বিপজ্জনক হৈ পৰিছে মোহনবাৰী-নগাঘূলি পথ

Spread the love

Sharing is caring!

● কানসাৰ নাই গড়কাপ্তানী বিভাগৰ

দৈনন্দিন বাৰ্তা লাইভ@লাহোৱাল,১৫ ছেপ্টেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত মোহনবাৰী-নগাঘূলী সংযোগী গড়কাপ্তানী পথটোৰ শোচনীয় অৱস্থাই ৰাইজক দীৰ্ঘদিন ধৰি অতীষ্ঠ কৰি আহিছে । বিশেষকৈ এজাক বৰষুণ দিলেই বিধ্বস্ত হৈ পৰা এই পথছোৱা যাতায়তৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে । প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বাটচোৱা বিভাগটোৱে মেৰামতি কৰাতো দূৰৰ কথা, পথৰ মাজত জমা হৈ থকা পানী ওলাই যাবৰ বাবে নলা কাটি দিবলৈকো নাই কোনো বিভাগীয় কৰ্মী।

উল্লেখ্য যে, এই সুদীৰ্ঘ পথছোৱা আজি প্ৰায় ৭ বছৰৰ আগতেই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ গ্রীফ নামৰ সংস্থাটোৱে সম্পূর্ণ ৰূপত নিৰ্মাণ কৰাৰ লগতে চোৱা-চিতাও কৰি আহিছিল | যিহেতু সংস্থাটোৰ সা-সামগ্ৰী এই পথেৰেই অনা-নিয়া কৰিছিল । ইতিমধ্যে গ্রীফ নামৰ সংস্থাটো মোহনবাৰীৰ পৰা স্থানান্তৰিত হোৱাত এইসমূহ সা-সুবিধাৰ অন্ত পৰিল ।

উল্লেখনীয় যে, এই পথছোৱাৰে তিতাডিমৰু, হাৰাবাৰী, কানাই গাঁও আদিকে কৰি মনোহাৰী, গ্রীণউড্ আৰু নগাঘূলী চাহ বাগিচাৰ ৰাইজে দৈনিক এই পথেৰে অহা-যোৱা কৰে । কিন্তু এনে এটা গুৰুত্বপূৰ্ণ পথৰ মাজত দ গাঁতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে যাৰ ফলত অঞ্চলটোৰ ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে পথছোৱা মেৰামতিৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে | বৰ্তমানৰ বিধায়কগৰাকীও এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নাই ।

ৰাইজে অতি শীঘ্ৰে শোচনীয় পথছোৱা পুনৰ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে । অন্যথা সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে স্থানীয় বাসিন্দাসকলে ।

Related posts

Leave a Comment