তিতাবৰত পেলু নির্মূল ঔষধ সেৱন কাৰ্যসূচী….

Spread the love

Sharing is caring!

তিতাবৰত মহকুমা স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ৪৩৪৯৬ গৰাকী ছাত্ৰ -ছাত্ৰীৰ পেলু নিৰ্মূলৰ ঔষধ সেৱন: 
দৈনন্দিন বাৰ্তা Live @ তিতাবৰ পৰা বিমান শইকীয়া , ১৩ ফেব্ৰুৱাৰী :  ভাৰত তথা অসমৰ শিশু সকলক পেলু মুক্ত কৰি স্বাস্থ্যবান ৰূপত গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ১ ৰ পৰা ১৯ বছৰৰ ছাত্ৰ ছাত্ৰীক পেলু নির্মূলক ঔষধ এলবেন্ডাজল সেৱনৰ জৰিয়তে যি অভিলাসী আঁচনি গ্ৰহণ কৰিছে তাৰ অংশৰূপে তিতাবৰটো ছাত্ৰ ছাত্ৰী সকলক পেলু মুক্ত কৰি স্বাস্থ্যবান কৰি তুলিবলৈ তিতাবৰ মহকুমা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ৩৫৭ খন চৰকাৰী বিদ্যালয় ,৭৩  খন ব্যক্তিগত বিদ্যালয়  আৰু ২৩৫ খন অংগণবাদী কেন্দ্ৰত মুঠ ৪৩৪৯৬ গৰাকী ছাত্ৰ ছাত্ৰীক স্বাস্থ্য কৰ্মী আৰু বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত সেৱন কৰোৱা হয়। এই উদ্দেশ্যে আজি তিতাবৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মহকুমা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰঞ্জিত ভূঞাই আনুষ্ঠানিক ভাৱে আঁচনিৰ শুভাৰম্ভ কৰি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে সাৰুৱা বক্তব্য প্ৰদান কৰে। অধীক্ষক ডাঃ ভূঞাই পিছত সাংবাদিকক জনোৱা অনুসৰি ২০১০ চনৰ পৰাই বিশ্ব স্বাস্থ্য সন্থাই গ্ৰহণ কৰা আঁচনি খন ভাৰত বৰ্ষত ২০১৫ চনৰ পৰাহে প্ৰযোজ্য হৈ আহিছে আৰু অসমত ২০১৭ চনৰ পৰা বছেৰেকত ফেব্ৰুৱাৰী আৰু আগষ্টত দুবাৰ কৈ সেৱন কৰোৱা হৈছিল। তেখেতে লগতে তিতাবৰত বিভিন্ন চৰকাৰী – বে- চৰকাৰী বিদ্যালয়ৰ লগতে ৩ খন বিকলাংগ বিদ্যালয়ৰ উপৰিও এখনকৈ অনাথ আৰু আবাসিক বিদ্যালয়ৰ মুঠ ৪৩৪৯৬ গৰাকী ছাত্র ছাত্ৰীৰ ভিতৰত ২২১৩৭ গৰাকী ছাত্ৰ, ২১৩৫৯ গৰাকী ছাত্ৰী আৰু অংগংবাদী কেন্দ্ৰৰ ৮৪৩৫ গৰাকী ছাত্ৰ আৰু ৭৩৪২ গৰাকী ছাত্ৰীক এনে ঔষধ সেৱন কৰোৱাৰ লগতে এই কাৰ্যসূচী অহা ১৭ ফেব্ৰুৱাৰী ত পুনৰ একে দৰেই সম্পন্ন হ’ব বুলি উল্লেখ কৰে।

Related posts

Leave a Comment