ডিমৌত আৰক্ষী থানাৰপৰা অপৰাধীৰ পলায়ন : ধোঁৱাচাঙত  আৰক্ষী বেহুৰ নিৰাপত্তা

Spread the love

Sharing is caring!

ডিমৌত আৰক্ষী থানাৰপৰা অপৰাধীৰ পলায়ন : ধোঁৱাচাঙত  আৰক্ষী বেহুৰ নিৰাপত্তা

ডিমৌ,২ জানুৱাৰী:- বৃহস্পতিবাৰে ডিমৌত সংঘটিত হ’ল এক আজৱ ঘটনা । খোদ আৰক্ষী থানাৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলাল কুখ্যাত অপৰাধী । মুঠ ৬ জনকৈ আৰক্ষী বিষয়া আৰু কনিষ্টবলেৰে গিজগিজাই থকা ডিমৌ আৰক্ষী থানাৰ পৰা দিন-দুপৰতে এটা কুখ্যাত অপৰাধীয়ে পলায়ন কৰা ঘটনাই সৰ্বত্তে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিবপৰা অনুসৰি,ডিমৌ আৰক্ষীৰ চূড়ান্ত দায়িত্বহীনতাত থানাৰপৰা পলাই যোৱা অপৰাধীটোৰ নাম ইক্ৰামুল হক ওৰফে বদং । ধৃত অপৰাধীটোৰ ঘৰ ডিমৌৰ সমীপৰ জাপিসজীয়া গাঁৱত । তদুপৰি, বদং ওৰফে কুখ্যাত ইক্ৰামুল একাধিক অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকাৰ লগতে শেহতীয়াকৈ বদঙৰ বিৰুদ্ধে বিগত বৰ্ষত এজন ট্ৰাকচালকৰ নৃশংস হত্যা আৰু প্ৰথমা পত্নীয়ে দিয়া পাৰিবাৰিক সংঘাত সন্দৰ্ভত গোচৰ ৰুজু হৈ আছে । তাৰ মাজতে সংঘটিত এনে অকল্পনীয় ঘটনাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে লৈ শিৱসাগৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰফুল্ল সোণোৱাল ডিমৌ আৰক্ষী থানাত উপস্থিত হৈ যোৱা ১ জানুৱাৰীৰ পৰা অ’চি অবিহনে চলি থকা ডিমৌ থানাৰ বিষয়াসহ আৰক্ষীৰ দলটোক সোধা-পোচা অব্যাহত ৰাখিছে ।

Related posts

Leave a Comment