Home মুখ্য পৃষ্ঠা মলাখোৱাত বাংলাদেশলৈ চালান দিয়া গৰু বলপূৰ্বক খেতি পথাৰত বান্ধি খেতি নষ্ট কৰাৰ...

মলাখোৱাত বাংলাদেশলৈ চালান দিয়া গৰু বলপূৰ্বক খেতি পথাৰত বান্ধি খেতি নষ্ট কৰাৰ প্ৰতিবাদত খেতিয়কৰ পৰিয়ালক আক্রমণ

32
0

মলাখোৱাত বাংলাদেশলৈ চালান দিয়া গৰু বলপূৰ্বক খেতি পথাৰত বান্ধি খেতি নষ্ট কৰাৰ প্ৰতিবাদত খেতিয়কৰ পৰিয়ালক আক্রমণ

  • গুৰুতৰভাৱে আহত ১২  ঃ
দৈনন্দিন বাৰ্তাLive@(আব্দুল্লাহ শেখ), হাটশিঙিমাৰী, ২৭ জানুৱাৰীঃ- দঃশালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত মলাখোৱা গাওঁত আজি পুৱা ৮ বজাত মকবুল হুছেইন, ছামছুল হক, ছাহজাহান আলী নামৰ বেকতি আদিয়ে উক্ত গাওঁৰ খেতিয়ক নুৰ ইছলামৰ খেতি পথাৰত বলপূৰ্বক বাংলাদেশলৈ চালান দিব খোজা গৰু খেতি পথাৰত বান্ধি দিয়ে। এই সন্দৰ্ভত নুৰ ইছলাম, ছবুৰ শেখ, ছুৰহাব শেখ বাধা প্ৰদান কৰাত সিহঁতৰ পৰিয়ালৰ ১২ জন মানুহক লাঠি, ফালা, দা আদিৰে আক্ৰমণ কৰে। ইয়াৰ ফলত ছবুৰ শেখ, ছুৰহাব শেখ, ৰেহেনা খাতুন, সাজেদা বেগম, আমিনুল ইছলাম, সাজিনুৰ ইছলাম, গুলেনুৰ বেগম, ৰুহুল আমিন আদিৰ অৱস্থা সংকটজনক। এই বেকতি কেইজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে। যদিও ৰুহুল আমিন, গুলেনুৰ বেগম, ছবুৰ শেখ আদিক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ভুক্তভোগীয়ে মকবুল হুছেইন, ছামছুল হক, শাহজাহান শেখ, জিয়াদুল ইছলাম, মামুনি বেগম, শাহেবা বেগম, ছইদুৰ ৰহমান, হাছান শেখ, জিয়ল শেখ, শপিকুল ইছলাম আদি কৰি ১৬ জন বেকতিৰ নামত সুখচৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। উল্লেখ যে এই আচামি কেইজনে এসপ্তাহ পূৰ্বে  উক্ত অঞ্চলৰ পাল হিন্দু সম্প্ৰদায়ৰ মানুহৰ তিনি বিঘা মাটি দখল কৰি সিহঁতক আক্ৰমণ কৰিছিল যদিও সুখচৰ আৰক্ষীয়ে কাণসাৰ দিয়া নাই। সেয়েহে আজি এনেকুৱা জঘন্য কাৰ্য সংঘটিত কৰিবলৈ সুবিধা গ্ৰহণ কৰিলে। এই দুষ্ট চক্ৰটোক আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here