Home ক্ৰীড়া বাৰ্তা সৃজনগ্ৰামত থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা

সৃজনগ্ৰামত থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা

1
0

সৃজনগ্ৰামত থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তাৰ সেৱা, অভয়াপুৰী,১৪ ফেব্ৰুৱাৰী
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত সৃজনগ্ৰামৰ বৰঘোলাত  জেষ্ঠ নাগৰিক সন্থা আৰু বৰঘোলাস্থিত বৰ্ণালী কৃষ্টি বিকাশ সংঘৰ উদোগত আজি অনুস্থিত কৰা সৃজনগ্ৰাম মজলীয়া বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্য্যসূচীৰে আন আন বছৰৰ দৰে এই বছৰো  থলুৱা খেল ধেমালি অনুস্থিত কৰে । ব্যতিক্ৰমি চিন্তা-চৰ্চাৰে  প্ৰতিযোগিতা মূলক থলুৱা খেল-ধেমালিসমুহে  অঞ্চলবাসীৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, পুৰণি এই খেল-ধেমালি সমুহ জীয়াই ৰখাৰ বাবে এই প্ৰচেষ্টা জেষ্ঠ নাগৰিক সন্থাৰ আৰু অনুস্থানটোৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি যতীন পাঠকে তাৰ পিছত বন্তি প্ৰজ্বলন কৰে  উমেশ চন্দ্ৰ ৰায়ে । প্ৰতিযোগিতামুলক খেলধেমালি সমুহ হৈ যোৱাৰ পিছত এখন বঁটা বিতৰণি সভা অনুস্থিত কৰা হয়  আৰু এই সভাত উপস্থিত থাকে বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা,উত্তৰ শালমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক শইকীয়া, সৃজনগ্ৰাম খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিমল বেহেৰাৰ লগতে উপস্থিত থাকে জেষ্ঠ নাগৰিক সন্থা আৰু বৰ্ণালী কৃষ্টি বিকাশ সংঘৰ সদস্যসকল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here