Home ৰাজ্য মঙ্গলদৈত বিজেপি চৰকাৰৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছৰ বিশাল ধৰ্ণা কাৰ্যসূচী

মঙ্গলদৈত বিজেপি চৰকাৰৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছৰ বিশাল ধৰ্ণা কাৰ্যসূচী

1
0
উপযুক্তৰ জৰিয়তে ৰাষ্টপতিলৈ স্মাৰক পত্ৰ
 দৈনন্দিন বাৰ্তাLIVE@ মঙ্গলদৈ,১৫ চেপ্তেম্বৰঃৰাজ্যৰ চাৰিওফালে কংগ্ৰেছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰাৰ সময়তে মঙ্গলদৈতো বিজেপি চৰকাৰৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছে  ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে।কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহন কৰা ধৰ্ণা কাৰ্যসূচীত মোদী চৰকাৰ হায় হায় , ৰাফেল চুক্তিৰ তথ্য লাগে, মূল্য বৃদ্ধি হ্ৰাস কৰক, কলা ধনৰ হিছাপ দিয়ক, বিজেপি গ’ বেক, ৰাহুল গান্ধী জিন্দাবাদ , কংগ্ৰেছ জিন্দাবাদ  ইত্যাদি ধ্বনিৰে মঙ্গলদৈ চহৰৰ আকাশ বতাহ কপাই তোলে।
দৰং জিলা কংগ্ৰেছ কমিটীৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰে  দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলি,দৰং জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ওৱাহিদা আহমেদ, প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা আৰু বসন্ত দাস, প্ৰাক্তন সাংসদ  মাধৱ ৰাজবংসীৰ লগতে যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ নেতৃবৃন্দ সকল । ধৰ্ণা কাৰ্যসূচীৰ শেষত দৰং জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাফেল চুক্তিৰ তথ্য বিছাৰি দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here