Home ফটো সংবাদ ধৰ্মীয় সম্প্ৰতি, উদাৰত আৰু মানৱীয় প্ৰেমৰ উদাহৰণ:শিৱসাগৰত হিন্দুৰ শেষ কৃত কৰিলে মুছলমান...

ধৰ্মীয় সম্প্ৰতি, উদাৰত আৰু মানৱীয় প্ৰেমৰ উদাহৰণ:শিৱসাগৰত হিন্দুৰ শেষ কৃত কৰিলে মুছলমান সমাজে:

1
0

ধৰ্মীয় সম্প্ৰতি, উদাৰত আৰু মানৱীয় প্ৰেমৰ এক উদাহৰণ।উদাহৰণ দাঙি ধৰিলে শিৱসাগৰ নগৰৰ সমীপৰ জেঙণিকতিয়া অঞ্চলৰ ৰাইজে। হিন্দুৰ শেষ কৃত কৰিলে মুছলমান সমাজে।অঞ্চলটোত বিগত ভালেমান বছৰ ধৰি দিন হাজিৰ কৰি ভাড়াতীয়া হিচাপে বসবাস কৰা ভৰত ভূঞা নামৰ ব্যক্তিজনৰ মঙ্গল বাৰে পুৱা মৃত্যু হয়। দুটা সন্তান আৰু পৰিয়ালৰ বাহিৰে কোনো আত্মীয় নথকা ব্যক্তি জনৰ কাষত কোনো নাছিল।এই মুহূৰ্তত পৰিয়ালটোৰ কাষত ঠিয় দিলে অঞ্চলটোৰ মুছলমান সমাজ।শেষ কৃতৰ বাবে প্রায়োজনীয় সকলো ব্যৱস্থা কৰি দিলে।অঞ্চলটোৰ মুছলমান সমাজৰ এই তৎপৰতাক সকলোৱে এক মুখে প্ৰশংসা কৰিছে।

Ashif ali@sivasagar

LEAVE A REPLY

Please enter your comment!
Please enter your name here