Home মুখ্য পৃষ্ঠা  বাৰেচহৰীয়া ভাওনাৰ মুকুট নিমাৰ্ণ ব্যস্ত  মহিলা 

 বাৰেচহৰীয়া ভাওনাৰ মুকুট নিমাৰ্ণ ব্যস্ত  মহিলা 

36
0

 বাৰেচহৰীয়া ভাওনাৰ মুকুট নিমাৰ্ণ ব্যস্ত  মহিলা 

দৈনন্দিন বাৰ্তা Live@(   জোন বৰা)  , জামুগুৰিহাট  ২৩ ফেব্ৰুৱাৰী : -জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাৱনালৈ মাজত মাত্ৰ কেইটামান দিন বাকী ।এইমুহুৰ্তত দিনে নিশাই ব্যস্ত পকামূৰা পঠাৰ । ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ বাবে অঞ্চলটোৰ পুৰুষসকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে  অঞ্চলটোৰ মহিলাসকলো।ইতিহাসে গৰকা পকামূৰা পথাৰত বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপৰ কাম সম্পূৰ্ণ কৰাৰ বাবে পুৰুষসকলে যুদ্ধকালীন তৎপৰতা চলোৱাৰ সময়তে অতিথিক আদৰাৰ বাবে জা-জলপান,পিঠাপনা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ মহিলাসকল।বাৰেচহৰীয়া ভাওনাৰ বাবে ২১খনকৈ চন্দ্ৰতাপ তৈয়াৰ কৰা একাংশ মহিলাই চৌদিশে প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে জামুগুৰিহাটৰ অন্যতম গৌৰৱ বোকাখেচা ভাওনাৰে গৌৰৱাম্বিত পাতলৰচুক গাঁৱৰ আন একাংশ মহিলাই আকৌ বাৰেচহৰীয়া ভাওনাত ভাৱৰীয়াই ব্যৱহাৰ কৰিব লগা পোচাক তৈয়াৰ কৰাত দিনে নিশাই ব্যস্ত হৈ পৰিছে ।জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ প্ৰখ্যাত পোচাক শিল্পী যতীন শইকীয়াৰ তত্ত্বাৱধানত আৰু জোতিপসাদ শইকীয়া,ৰীতামনি শইকীয়া,জীনা বৰাকে আদি কৰি প্ৰায় কুৰিগৰাকী মহিলাই   তিনিশ ভাৱৰীয়াৰ বাবে পোছাক তৈয়াৰ কৰাৰ কামত দিনে নিশাই ব্যস্ত হৈ পৰিছে ।কোনোবাই যদি মুকুট চিলাইছে,কোনোবাই আকৌ পাইতালা,আন কোনোবাই আকৌ চিলাইছে বাজু আৰু ককালি।শিল্পী যতীন শইকীয়াই জানিব দিয়া মতে বাৰেচহৰীয়া ভাওনাৰ ২১ খন খলাৰ ভিতৰত ১২খন খলাৰ প্ৰায় তিনিশ ভাৱৰীয়াই পৰিধান কৰিবলগীয়া নতুন পোছাক তিনি দিন আগতেই সম্পূৰ্ণৰূপে তৈয়াৰ কৰি উলিয়াব।মুঠতে এতিয়া জামুগুৰিহাটত পুৰুষ কি মহিলা কাৰোৰে আহৰি নাই ।সকলো ব্যস্ত বাৰেচহৰীয়া ভাওনাক লৈ ।                      

LEAVE A REPLY

Please enter your comment!
Please enter your name here