লেংটিছিঙাত অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাওঁ জিলা সমিতিৰ শপত গ্ৰহণ

Spread the love

Sharing is caring!

লেংটিছিঙাত অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাওঁ জিলা সমিতিৰ শপত গ্ৰহণ

দৈনন্দিন বাৰ্তাLive@, উত্তৰ শালমাৰা , ১২ ফেব্ৰুৱাৰী :: বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত লেংটিছিঙাৰ ৰাজীৱ গান্ধী সোঁ ৱৰণী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদৰ নৱগঠিত বঙাইগাওঁ জিলা সমিতিৰ এক শপত গ্ৰহণ অনুস্থান অনুস্থিত হৈ যায় । যত উপস্থিত থাকে অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্য্যকৰী সভাপতি মুকদ্দেছ আলী মণ্ডল আৰু সম্পাদক নুৰ মহম্মদ । অনুস্থানৰ আৰম্ভণিতে নৱগঠিত বঙাইগাওঁ  জিলা সমিতিৰ সকলো সদস‍্যক একোখনকৈ ফুলাম গামোছাৰে সম্বোৰ্ধনা জনোৱা হয় । ইয়াৰ পিছত অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি মুকদ্দেছ আলী মণ্ডলে নৱগঠিত বঙাইগাওঁ জিলা সমিতিৰ সভাপতি শ্বেখ আব্দুল হামিদক শপত বাক‍্য পাঠ কৰায় । পিছত  সভাপতি হামিদে জিলা সমিতিৰ বাকীসকল সদস‍্যক শপত বাক‍্য পাঠ কৰায় । উক্ত শপত গ্ৰহণ অনুস্থান উপলক্ষে  অনুস্থিত হোৱা সভাত ভাষণ প্ৰদান কৰি অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্য্যকৰী সভাপতি মুকদ্দেছ আলী মণ্ডলে শাসনাধিষ্ঠ ভাৰতীয় জনতা দলৰ বিধায়ক শিলাদিত‍্য দেৱক সমালোচনা কৰি কয় যে বিধায়ক শিলাদিত‍্য দেৱে আৰ এছ এছৰ হৈ কাম কৰিবলৈ গৈ মুছলমানসকলোৰ বিৰুদ্ধে অযথা  হৈ – চৈ সৃষ্টি কৰি আছে । তেওঁৰ কথাৰ কোনো মূল‍্যই নাই সেইকাৰণে তেখেতৰ কথাক লৈ মুছলমান ৰাইজে চিন্তা কৰাৰো কোনো কাৰণ নাই । সভাত  অসম সংখ‍্যালঘু  সংগ্ৰাম পৰিষদৰ কেন্দীয় সমিতিৰ  সম্পাদক নুৰ মহম্মদ , বঙাইগাওঁ  জিলা সমিতিৰ উপদেষ্টা অধিবক্তা লিয়াকত আলী আহমেদ , স্থানীয় শিক্ষাবিদ  শ্বেখ চৈয়দ আহমেদ আদি নেতাসকলেও ভাষণ প্ৰদান কৰে।

Related posts

Leave a Comment