Home মুখ্য পৃষ্ঠা বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ...

বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ ছাঁ

39
0

বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ ছাঁ
—————————-

দৈনন্দিন বাৰ্তা live@ বিহালী ১৫ মাৰ্চ

বিহালী একালৰ সংযুক্ত মুক্তি বাহিনী, অসমৰ সংক্ৰিয় সদস্য তথা বিহালী যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কুকিল বৰাৰ আজি গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অবস্থাত ক্ৰমাৎ স্বাস্থ্যৰ অধিক অবনতি হোৱাত ঘৰলৈ ঘূৰাই অনাৰ পথত অকাল মৃত্যুক আকোৱালী লয়।
অতি অমায়িক তথা সৰবৰহী যুৱ নেতা কুকিল বৰা যোৱা কিছুদিন ধৰি মেলিনা ৰোগত ভূগি থকাৰ লগতে মধুমেহ ৰোগতো আক্ৰান্ত আছিল।
হঠাৎ যোৱা কেইবাদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ অবস্থা ক্ৰমান্বয়ে অবনতি হোৱাত উন্নত চিকিতসাৰ বাবে ১১ ফেব্ৰুৱাৰীত গুৱাহাটীস্থিত দিশপুৰ হষ্পিতালত ভৰ্তি কৰায় |
তেখেতৰ অকাল মৃত্যুত অঞ্চলজুৰি এক শোকঁৰ ছাঁ পৰিছে |
তেখেতৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জু, কংগ্ৰেছ নেতা তুষাৰ বৰা , বিজেপি নেতা প্ৰেম চেত্ৰী, বৰগাংৰ সমাজ কৰ্মী ম:ছামাদ হূইছেন, কংগ্ৰেছ নেতা পিংকু চৌধুৰী ( প্ৰণৱ) ,বিহালী প্ৰেছ ক্লাৱৰ সভাপতি বীৰেন্দ্ৰ নাথ গোস্বামী , প্ৰাক্তন সভাপতি ভুৱন লুইটেল, সম্পাদক দিগন্ত কুমাৰ দাস , সাংবাদিক খগেন মটক, ত্ৰিদীপ দাস , কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা ,প্ৰাক্তন আলফা ঐক্য মঞ্চ বিহালীৰ সভাপতি মুকুট ভট্টাচাৰ্য,সম্পাদক ধীৰাজ দাস,চি পি আই (এম এল)ৰ ৰাজ্যিক সদস্য বিবেক দাস, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰা, অসম জাতীয়তাবাদী যুৱ- পৰিষদ,বিহালী আঞ্চলিক সমিতিৰ সভাপতি গোপাল উপাধ্যায়, মুকেশ উপাধ্যায়, সম্পাদক চিমন্ত দাসে গভীৰ শোকঁ প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
উল্লেখ্য যে মৃত্যুৰ সময়ত তেখেতে পত্নী মাতৃ আৰু এগৰাকী কন্যা সন্তান এৰি গৈছে ।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫২ বছৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here