বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহ ও বটাঁ বিতৰনী সভা সম্পন্ন

Spread the love

Sharing is caring!

বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহত ও বটাঁ বিতৰনী সভা সম্পন্ন :

দৈনন্দিন বাৰ্তাLIVE@(সীমান্তৰ দাস) বিহালী ২২ নৱেম্বৰ -: যোৱা ৬ নৱেম্বৰ পৰা বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহত আৰম্ভ হোৱা কাৰ্যসূচীটি আজি বটাঁ বিতঁৰনী বণিল কাৰ্যসূচীৰে সামৰণি পৰে । প্ৰবক্তা পৰশু চেত্ৰী সভাপতিত্ব অনুষ্ঠিত মূল সভা আৰম্ভণিতে এটি বৰগীতেৰে আৰম্ভ হোৱা সভা খন আতঁ ধৰে প্ৰবক্তা কৃষ্ণ বৰালে । সভাত বিশিষ্ট আমন্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰতিষ্ঠাপক অধ্যক্ষ লোক নাথ উপাধ্যায় । উপাধ্যায়ই সভাত বক্তব্য প্ৰকাশ কৰে বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ জন্ম আৰু ইতিহাস । ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সম্পাদিত আৰু লিখিত হাতে লিখা পত্ৰিকা ”পলস আৰু পৰশ ”ৰ শুভ উন্মোচন কৰে বিশিষ্ট গল্পকাৰৰ জয়ালক্ষী হাজৰিকাই । আনহাতে পত্ৰিকা দুখনৰ মূল্যায়ন আৰু সমীক্ষা দাঙি ধৰে ড: সঞ্জীৱ চেত্ৰীয়ে । ইফালে সভাত উপস্থিত থাকে নিদিষ্ট বক্তৃতা ৰুপত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড: ৰত্নকিংকৰ গোস্বামীয়ে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যয়ে ভাষণ আগবঢ়াই । সভাত উপস্থিত থাকে বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথৰ , সমাজ সেৱক ইন্দ্ৰেশ্বৰ কটকী, কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতি উপ সভাপতি ফিৰোজ দাসকে ধৰি সভাত উপস্থিত থকা ব্যক্তি সকলে বক্তব্য আগবঢ়াই ।

Related posts

Leave a Comment