Home উদ্যমী সাহিত্য সভাত বিজ্ঞানৰ  চমক দিবলৈ সাজু টিংখাঙৰ জিতু প্ৰসাদ গগৈ

সাহিত্য সভাত বিজ্ঞানৰ  চমক দিবলৈ সাজু টিংখাঙৰ জিতু প্ৰসাদ গগৈ

2
0

টিংখাং – ৩০ জানুৱাৰী 

তিনিচুকীয়াৰ বৰডুমচাত আজিৰে পৰা অনুষ্ঠিত হোৱা সাহিত্য সভাৰ ৭৪ সংখ্যক অধিবেশনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। সমান্তৰালভাৱে সাহিত্য সভাৰ অধিবেশনত বিজ্ঞানৰ চমক দিবলৈ প্ৰস্তুত হৈছে টিংখাঙৰ জীতু প্ৰসাদ গগৈ নামৰ এজন বিজ্ঞান শিক্ষক। টিংখাঙৰ ঘাঁহি গাঁৱৰ গভীৰ সৃষ্টিশিল মনৰ জীতু প্ৰসাদ গগৈয়ে সাহিত্য সভাৰ তৰফৰ পৰা বৰডুমচা অধিবেশনত বিজ্ঞানৰ বিশেষ প্ৰদৰ্শনীৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। যাৰ বাবে বিগত প্ৰায় এপষেক ধৰি বিজ্ঞানৰ বিভিন্ন আকৰ্ষণীয় আৰ্হি প্ৰস্তুত কৰি তোলিছে   শিক্ষকজনে। বিশেষকৈ ছাত্ৰ -ছাত্ৰী সকলৰ মাজক বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ মহান উদ্দেশ্যেৰে মনোৰঞ্জন ধৰ্মী ১২ বিধ বিজ্ঞানৰ নমুনা প্ৰস্তুত কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে জিতু প্ৰসাদ গগৈয়ে। যৌগিক দুলক , বায়ুৰ চাপ  মেচিন , গজালৰ মুড়া , পোহৰৰ সুৰংগ আদি উদ্ভাৱন কৰি অধিবেশনস্থলিত একপ্ৰকাৰ চমক সৃষ্টি কৰিবলৈ সাজো হৈছে বিজ্ঞান শিক্ষকজন। বিশেষকৈ ভৰৰ ভাৰসাম্যতাৰ আৰ্হিত প্ৰস্তুত কৰি উলিওৱা টেৰডল প্ৰজাতিৰ বিশালকায় চৰাইটোৱে বিশেষ আকৰ্ষণৰ সৃষ্টি কৰিব সাহিত্যপ্ৰেমীৰ মাজত। অত্যন্ত অনুসন্ধিৎসু মনৰ গৰাকী জীতু প্ৰসাদ গগৈৰ বিজ্ঞানৰ ব্যৱসাৰিক দিশত আছে অগাধ দক্ষতা। দীৰ্ঘসময় ধৰি শিক্ষকজনে বিজ্ঞানৰ বিভিন্ন দিশৰ ওপৰত পৰীক্ষা অব্যাহত ৰাখিছে। তেঁওৰ কেইবাটাও উদ্ভাৱনী যন্ত্ৰৰ কাম অসম্পূৰ্ণ অৱস্থাত আছে। উল্লেখযোগ্য যে যোৱা ৩১ ডিচেম্বৰত গুজৰাটত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত তেখেতে উদ্ভাৱন কৰা বিজ্ঞান মডেলৰ বাবে শ্ৰেষ্ঠতৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
   বিজ্ঞানক সহজ ৰূপত প্ৰদৰ্শন কৰি ছাত্ৰ -ছাত্ৰীৰ মাজত বিজ্ঞানৰ ধাউতি বৃদ্ধি কৰিব বিচৰা জীতু প্ৰসাদ গগৈৰ প্ৰচেষ্টা সফল হওঁক।

         @ত্ৰিদিৱ ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here