চতিয়াত জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰীকালিন ব্যৱস্হাপনাৰ অনুশীলন

Spread the love

Sharing is caring!

৷৷ চতিয়াত জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰীকালিন ব্যৱস্হাপনাৰ অনুশীলন ৷৷

বান সম্পৰ্কত সজাগতা সভা৷৷

 

দৈনন্দিন বাৰ্তাlive ,চতিয়া:- প্ৰতিবছৰেই বাৰিষা চতিয়াৰ দক্ষিন অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ১০ হাজাৰতকৈ অধিক লোকক ক্ষতিগ্ৰস্ত কৰি আহিছে ৷ বিশেষকৈ বিশ্বনাথ পানপুৰ মথাউৰিৰ ভগ্ন অংশ , ঘিলাধাৰী নৈৰ বাঢ়নি পানীয়ে চতিয়াৰ বিস্তৃণ অঞ্চল বুৰাই পেলাই৷ সেইবাবে বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে দুৰ্যোগ প্ৰশমন বিভাগে বিশ্বনাথ জিলাৰ চতিয়াত গাও পঞ্চায়ত পৰ্যায়ত জৰুৰীকালীন ৱ্যৱস্থাপনা অনুশীলন কাৰ্যসুচী আৰম্ভ কৰিছে ৷ বিশেষকৈ বানপানীৰ সময়ত উদ্ধাৰ অভিযান কেনেকৈ চলাব, সাহাৰ্য কেনেকৈ প্ৰদান কৰিব সেই সম্পৰ্কে প্ৰশিক্ষন দিয়া হয় ৷ আজি চতিয়াৰ ৩ নং গাও পঞ্চায়তৰ অন্তৰ্গত চতিয়া চৰকাৰী নৰ্মাল অভ্যাসন বিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষনত স্কুলৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক আৰু অভিভাৱক সকলে অংশগ্ৰহন কৰে৷ লগতে ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত লৱলগীয়া সাৱধানতা সম্পৰ্কেও প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷আজিৰ এই প্ৰশিক্ষণ অনুষ্ঠানত উপস্হিত থাকে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ দায়িত্বত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত সহায়ক আয়ুক্ত বিশ্বজিৎ দাস, চতিয়া খণ্ড উন্নয়ন বিষয়া উৎপল মহন্ত, ৩ নং পঞ্চায়তৰ সচিব সোমেশ্বৰ হাজৰিকাকে ধৰি দুৰ্যোগ প্ৰশমন বিভাগৰ কেইবাজনো বিষয়ববীয়া ৷

Related posts

Leave a Comment