Home মুখ্য পৃষ্ঠা মাতৃৰ কোলা শূন্য কৰি গ’লগৈ স্নিগ্ধৰাগ , চতিয়াত শোকৰ বন্যা

মাতৃৰ কোলা শূন্য কৰি গ’লগৈ স্নিগ্ধৰাগ , চতিয়াত শোকৰ বন্যা

46
0

মাতৃৰ কোলা শূন্য কৰি গ’লগৈ স্নিগ্ধৰাগ

  • চতিয়াত শোকৰ বন্যা

 

দৈনন্দিন বাৰ্তা Live,চতিয়া:- স্নিগ্ধৰাগ- এক মিঠা অনুভৱ,সংগ্ৰামৰ এক জ্বলন্ত শিখা,দুৰন্ত সৈনিক,এবছৰীয়া এটি দেৱ শিশু৷ যাৰ জন্ম যেন সংগ্ৰামৰ বাবেহে হৈছিল৷ চতিয়াৰ খনাগুৰিৰ মধুস্মিত শইকীয়া আৰু হিমাশু ভূঞাৰ এবছৰীয়া সন্তান স্নিগ্ধৰাগ ৷জন্মৰ প্ৰায় কেইমাহ মান পাচতে নেমোনিয়া ৰোগত আক্ৰান্ত হৈছিল দেৱ শিশুটি৷চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি ঘূৰি অৱশেষত গুৱাহাটীৰ মাজ মজিয়াত অৱস্হিত অত্যাধুনিক কাৰিকৰি কৌশলপূৰ্ণ “প্ৰতীক্ষা” হস্পিটালত ভৰ্তি কৰা হৈছিল৷ কিন্তু ৰোগে জটিলতা ৰূপ ধাৰণ কৰাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল দিল্লীৰ গংগাৰাম হস্পিটাললৈ৷ যোৱা ৩ চেপ্তেম্বৰত অসম চৰকাৰ আৰু অসম আৰক্ষীৰ বিশেষ তৎপৰতাত গুৱাহাটীৰ মাজমজিয়াত অসমৰ ইতিহাসত প্ৰথম বাৰৰ বাবে গ্ৰীন কৰিডৰ সৃষ্টি কৰি দিল্লীলৈ নিয়া হৈছিল৷ গুৱাহাটীৰ প্ৰতীক্ষা হস্পিটালৰ পৰা দিল্লীৰ গংগাৰাম হস্পিটাললৈ এক যন্ত্ৰণাকাতৰ জীৱন পৰিক্ৰমাৰে জীৱন যুদ্ধত অবৰ্তীনহৈ দেশবাসী তথা অসমবাসীৰ প্ৰাৰ্থনাত আৰোগ্যহৈ যোৱা ২৮ ডিচেম্বৰত চতিয়া খনাগুৰিৰ নিজা বাসগৃহলৈ ওভতি আহিছিল৷ উল্লেখযে দিল্লীৰ গংগাৰাম হস্পিটালত ভৰ্তিহৈ থকা সময়তে ২৩ চেপ্তেম্বৰত স্নিগ্ধৰাগৰ অন্নপ্ৰসন্নহৈ যায় ৷ সেই দিনা চিকিৎসকেও খাদ্যৰ তালিকাত গাখীৰৰ উপৰিও অন্য খাদ্য সংযোজন কৰিছিল৷ নিজগৃহত আইতাকেও থাপনাত পায়স আগবঢ়াইছিল৷ আৰোগ্য হৈ নিজ গৃহলে অনাৰ পিচত যোৱা ২৪ ফেব্ৰুৱাৰীত উলহ-মালহৰে স্নিগ্ধৰাগৰ জন্মদিন পালন কৰা হয় ওপজা ঘৰত৷ ঘৰখনলৈ আহিছিল আশাৰ ৰেঙনি, আনন্দ মুখৰহৈ পৰিছিল পৰিৱেশ৷ কিন্তু সেয়া যে সহ্য নহল নিয়তিৰ পুনৰ অসুস্হ হৈ পৰিল স্নিগ্ধৰাগ৷ ১০ মাৰ্চত আকৌ ভৰ্তি কৰা হ’ল প্ৰতীক্ষা হস্পিটালত ৷ চিকিৎসকে জনোৱা মতে শিশুটিৰ শৰীৰত ছডিয়ামৰ পৰিমান কমি গৈছে, যাৰ ফলত সংজ্ঞাহীনহৈ পৰিছে স্নিগ্ধৰাগ৷ অৱশেষত মৃত্যুৰ সৈতে যুজি যুজি নিয়তিৰ ওচৰত হাৰ মানি যোৱা নিশা ১বাজি ৩ মিনিটত প্ৰতীক্ষা হস্পিটালতে শেষ নিশ্বাস ত্যাগ কৰে দেৱ শিশুটিয়ে৷ আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন – কি কৰা নাছিল মাকে ৷ অপ্ৰান চেষ্টা কৰিছিল নিজৰ সন্তানক বচাবলৈ ৷কিন্তু মাতৃৰ চেষ্টা ,দেশৰ সহস্ৰজনৰ আৰ্শীবাদ, প্ৰাথনাও যেন নিয়তিৰ কঠোৰ সিদ্ধান্তক তলাব নোৱাৰিলে আৰু কালি নিশা স্নিগ্ধৰাগ শেষ বিদায় মাগিলে৷ আজি পুৱা স্নিগ্ধৰাগৰ নশ্বৰ দেহ চতিয়াৰ খনাগুৰিৰ নিজবাসগৃহ আহি পোৱাৰ লগে লগে অজস্ৰলোক আহি ভিৰ কৰেহি ৷ এক শোকাকুল পৰিৱেশে সৃষ্টি হয় চতিয়াত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here