Home পৰ্যটন পৰ্যটকৰ আকৰ্ষনৰ স্থলী হ’ব পাৰে চফ্ৰাইৰ চাহেবখানা, নুনমাটি নিজৰা

পৰ্যটকৰ আকৰ্ষনৰ স্থলী হ’ব পাৰে চফ্ৰাইৰ চাহেবখানা, নুনমাটি নিজৰা

1
0
পৰ্যটকৰ আকৰ্ষনৰ স্থলী হ'ব পাৰে চফ্ৰাইৰ চাহেবখানা, নুনমাটি নিজৰা

পৰ্যটকৰ আকৰ্ষনৰ স্থলী হ’ব পাৰে চফ্ৰাইৰ চাহেবখানা, নুনমাটি নিজৰা 


দৈনন্দিন বাৰ্তা Live, সোণাৰিৰপৰা অভিজিৎ ভূঞাৰ বিশেষ প্ৰতিবেদন, ২৫ নবেম্বৰ :- প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীগত বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে উত্তৰ পূৰ্বাঞ্চল বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটনৰ বাবে বিশেষভাবে আকৰ্ষণীয় ৰম্যভূমি হিচাপে পৰিগণিত হব পাৰে |  পৰ্যটনৰ অজস্ৰ সমলেৰে উপচি থকা অসম পৰ্যটনৰ এখন সম্ভাৱনাময় ক্ষেত্র হৈ পৰাৰ সময়তে চৰাইদেউ জিলাতো চিহ্নিত হৈছে বহুতো পৰ্যটনস্থলী | আহোম ৰাজত্বকালৰ প্ৰথমটো  স্থায়ী ৰাজধানী তথা পাছলৈ আহোম সকলৰ পবিত্ৰ মৈডামস্থলীলৈ পৰিণত হোৱা চৰাইদেউ মৈডাম ইতিমধ্যে পৰ্যটকৰ আকৰ্ষনৰ স্থলী হোৱাৰ সমান্তৰালকৈ আহোম যুগৰ বহুতো কীৰ্তিচিহ্নই আকৰ্ষণ কৰি আহিছে পৰ্যটকক | ইফালে অসমৰ অৰ্থনীতিৰ জ্বলন্ত সমস্যাৰাজিৰ অন্যতম নিবনুৱা সমস্যাটো সমাধানৰ  সম্ভাৱনাময় ক্ষেত্র হোৱাৰ পৰিপ্ৰেক্ষিততে বন্যপ্ৰাণী পৰ্যটন, সাংস্কৃতিক পৰ্যটন শেহতীয়াকৈ চাহ পৰ্যটন আদি ক্ষেত্রসমুহে নিবনুৱা যুবক যুৱতী সকলক আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ চৰাইদেউ জিলাতো সৃষ্টি হৈছে বহু পৰ্যটন ক্ষেত্র | শেহতীয়াকৈ চৰাইদেউ জিলাৰ সংবাকৰ্মীৰ দল এটাই  জিলাখনৰ বিভিন্ন স্থান পৰিভ্ৰমন কৰাৰ সময়তে পোহৰলৈ আহিছে আন এটা পৰ্যটনস্থলীৰ কথা | হয়, চফ্ৰাই চাহ বাগিচাৰ চাহেবখানা আৰু নুনমাটি নিজৰাৰ কথা উল্লেখ কৰিছোঁ | সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি মৃত্যুঞ্জয় দাসৰ নেতৃত্বত চফ্ৰাই চাহ বাগিচাৰ বিভিন্ন স্থান পৰিভ্ৰমন কৰাৰ সময়ত সংবাদ কৰ্মীৰ দলটোৱে প্ৰত্যক্ষ কৰিছিল চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাৰ এক নং চিংলৌ লাইনৰ গাতে লাগি থকা পৰ্যটনস্থলীৰ প্ৰচুৰ সম্ভাৱনা থকা এটা নিজৰা | যুৱ সংবাকৰ্মী মুহিজুদ্দিন আহমেদ, অভিজিৎ ভূঞা, আব্দুল জব্বৰ আৰু আচিকুৰ  ৰহমানে ধোদৰ আলিৰপৰা চফ্ৰাই চাহ বাগিচাৰ মাজেৰে প্ৰায় চাৰি কিলোমিটাৰ পথ অতিবাহিত কৰাৰ পাছত এক কিলোমিটাৰমান পদযাত্ৰা কৰি প্ৰত্যক্ষ কৰা এই নিজৰাটোৰ নাম নুনমাটি নিজৰা |  সোণাৰি নগৰৰপৰা শিবসাগৰ দিশে অহা পথত ধোদৰ আলিৰ কাষত অবস্থিত চফ্ৰাই চাহ বাগিচা তিনিআলিৰপৰা প্ৰায় পাঁচ কিলোমিটাৰমান আগবাঢ়িলেই পোৱা যায় এই নুনমাটি নিজৰা | আনহাতে এই আকৰ্ষণীয় নিজৰালৈ যোৱাৰ পথতে আছে চাহেবখানা | যি ঠাইত ব্ৰিটিছ আমোলাসকলে ভোজভাত খাই অবসৰ বিনোদন কৰাৰ পাছৰেপৰা চাহেবখানা হিচাপে পৰিচিত | প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এই চাহেবখানাৰপৰা মাত্ৰ পাঁচশ মিটাৰমান আতৰত আছে নুনমাটি নিজৰা | প্ৰকৃতিৰ ৰম্যভূমি প্ৰাকৃতিক পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই চাহেবখানা তথা নুনমাটি নিজৰালৈ স্থানীয় লোকসকল আহি ভোজ খাই যদিও প্ৰচাৰৰ অভাৱত আজিও এই ঠাইডোখৰৰ কথা নাজানে জিলাৰ বাহিৰৰ লোকতো বাদেই স্থানীয় বহু জনতাই | চৰাইদেউ জিলা প্ৰশাসনে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত আৰু স্থানীয় লোকসকলক লগত লৈ যদি এই ঠাইডোখৰ পৰ্যটকৰ আকৰ্ষনীয়কৈ গঢ়ি তুলিব পাৰে  তেতিয়াহলে জিলাখনৰ পৰ্যটন উদ্যোগৰ বাবে হৈ পৰিব আশাৰ বতৰা | আধুনিক জগতৰ যান্ত্ৰিক নগৰীয়া  সভ্যতাই মানুহক জুৰুলা কৰাৰ সময়ত যদি প্ৰকৃতিৰ মনোৰম সুষমা পান কৰাৰ বাবে নান্দনিক স্থান দুটাক আকৰ্ষণীয়কৈ গঢ়ি তোলাৰ লগতে সেই স্থানত চাহ পৰ্যটন কেন্দ্র এটা গঢ়ি তুলিলে নিবনুৱা যুবক যুৱতী সকলে আত্ম সংস্থাপনৰ সুবিধা পাব লগতে প্ৰকৃতিপ্ৰেমীসকল উপকৃত হোৱাৰ সমান্তৰালকৈ চৰাইদেউ জিলাই বিশ্ব পৰ্যটন মানচিত্ৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব |

LEAVE A REPLY

Please enter your comment!
Please enter your name here