Home Breaking News@দৈনন্দিন বাৰ্তা LIVE বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে দাখিল কৰিলে ২০১৮–১৯ বৰ্ষৰ সাধাৰণ বাজেট

বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে দাখিল কৰিলে ২০১৮–১৯ বৰ্ষৰ সাধাৰণ বাজেট

5
0

বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে দাখিল কৰিলে ২০১৮–১৯ বৰ্ষৰ সাধাৰণ বাজেট। মোদী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰি বিত্ত মন্ত্ৰী জেটলীয়ে উল্লেখ কৰে যে বৰ্তমান বিশ্বৰ সকলোতকৈ দ্ৰুত বিকাশশীল অৰ্থনীতি ভাৰতবৰ্ষৰ। মোদী চৰকাৰ অহাৰ পিছত বিকাশৰ দিশে অগ্ৰসৰ হৈছে ভাৰতৰ অৰ্থনীতি। শীঘ্ৰেই ভাৰতবৰ্ষ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হ’ব বুলিও ভাষণত উল্লেখ কৰে অৰুণ জেটলীয়ে। দেশৰ অৰ্থব্যৱস্থা বৰ্তমান সুস্থিৰ বুলিও বাজেট ভাষণত উল্লেখ বিত্ত মন্ত্ৰীৰ।

NDA চৰকাৰৰ দিনত সহজ হৈ পৰিছে ব্যৱসায়, মধ্যবিত্তৰ জীৱন সহজসাধ্য কৰা লক্ষ্য লৈছে চৰকাৰে’ – বাজেট ভাষণত উল্লেখ বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ। দেশৰ কৃষি উত্পাদনে অভিলেখ সৃষ্টি কৰিছে। কৃষকৰ উন্নয়নৰ বাবে যথেষ্ট কাম কৰিছে চৰকাৰে। কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে। কৃষকৰ উত্পাদনত ৫০% অধিক মূল্য লাভৰ লক্ষ্য, উত্পাদিত সামগ্ৰীৰ পৰা কৃষকে পাব ডেৰগুণ লাভ। ২০২২ চনৰ ভিতৰত কৃষকৰ আয় সৰ্বাধিক বৃদ্ধিৰ লক্ষ্যৰ কথা বাজেট ভাষণত উল্লেখ বিত্ত মন্ত্ৰীৰ। নাগৰিকৰ জীৱনত চৰকাৰী দখল নোহোৱা কৰাৰ লক্ষ্য বাজেটত।
♦ খাদ্য প্ৰস্তুতকৰণত ১৪০০ কোটি ধাৰ্য কৰা হৈছে ২০১৮–১৯ বৰ্ষৰ বাজেটত। আলু, বিলাহী, পিঁয়াজৰ বাবে অপাৰেশ্যন গ্ৰীন প্ৰকল্পৰ প্ৰস্তাৱ। এই প্ৰকল্পৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৫০০ কোটি টকা। জৈৱিক কৃষিকাৰ্যক অনুপ্ৰাণিত কৰাৰ লগতে আনুসংগিক উদ্যোগ গঢ়াত অধিক গুৰুত্ব বাজেটত। সকলো শস্যৰে ন্যূনতম সমৰ্থন মূল্য কৃষকে পাব বুলিও ভাষণত উল্লেখ জেটলীৰ। পশুপালন–মৎস্য উৎপাদনৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱস্থা কৰা হৈছে। বাজেটত ১০ হাজাৰ কোটি ধাৰ্য কৰা হৈছে মৎস্যপালন–পশুপালনৰ বাবে।
♦ ৮ কোটি দৰিদ্ৰ মহিলালৈ যোগান ধৰা হৈছে বিনামূলীয়া গেছ। ২০২২ চনৰ ভিতৰত প্ৰত্যেক দৰিদ্ৰ লোকলৈ ঘৰ প্ৰদানৰ লক্ষ্য চৰকাৰৰ। ৫১ কোটি নতুন ঘৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে। ২ কোটি নতুন ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ লক্ষ্যৰ কথা উল্লেখ কৰি জেটলীয়ে কয় যে ইতিমধ্যে ৬ কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে।
♦ স্বাস্থ্যসেৱাৰ আঁচনিৰ বাবে ১২০০ কোটি টকা ধাৰ্য কৰা হৈছে ২০১৮–১৯ বৰ্ষৰ বাজেটত। প্ৰত্যেক তিনিটা সমষ্টিক সামৰি স্থাপন কৰা হ’ব মেডিকেল কলেজ। যক্ষ্মা ৰোগীৰ পুষ্টিসাধনৰ বাবে ৬০০ কোটি টকা ধাৰ্য। ২৪খন নতুন মেডিকেল কলেজ স্থাপনৰ লক্ষ্য জেটলীৰ বাজেটত। ৫০ কোটি মানুহলৈ ৫ লাখ টকাকৈ স্বাস্থ্য সাহায্যৰ কথাও বাজেট ভাষণত উল্লেখ বিত্ত মন্ত্ৰীৰ। ১০ কোটি দুখীয়া মহিলাৰ বাবে স্বাস্থ্য বীমাৰ কথাও বাজেটত উল্লেখ।
♦ বৃদ্ধি হ’ব ৰাষ্ট্ৰপতি–ৰাজ্যপালৰ দৰমহা। ৰাষ্ট্ৰপতিৰ দৰমহা হ’ব ৫ লাখ টকা, উপ–ৰাষ্ট্ৰপতিৰ দৰমহা হ’ব ৪ লাখ টকা আৰু ৰাজ্যপালে লাভ কৰিব ৩.৫ লাখ টকা দৰমহা। বাজেট ভাষণত ঘোষণা বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ। সাংসদৰ দৰমহা নিৰ্ধাৰণৰ বাবে নতুন আইন। প্ৰতি ৫ বছৰত সাংসদৰ স্বতঃস্ফূৰ্ত দৰমহা।
♦ দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নতুন আঁচনিৰ প্ৰস্তাৱ ২০১৮–১৯ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত। গংগাৰ সুৰক্ষাৰ বাবে ধাৰ্য কৰা হৈছে ১৬,৭১৩ কোটি টকা। অনুসূচিত জাতি কল্যাণৰ বাবে ধাৰ্য ৫৬ হাজাৰ কোটি টকা। ৬০ কোটি বেংক একাউণ্ট অনা হ’ব জন–ধন যোজনাৰ অধীনলৈ। মুদ্ৰা যোজনাৰ বাবে ৩ লাখ কোটি ধাৰ্য বাজেটত।
♦ গ্ৰাম্য আন্তগাঁথনি উন্নয়নৰ বাবে ১৪.৩৪ কোটি ধাৰ্য ২০১৮–১৯ বৰ্ষৰ বাজেটত। ৭০ লাখ নতুন চাকৰি সৃষ্টিৰ লক্ষ্য চৰকাৰৰ। ৪ কোটি দৰিদ্ৰ পৰিয়ালক দিয়া হ’ব বিদ্যুৎ সংযোগ। গ্ৰাম্য অনাময় আঁচনিৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ১৬,৭৩১ কোটি টকা। আনহাতে, বস্ত্ৰ খণ্ডৰ বাবে ৭১৪ কোটি টকা আবণ্টনৰ কথাও বাজেট ভাষণত উল্লেখ কৰে জেটলীয়ে। কৰ্মচাৰীৰ বাবে EPF অনুদান ১২ শতাংশ বৃদ্ধি।
♦ ৯৯খন চহৰক স্মাৰ্টচিটী ৰূপে গঢ়াৰ প্ৰচেষ্টা চৰকাৰৰ। স্মাৰ্টচিটীৰ বাবে আবণ্টন ২.০৪ লাখ কোটি টকা। ৰে’লপথ–ঘাইপথ নিৰ্মাণৰ বাবে আবণ্টন সৰ্ববৃহৎ পুঁজি। বাজেট ভাষণত উল্লেখ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ। সীমান্তত পথ নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হয় এইবাৰৰ বাজেটত। ৯০০০ কিলোমিটাৰ নতুন ঘাইপথ নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ।
♦  ৰে’ল বিভাগৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ১.৪৮ লাখ কোটি টকা। সকলো ৰে’ল ষ্টেচনত খটখটীৰ সলনি এক্সেলেটৰৰ ব্যৱস্থা কৰা হ’ব। ৬০০ ৰে’ল ষ্টেচনক গঢ়ি তোলা হ’ব আধুনিক ৰূপত। ১২ হাজাৰ মালবাহী ডবা, ৫,১৬০টা ডবা আৰু ৭০০ ইঞ্জিন ক্ৰয়ৰ লক্ষ্য লৈছে চৰকাৰে। ২০১৯ৰ ভিতৰত নিৰ্মাণ হ’ব ৪ হাজাৰ কিলোমিটাৰ নতুন ৰে’লপথ। অৰুণাচলৰ চেলাপাছেৰে সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত। মুম্বাইৰ স্থানীয় ৰে’লসেৱাৰ বাবে ধাৰ্য কৰা হৈছে ১১ হাজাৰ কোটি টকা।
♦  ধৰ্মীয় পৰ্যটন চহৰৰ বাবে ‘হেৰিটেজ চিটী’ৰ আঁচনি চৰকাৰৰ। ১০ পৰ্যটন ক্ষেত্ৰক আদৰ্শ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলা হ’ব বুলি ভাষণত উল্লেখ অৰুণ জেটলীৰ। বিমানবন্দৰৰ সংখ্যা ৫ গুণ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ। ৫০০ চহৰৰ প্ৰতিঘৰলৈ পানী যোগানৰ অমৃত আঁচনিৰ কথাও উল্লেখ বিত্ত মন্ত্ৰীৰ। ৰবটিক্ছ–চাইবাৰ ছিকিউৰিটীত বিশেষ গুৰুত্ব বাজেটত। আনহাতে, প্ৰতিৰক্ষা আন্তঃগাঁথনিতো বিশেষ গুৰুত্ব এইবাৰৰ বাজেটত। ৮০ হাজাৰ কোটি বিনিয়োজনৰ লক্ষ্য চৰকাৰৰ।
♦  বাজেটত আয়কৰ অপৰিৱৰ্তিত ৰাখি জেটলীয়ে ঘোষণা কৰে যে প্ৰত্যক্ষ কৰ সংগ্ৰহ ১২.৬ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ব্যক্তিগত আয়কৰ সংগ্ৰহ বৃদ্ধি পাইছে ১১ শতাংশলৈ। কৰদাতাৰ সংখ্যা ১৯.২৫ লাখ বৃদ্ধি হোৱাত ৯০ হাজাৰ কোটি টকা বৃদ্ধি হৈছে আয়কৰ সংগ্ৰহ। এয়া ক’লাধনৰ বিৰুদ্ধে চলোৱা অভিযানৰ প্ৰভাৱ বুলি ভাষণত মন্তব্য জেটলীৰ। GSTৰ প্ৰৱৰ্তনৰ পিছত বৃদ্ধি পাইছে কৰ সংগ্ৰহৰ পৰিমাণ। 
♦  ২৫০ কোটি আয়ৰ কোম্পানীৰ বাবে ২৫% কৰ ধাৰ্য বাজেটত। জোতা–চামৰাৰ উদ্যোগলৈ কৰ ৰেহাইৰ ব্যৱস্থা। কৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে কৃষি সামগ্ৰী তৈয়াৰ কৰা উদ্যোগৰ ক্ষেত্ৰতো। ১০০ শতাংশলৈ কৰ ৰেহাইৰ ব্যৱস্থা চৰকাৰৰ। জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ সকাহ বাজেটত। মেডিক্লেইমৰ ক্ষেত্ৰত ৫০ হাজাৰ টকালৈ কৰ ৰেহাইৰ প্ৰস্তাৱ। ষ্টেণ্ডাৰ্ড ডিডাকচনৰ পুনৰ প্ৰৱৰ্তন। ৪০ হাজাৰ টকালৈকে ষ্টেণ্ডাৰ্ড ডিডাকচন।
♦   ‘ব্লেকব’ৰ্ডৰ সলনি বিদ্যালয়ত হ’ব ডিজিটেল ব’ৰ্ডৰ ব্যৱস্থা’ – বাজেটত ভাষণত উল্লেখ বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ। শিক্ষাৰ মান উন্নয়নৰ বাবে প্ৰযুক্তি ব্যৱহাৰৰ প্ৰস্তাৱ। বি–টেক ডিগ্ৰীধাৰীৰ বাবে জলপানিৰ ব্যৱস্থাৰ কথাও বাজেট ভাষণত উল্লেখ জেটলীৰ। বছৰত এটা পৰিয়াললৈ ৫ লাখ পৰ্যন্ত চিকিৎসা অনুদানৰ কথাও ঘোষণা বাজেট ভাষণত। বদোদৰাত ৰে’লৱে বিশ্ববিদ্যালয় স্থাপনৰ কথাও ঘোষণা জেটলীৰ।
♦  ‘বদ্ধি পাব আমদানিকৃত মোবাইল, টেলিভিছনৰ দাম’ – বাজেট ভাষণত মন্তব্য বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ। বাজেটত কাজু বাদামৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত

LEAVE A REPLY

Please enter your comment!
Please enter your name here