ফকিৰগঞ্জত আমছুৰ আঞ্চলিক সমিতি গঠন ঃ

Spread the love

Sharing is caring!

ফকিৰগঞ্জত আমছুৰ আঞ্চলিক সমিতি গঠন ঃ

দৈনন্দিন বাৰ্তাLive@দঃশালমাৰা ১২ ফেব্ৰুৱাৰী ঃ ধুবুৰী জিলাৰ ফকিৰগঞ্জত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ চিৰাকুটি আঞ্চলিক সমিতিৰ দিনজোৰা কাৰ্যসূচীৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয় । কাৰ্যসূচী মতে , ৰাতিপুৱা ৯:০০ বজাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পতাকা উত্তলোন কৰে ,৯:৩০ বজাত শ্বহীদ স্মৰণ কৰাৰ পিছত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰে । দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ সাধাৰণ সম্পাদক মিজানুৰ ৰহমানৰ উপস্থিতিত শতাধিক ছাত্ৰ তথা সচেতন নাগৰিকে অংশ গ্ৰহণ কৰা চিৰাকুটি আঞ্চলিক আমছুৰ সাধাৰণ সভাত মতিয়ৰ ৰহমান শিকদাৰক সভাপতি আৰু জাহানুৰ ইছলাম , মোছলেম উদ্দিন শিকদাৰ এই দুজনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩৫ জনীয়া কাৰ্যনিৰ্বাহকেৰে চিৰাকুটি আঞ্চলিক আমছুৰ নৱ নিৰ্বাচিত সমিতিখন গঠন কৰা   পৰিলক্ষিত হৈছে ।

Related posts

Leave a Comment