Home ৰাজনীতি মহাত্মা গান্ধী,জৱাহৰলাল নেহেৰু তথা কংগ্ৰেছ সম্পৰ্কত ৰূপম গোস্বামীৰ তীৰ্য্যক আৰু অশোভনীয় মন্তব্যৰ...

মহাত্মা গান্ধী,জৱাহৰলাল নেহেৰু তথা কংগ্ৰেছ সম্পৰ্কত ৰূপম গোস্বামীৰ তীৰ্য্যক আৰু অশোভনীয় মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ

1
0

মহাত্মা গান্ধী,জৱাহৰলাল নেহেৰু তথা কংগ্ৰেছ সম্পৰ্কত ৰূপম গোস্বামীৰ তীৰ্য্যক আৰু অশোভনীয় মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ

দৈনন্দিন বাৰ্তা LIVE @বিশ্বনাথ চাৰিআলি,৩১ জানুৱাৰীঃ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ সম্পৰ্কে কৰা মন্তব্যক চৰম অশোভনীয় আৰু সাম্প্ৰদায়িক আখ্যা দি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে৷ আনকি এই সংক্ৰান্তত আজি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই বিহালী আৰক্ষী থানাত ৰূপম গোস্বামীৰ বিৰুদ্ধে এক এজাহাৰো দাখিল কৰে। বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কয় যে – ভাৰতবর্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ।  এইখন দেশত কোনে কি উপাধি লৈছে বা লিখিছে তাৰ ওপৰত মন্তব্য কৰি  দেশৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ প্ৰতি ভাবুকি আনিছে বিজেপিৰ মুখপাত্র ৰূপম গোস্বামীয়ে। দেশৰ প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নাম কিয় খান নহৈ গান্ধী হ’ল বুলি কৰা ৰূপম গোস্বামীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। দেশক স্বাধীন কৰাৰ মূল নায়ক কেইজনৰ ভিতৰত অন্যতম হৈছে দেশৰ প্ৰয়াত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু৷ যি গৰাকী ব্যক্তিয়ে নিজৰ সকলো সম্পত্তি দেশৰ নামত উছৰ্গা কৰিছিল। তেনে এগৰাকী মহান মনিষীৰ  বিষয়ে অপমানসূচক মন্তব্য কৰাটো সমগ্ৰ  দেশৰ বাবেই অপমানজনক আৰু সংকীৰ্ণতাৰ পৰিচায়ক৷ ১৮৮৫ চনতে জন্ম লাভ কৰা কংগ্রেছ দলৰ সভাপতিৰ আসন শুৱনি কৰিছিল স্বয়ং জাতিৰ পিতা মহাত্মা গান্ধীয়ে। ভাৰতবর্ষক স্বাধীন কৰোৱা সেই কংগ্ৰেছ দলক ‘ডুপ্লিকেট’ বুলি উপলুঙা কৰাৰ নৈতিক অধিকাৰ ৰূপম গোস্বামীৰ নাই বুলি দাবী কৰা কংগ্ৰেছ মুখপাত্ৰ তুষাৰ বৰাই এনে মন্তব্যই দেশখনৰ বাবেই অপমানজনক বুলি অভিযোগ কৰে৷
বিজেপিৰ মুখপাত্র ৰূপম গোস্বামীয়ে কৰা অপমানজনক মন্তব্যবোৰ বিভিন্ন মাধ্যমত  ব্যাপকভাৱে প্ৰচাৰিত হৈছে আৰু সেইবোৰে দেশত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণক প্ৰৰোচিত কৰিছে। সেয়েহে ৰূপম গোস্বামীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত আৰক্ষীক দাবী জনাইছে  বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here