Home প্ৰবন্ধ  ভেলেন্টাইন ডে…

 ভেলেন্টাইন ডে…

1
0

                                ভেলেন্টাইন ডে:

                                                                                               শেখৰ ভট্টাচাৰ্য ,
                                                                                               ৭৮৯৬৭৯২১৮৩

 

ভেলেন্টাইন ডে প্ৰতিজন প্ৰেমিক-প্ৰেমিকাৰ বাবে অতি পৰিচিত শব্দ । অধীৰ আগ্ৰহেৰে ৰৈ থাকে তেওঁলোক এই দিনটোলৈ।ইংৰাজী কেলেণ্ডাৰত নতুন বছৰৰ আগমন হোৱাৰে পৰা জল্পনা কল্পনা আৰম্ভ হয় কেনেদৰে পালন কৰিব এই বিশেষ দিনটো। ১৪ফেব্ৰৱাৰী ভেলেন্টাইন ডে ।


ভেলেন্টাইন ডে প্ৰথমে পপ গিলাচিয়াছে ৪৯৬খৃঃপূত আৰম্ভ কৰিছিল । এই দিনটো খ্ৰীষ্ট্ৰিয় শ্বহীদ চেইন্ট ভেলেন্টাইনৰ নামত উৎসৰ্গিত। কিন্তু আমাৰ অসমত কি দেশত,
কেনেদৰে ইয়াৰ ব্যাপক প্ৰচলন হল তাৰ বিশেষ তথ্য পাবলৈ নাই ।সেয়া যিয়েই নহওক বৰ্তমান আমাৰ সমাজত ভেলেন্টাইন ডেৰ বিশেষ জনপ্ৰিয়তা দেখা যায় ।ভেলেন্টাইনডে বুলিলেই দেখিবলৈ পাওঁ উপহাৰৰ দোকান,পাৰ্ক আদিত


প্ৰেমিক-প্ৰেমিকাৰ ভিৰ ।সাধাৰণতে ভেলেন্টাইন ডেতবপ্ৰেমিক-প্ৰেমিকাৰ মাজত ফুল,চকলেট, কাৰ্ড আদি উপহাৰৰ আদান-প্ৰদান হয়,যদিওঁ বৰ্তমান সময়ত প্ৰেমিক- প্ৰেমিকাই সিমানতে সীমাবদ্ধ নাথাকি ভেলেন্টাইন ডেৰ নামত পাৰ্ক,
ৰেষ্টুৰাত দৃশ্যকটু পৰিবেশ সৃষ্টি কৰা দেখা গৈছে।
বৰ্তমান সময়ত ভেলেন্টাইন ডেৰ প্ৰাসংগিকতা কিমান…..?
প্ৰেমৰ দৰে সম্পৰ্ক এটা জীয়াই ৰাখিবৰ বাবে নিশ্চয়কৈ এটা বিশেষ দিনৰ প্ৰয়োজন নাই ।এই দিনটোত আমি বিভিন্ন ঠাইত দেখিবলৈ পাম অসংযত অলেখ প্ৰেমিক-প্ৰেমিকাৰ যোৰা।কি শিকিব তেওলোকৰ পৰা আমাৰ উত্তৰ প্ৰজন্মই ? ভেলেন্টাইন ডে বুলিলেই প্ৰেয়সীৰ

বাবে এটা সুন্দৰ উপহাৰৰ কথা আহি পৰে ।কিন্তু কিমানৰ সামৰ্থ্য আছে।যিসকলৰ নাই তেওঁলোকে কি কৰিব,হয়তো প্ৰেয়সীৰ পৰা নিজৰ দৰিদ্ৰতা লুকাবৰ বাবে অসৎপন্থা গ্ৰহণ কৰিব ।এয়াই প্ৰকৃত সত্য ,এয়াই আমাৰ আধুনিকতা ।
       

বৰ্তমান প্ৰায় সকলো দেশতে ভেলেন্টাইন ডেৰ প্ৰচলন আছে যদিওঁ এই ক্ষেত্ৰত ব্যতিক্রম চীন । অৱশ্যে এনে নহয় যে চীনত প্ৰেমৰ দিৱসৰ ধাৰণা নাই ।চীনা সকলে বছৰৰ সপ্তম মাহৰ সপ্তম তাৰিখে প্ৰেমৰ দিৱস উদযাপন কৰে চীনৰ এই উৎসৱৰ নাম হ’ল “কি কিয়াউ জি”।চীনা সকলৰ এই উৎসৱৰ লগত এক পৌৰানিক কাহিনী জড়িত হৈ আছে বুলি জনা যায় ।


এই দিনটোৱেই হ’ল চাইনিজ কেলেণ্ডাৰৰ সপ্তম
মাহৰ সপ্তম দিন যিদিনা প্ৰেমিক
প্ৰেমিকা সকলে মেচ্ছেকা মন্দিৰত গৈ শান্তি আৰু প্ৰেমৰ বাবে প্ৰাৰ্থনা কৰে ।কিন্তু পৰিতাপৰ বিষয় এয়ে যে আমাৰ
প্ৰেমিক-প্ৰেমিকা সকলে ১৪ ফেব্ৰুৱাৰী দিনটো কেৱল আনন্দ-উপভোগৰ দিন হিচাপেহে গণ্য কৰে ।সংস্কৃতি সদায় গতিশীল ।কিন্তু তাৰ অৰ্থ এইটো নহয় যে সামাজিক পৰিবেশ, প্ৰচলিত সংস্কৃতিৰ লগত খাপ নোখোৱা কিছুমান উপাদান গ্ৰহণ কৰিব লাগে ।আমি এটা উপাদান গ্ৰহণ কৰোতে সদাই তাক সংস্কাৰৰ
মাধ্যমেৰেহে গ্ৰহণ কৰা উচিত ।আমাৰ প্ৰেমিক-
প্ৰেমিকা সকলে প্ৰেম জীয়াই ৰাখিবৰ বাবে যদি এটা বিশেষ দিনৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেন্তে তেওঁলোকে জয়মতী,বেহুলা লক্ষ্মীন্দৰৰ অমৰ প্ৰেম কাহিনীৰ সোৱঁৰণত এই দিন পালন কৰক তেতিয়া ই কিছু ইতিবাচক প্ৰভাৱ নিশ্চয়কৈ পেলাব ।আজি আমি ভেলেন্টাইন ডে উদযাপনত ব্যস্ত, কিন্তু কেইজনে তাৰ গুৰিতে থকা ঘটনা জানো,কেইজনে জানো চেইন্ট ভেলেন্টাইনক ।আজি আমি ভেলেন্টাইন
ডেত যিমান গুৰুত্ব দিছো সিমান গুৰুত্ব দিছোনে শিল্পী দিৱস,ৰাভা দিৱস আদিত..? আজি আমি প্ৰেমৰ দিৱস উদযাপন
কৰি প্ৰেমিক- প্ৰেমিকাক প্ৰেমেৰে ডুবাই ৰাখিছোঁ, কিন্তু বৃদ্ধ
পিতৃ মাতৃৰ প্ৰতি আমাৰ প্ৰেম- সহানুভূতিৰ অভাৱ ।এই প্ৰেমৰ দিৱসে প্ৰেমিক-প্ৰেমিকাৰ পৰিধি ভাঙি পিতৃ -মাতৃ আদিৰ
প্ৰতিও কিঞ্চিত মান হলেওঁ প্ৰেম উদয় কৰক তাৰ কামনা কৰিলোঁ ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here