Home চিন্তা স্পন্দন পিতৃ ঋণ…..!

পিতৃ ঋণ…..!

1
0
 
                     পিতৃ ঋণ
                                         মমিনুল হক
দেউতা তুমি দেখোন কোৱা পিতৃ-ঋন কেতিয়াও পৰিশোধ নহয় ।তুমি কি জানা, তুমি মোৰ বাবে পচিশ বছৰত যিমান টকা খৰচ কৰিছা সেই খিনি টকা মই অহা তিনিবছৰত বছৰত ঘূৰাই দিব পাৰো।
দেউতা–এটা গল্প কওঁ শুনিবানে,,,?(অলপ হাঁহি কলে)
পুতেক–কোৱা দেউতা মই শুনিম,,(অপ্ৰস্তত হৈ)
দেউতা–তোমাৰ যেতিয়া চাৰি বছৰ বয়স তেতিয়া মোৰ মাহিলী আয় দুহেজাৰ। সেই টকাৰে সংসাৰ কেনেকৈ চলাইছিলো সেয়া কেৱল মইহে জানোঁ । তথাপিও সেই কষ্টৰ কথা কাকো বুজিব দিয়া নাছিলোঁ।মোৰ সাধ্য অনুসৰি তোমাৰ মা আৰু তোমাক সুখত ৰখাৰ চেষ্টা কৰিছিলো। যেতিয়া তোমাক স্কুলত ভৰ্তি কৰাই দিছিলো,তেতিয়া ঘৰৰ অৱস্থা বৰ বেয়া আছিল তথাপিও আমি দুয়ো প্ৰতিজ্ঞা কৰিছিলো তোমাৰ পঢ়াৰ কাৰণে সাধ্য অনুসৰি সকলো চেষ্টা কৰিম। সেই বছৰ বিহুত তোমাৰ মাকক মেখেলা চাদৰ এযোৰ দিব পৰা নাছিলো। তই যেতিয়া হাইস্কুলত তেতিয়া ঘৰৰ অৱস্থা কিছু ভাল ।কিন্তু বহুত কষ্ট হৈছিল, যেতিয়া তোমাৰ মা বেমাৰত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল ।ঔষধ কিনাৰ বাবে টকা নাছিল । ঔষধ কিনাৰ বাবে প্ৰতিদিন অট’ বা টেক্সীৰ সলনি খোজকাঢ়ি যোৱা-অহা কৰিছিলো ।ওভাৰ-টাইম কাম কৰি ঘামি- তিতি অৰ্জন কৰা দুপইচা লৈ ঘৰ পাইছিলো।মাক অসুস্থ কাৰণে ময়েই  তহঁত কেইটাক ৰান্ধি খুৱাইছিলো। বহুত কষ্ট হৈছিল যদিও কাকো বুজিব দিয়া নাছিলোঁ ।
এদিন আহি থাকোতে কাষৰ চ্বো-ৰমত এটা মটৰ-চাইকেল দেখি বহুত ভাল লাগিছিল, চলাবলৈ মন গৈছিল । সেই দিনা সপোনতো মই দেখিছিলোঁ মই ম’টৰ-চাইকেল চলাই অফিচলৈ গৈ আছোঁ । কিন্তু, পিছ দিনা গ’ম পালোঁ 
তোমাৰ লেপ-টপ লাগে,তেতিয়া মোৰ সেই  আকাংক্ষাক কবৰ দিলো।
বোপা তোৰ কষ্টই মোৰ কষ্ট ।পিছে তাৰ পিছত তোমাক লেপ-টপ
কিনি দিলোঁ ।মোৰ তেতিয়াৰ এটকা আজি তোমাৰ হয়তো এক পইচা। কিন্তু মনত কৰি চোৱা, সেই এটকাৰেই তুমি তোমাৰ বন্ধু-বৰ্গক লৈ পাৰ্টি কৰিছিলা, ব্ৰান্ড নিউ মোবাইল,  হেভফোন লগাই গোটেই নিশা গান শুনি পাৰ কৰিছিলা, পিক-নিক কৰিছা,চিনেমা 
চাইছিলা । আৰু তোমাৰ প্ৰতিদিন আছিল সপোনৰ নিচিনা ।
আৰু আজি তুমি দিয়া এশ টকা দি মই বজাৰত ডাইবেটিচ মাপি থাকো।
বোপা তুমি হয়তো নাজানা,,,,
মোৰ মাছ  খোৱা নিষেধ ।
মংস খোৱা নিষেধ ।
ইমান টকা দি নো কি কৰিম,,?
এটা কল্পনাৰ মেলা বহাঁও ।
আৰু সেই মেলৰ ইমূৰৰ পৰা সিমূৰৰলৈ যাও।
বন্ধু সকলোৰ সৈতে নাটক চাওঁ ।
তোমাৰ মাকৰ হাতত ধৰি মেলা ঘূৰি ঘূৰি চাওঁ।
পুৰুষৰ পৰা পিতৃ হোৱাত মোৰ কোনো কষ্ট হোৱা নাই ।
সকলো কষ্টতো তোমাৰ মাকে সহ্য কৰিছে।
কিন্তু,  বিশ্বাস কৰা পিতৃৰ পৰা এজন দায়িত্বশীল পিতৃ হোৱাৰ 
কষ্ট কেৱল এজন পিতাই হে বুজি পায়।
যুগে যুগে, ঠায়ে ঠায়ে সৰ্বস্হানে মাতৃবন্দনা।
মাতৃবন্দনা হলেও ক’ৰবাত  পিতৃবন্দনা দেখিছানে,,?
পিতৃবন্দনা মই আশাও নকৰোঁ ।
সন্তানৰ প্ৰতি থকা ভালপোৱা হয়তো কোনো পিতাই প্ৰকাশ কৰিব নোৱাৰিব।
তথাপিও কোনো পিতাই কেতিয়াও সন্তানৰ প্ৰতি থকা 
দায়িত্ব পালন কৰাত বিচ্যুত নহয় ।
তোমাৰ পিছত মই যিমান কষ্টাৰ্জিত ধন ব্যয় কৰিছোঁ 
সেইটো হয়তো তুমি তিনি বছৰত শোধ কৰিব পাৰিবা।
কিন্তু, যৌৱন কালত মই দেখা সেই সপোনবোৰ,,,?
যি সপোনৰ শৃংগত বহি 
আজি তুমি পিতৃ-ঋণ পৰিশোধ কথা কৈ আছা।
সেই সপোনবোৰক জানো বাস্তৱ ৰূপ দিব পাৰিবা,,,?
আৰু যদিহে কোৱা দেউতা তোমাৰ টকা নহয়!!
তোমাৰ ভালপোৱা তোমাক ঘূৰাই দিম ।।
তেনেহ’লে শুনা——
পিতাৰ ঋণ আৰু তেওঁৰ স্বাৰ্থহীন ভালপোৱা 
কেতিয়াও পৰিশোধ কৰিব নোৱাৰি ।।।
                                       মমিনুল হক
                                       পোঃ চাপৰ
                                      জিলাঃ ধুবুৰী 
                                     পিনঃ৭৮৩৩৭১
                                   ফোনঃ 8486115880

LEAVE A REPLY

Please enter your comment!
Please enter your name here