Home মুখ্য পৃষ্ঠা সাংবাদিক সকল অৰ্ন্তদৃষ্টি সম্পন্ন,অনুসন্ধিৎসু আৰু অধ্যয়নশীল হলেহে সমাজ আৰু দহৰ উন্নতি সম্ভৱ...

সাংবাদিক সকল অৰ্ন্তদৃষ্টি সম্পন্ন,অনুসন্ধিৎসু আৰু অধ্যয়নশীল হলেহে সমাজ আৰু দহৰ উন্নতি সম্ভৱ হৈ উঠিব ৷”___ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্য

51
0
সাংবাদিক সকল অৰ্ন্তদৃষ্টি সম্পন্ন,অনুসন্ধিৎসু আৰু অধ্যয়নশীল হলেহে সমাজ আৰু দহৰ উন্নতি সম্ভৱ হৈ উঠিব ৷” এই মন্তব্য বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্য
দৈনন্দিন বাৰ্তা Live@নলবাৰী,১৯ মাৰ্চঃ “সাংবাদিক সকল অৰ্ন্তদৃষ্টি সম্পন্ন,অনুসন্ধিৎসু আৰু অধ্যয়নশীল হলেহে সমাজ আৰু দহৰ উন্নতি সম্ভৱ হৈ উঠিব ৷ এই মন্তব্য বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ।নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত কালি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সভাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ন পুৰণি সাংবাদিক সতীৰ্থ সন্মিলনত ভাষণ দি ড৹ ভট্টাচাৰ্যই কয় যে সাংবাদিকৰ দায়িত্ব গধুৰ কিন্তু অভিজ্ঞতা অতি মধূৰ ।সাংবাদিক সকলে সংবাদ সেৱাৰ জড়িয়তে পূন্যৰ কাম কৰা বুলিও তেও অভিহিত কৰে। দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত হোৱা ন-পুৰণি সাংবাদিক সতীৰ্থ সন্মিলন উদ্বোধন কৰি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই কয় যে সাংবাদিক সকল নিজৰ কৰ্তব্য সম্পৰ্কে দায়বদ্ধ হলে সমাজে সকলো ক্ষেত্ৰত সঠিক দিশত গতি লব পাৰে ।নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনত নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, বিশিষ্ট সমাজসেৱী গনেশ তামুলী,নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডা বিপিন চন্দ্ৰ কলিতাই ভাষণ প্ৰদান কৰে ।পুৱা সদৌ অসম সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ।ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ফাইজুৰ ৰহমানে।নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুনজ্যোতি পাঠকে আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনে শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে।অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সাংবাদিক ৰাজেন ডেকা, কিশোৰ কুমাৰ কলিতা, কমলেশ শৰ্মা, ব্ৰজেন তালুকদাৰ আৰু এম মহিবৰ ৰহমানে। অনুষ্ঠানত জিলা খনৰ ১৩ গৰাকী সাংবাদিক ক্ৰমে যাদৱ সেন ডেকা, নাউদত্ত তালুকদাৰ, ফনীন্দ্ৰ নাথ কলিতা, ৰমনী বৰ্মন, এম হাছান আলী, দ্বীজেন্দ্ৰ নাথ শৰ্মা,ৰাজেন ডেকা, হীতেশ ডেকা, ওৱাহিদুজ জামান,বসন্ত দাস আৰু কনক কলিতাক সম্বৰ্ধনা জনোৱা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here