অনিয়ম  অৱগত কৰাত বিধায়কগৰাকীয়ে আলোচনাত উপস্থিত থকা তদন্তকাৰী বিষয়াজনক ১ মাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । লগতে মহাবিদ্যালয়খনত অধ্যক্ষগৰাকীয়ে চলাই থকা আৰু বিভিন্ন ধৰণৰ অনিয়ম সন্দৰ্ভত বিধায়ক গৰাকীক সংগঠনকেইটাই অৱগত কৰাত বিধায়কগৰাকীয়ে সেই বিষয়কেইটাৰ ওপৰতো উচ্চপৰ্যায়ৰ তদন্তৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে   বিধায়ক গৰাকীয়ে  দুৰ্নীতিৰ বিৰুদ্ধে সদায় ৰাইজৰ লগত থাকিম বুলি কৈ দুৰ্নীতিকাৰীসকলক একপ্ৰকাৰৰ হুংকাৰ প্ৰদান কৰিছিল । কিন্তু ১ মাহ পাৰ হৈ গ’ল কিন্তু আজিলৈকে তদন্ত তদন্ত হৈয়েই ৰ’ল । সংগঠনটোৱে বিবৃতিটোত লগতে কয় যে নিজকে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি জাহিৰ কৰি ফুৰা অধ্যক্ষজনৰ বিৰুদ্ধে তদন্ত কৰাৰ সাহস কৰিব পৰা নাই জিলা প্ৰশাসনে । যাৰ বাবে বাৰম্বাৰ তদন্তৰ নামত ভেকোঁভাওনা কৰি আছে । 
এতিয়া মুখ্যমন্ত্ৰীৰ কথাতো কেৰেপ নকৰে ডিব্ৰুগড় জিলা প্ৰশাসনে । কিয়নো শিক্ষামন্ত্ৰীৰ লগত ভাল অধ্যক্ষৰ । সংগঠনটোৱে লগতে চাবুৱাৰ বিধায়ক বিনোদ হাজৰীকাক দুৰ্নীতিৰ বিৰুদ্ধে কথোৰ হ’বলৈ আহ্বান জনাই । অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰীক আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ’ম বুলি জিলা প্ৰশাসনক সকিয়াই দিয়ে ।

Related posts

Leave a Comment