Home মুখ্য পৃষ্ঠা নৱবৰ্ষক আদৰণি : ওদালগুৰিত উদিত বেলিৰ বহু ভাষিক কবি সন্মিলন

নৱবৰ্ষক আদৰণি : ওদালগুৰিত উদিত বেলিৰ বহু ভাষিক কবি সন্মিলন

38
0
ওদালগুৰিত উদিত বেলিৰ বহু ভাষিক কবি সন্মিলন: সাতটা ভাষাৰ কবিতাৰে জীপাল কৰি আদৰণি নৱবৰ্ষক 
ওদালগুৰি: (নব কুমাৰ ডেকা) ১,জানুৱাৰী: ইংৰাজী নৱবৰ্ষক কবিতাৰ শব্দৰে আদৰণি আৰু ২০১৭বৰ্ষক বিদায়ৰ উদ্দেশ্যে আজি ওদালগুৰি জিলা কবি সমাজৰ উদ্যোগত” উদিত বেলি’ৰ বহু ভাষিক কবি সন্মিলনখনি ওদাৰগুৰিৰ খাংখালাবাৰী নিবাসী জিলা নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কৃতী শিক্ষক বিষ্ণু শৰ্মা নেওপানেৰ বাস ভৱনত সফলতাৰে অনুষ্ঠিত হৈ যায়। 
নৱবৰ্ষৰ প্ৰথম দিনটোতে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভাৰম্ভি কৰি জ্যেষ্ঠ নাগৰিক তথা অবসৰপ্ৰাপ্ত শিক্ষক গোৱৰ্ধন প্ৰসাদ চৌহানে কয়- কবিতাৰ জৰিয়তে মানুহৰ মনৰ চিন্তা প্ৰকাশ পায়। ভাষাই হৈছে কবিতাৰ বাহন। তেওঁঁ বাল্মিকী,কালি দাসৰ দৰে আদি কবিসকলক শ্ৰৰ্ধাৰে সোঁৱৰে। জিলা কবি সমাজৰ সাধাৰণ সম্পাদক লাজপৎ চৌহানে আতঁ ধৰা কবি সমাৰোহত কবি সকলক উদ্দেশ্যি আদৰণী বক্তব্য ৰাখি কৃতী শিক্ষক তথা কবি বিষ্ণু শৰ্মা নেওপানে কয়- নতুন বছৰৰ প্ৰথম দিনটৌতে কবি সকলক আদৰিবলৈ পাই আনন্দিত হৈছো। এই পৰিবেশত কবিসকলে কবিতা পাঠৰ জৰিয়তে এক নতুনত্ব আনিব বুলি আশা প্ৰকাশ কৰে । ইয়াৰ পিছতেই তুলিকা তালুকদাৰে সুধাকন্ঠৰ এটি গীত আৰু কবি খৰ্গ প্ৰসাদ শৰ্মাই এটি নেপালী গীত পৰিবেশন কৰি আপ্লুত কৰি তোলে । ওদালগুৰি জিলা কবি সমাজৰ সভাপতি গৌতম জ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত কবি  সমাৰোহত ৰাষ্ট্ৰীয় বটা প্ৰাপক কবি বৈদ্যনাথ উপাধ্যায়ৰ
 সঞ্চালনাত অনুষ্ঠিত বহু ভাষিক কবি সমাৰোহত একুৰি নগৰাকী কবিয়ে সাতটা ভাষাত কবিতা পাঠ কৰি জীপাল কৰি নৱবৰ্ষক আদৰণী জনায়।  অসমীয়া বড়ো, নেপালী, ইংৰাজী, সংস্কৃত, ৰাভা আৰু,হিন্দী  ভাষাত স্বৰচিত  কবিতা পাঠ কৰা কবি সকল হল- ৰামায়ণ বসুমতাৰী, তাৰাপতি উপাধ্যায়,বিদ্যাপতি দাহাল, ৰবীন বৈশ্য, চন্দ্ৰমা নাথ, মধু পাটোৱাৰী, হিমাৰাণী বৰ্মণ, ভবেশ দত্ত, মোহন কুমাৰ ছেত্ৰী, লক্ষণ অধিকাৰী, ৰঞ্জু দাস, বিষ্ণু শৰ্মা নেওপানে, শান্তিৰাম শৰ্মা, ধনজিৎ ৰাই, তৰাপ্ৰভা দেৱী,দ্বিজেন্দ্ৰ বায়শ, হিৰণ্ময়ী গোস্বামী,নম্ৰতা দেৱী,প্ৰদীপ বৈশ্য,পূজা গৌতম
কবিতা ছেত্ৰী ,চন্দ্ৰ কুমাৰ বৰ্মন, বৈদ্যনাথ উপাধ্যায়,লাজপৎ চৌহান, অনুজ গৌতম,অৰ্পনা  হাজৰিক গুৰুচৰণ ৰাজভৰে অদিয়ে ।  ইয়াৰ মাজতে কণমানি প্ৰত্যুষা দাহালে এটি গীত পৰিবেশন কৰে। সঞ্চালক উপাধ্যায়ে পঠিত কবিতা সমূহৰ ওপৰত বিশ্লেষাত্মাক সমীক্ষা দাঙি ধৰি কয়- কম শব্দৰ জৰিয়তে কবিতাৰ ভাব প্ৰকাশ হব লাগে ।কবিতাত বিশেষন প্ৰয়োগ হব নালাগে। কবিতাত বাৰ্তাৰ লগতে তৰঙ্গৰ সৃষ্টি হব লাগিব ।একে দিনতে লিখা কবিতাৰ অধিক অনুশীলনৰ প্ৰয়োজনৰ আৱশ্যক। সভাপতি আসনৰ পৰা জিলা কবি সমাজৰ সভাপতি তালুকদাৰে কয়- জিলা সমিতিৰ কাব্যালোচনী সুগন্ধি কবিতাৰ জৰিয়তে নবীন কবিক উৎসাহিত কৰি আহিছে, ইয়াৰ জৰিয়তে সাহিত্য চৰ্চা অব্যাহত থাকিব । কবিতা সৃষ্টিৰ জৰিয়তে সমাজক নতুনত্বৰ পথ দেখুৱাব পৰা যায়। শলাগৰ শৰাই আগবঢ়ায় সাধাৰণ সম্পাদক লাজপৎ চৌহানে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here