Home ক্ৰীড়া বাৰ্তা হাওৰাঘাট অষ্টম বাৰ্ষিক বেডমিন্টন চেমপিয়নশ্বীপৰ প্ৰথম শ্ৰেষ্ঠ ডিফু, দ্বিতীয় শ্ৰেষ্ঠ হাওৰাঘাট 

হাওৰাঘাট অষ্টম বাৰ্ষিক বেডমিন্টন চেমপিয়নশ্বীপৰ প্ৰথম শ্ৰেষ্ঠ ডিফু, দ্বিতীয় শ্ৰেষ্ঠ হাওৰাঘাট 

1
0
হাওৰাঘাট অষ্টম বাৰ্ষিক বেডমিন্টন চেমপিয়নশ্বীপৰ প্ৰথম শ্ৰেষ্ঠ ডিফু, দ্বিতীয় শ্ৰেষ্ঠ হাওৰাঘাট 

হাওৰাঘাট ২৫ জানুৱাৰীঃ যোৱা নিশা হাওৰাঘাট ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত  অষ্টম বাৰ্ষিক বেডমিন্টন চেমপিয়নশ্বীপ – ২০১৮ ৰ সফল সামৰণি পৰে। বৃহত্তৰ হাওৰাঘাট বেডমিন্টন সন্থাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে হাওৰাঘাট ক্ৰীড়া সন্থাৰ সম্পাদক ব্ৰজেন তিমুঙে। হাওৰাঘাট, লাংহিন, বকলীয়াঘাট, ডিফু আৰু নগাঁৱৰ কেইবাজনো প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰে। তুমূল প্ৰতিদ্বন্ধিতাপূৰ্ণ এই প্ৰতিযোগিতাখনৰ চুড়ান্ত খেলখন অনুষ্ঠিত হয় ডিফু আৰু হাওৰাঘাটৰ মাজত। খেলত ডিফুৰ মৃদুল ৰংপি আৰু অমৃত ৰংপিয়ে হাওৰাঘাটৰ উৎপল শইকীয়া আৰু সুমন দেৱনাথক ২-০ ছেটত পৰাস্থ কৰি বিজয়ীৰ সন্মান অৰ্জন কৰে। 
নিশালৈ অনুষ্ঠিত বঁটা বিতৰণী সভাত ৰাষ্ট্ৰীয় ভলীবল পৰিচালক ৰনদীপ ফুকন আৰু সামাজিক প্ৰতিষ্ঠান হাওৰাঘাট যমুনা গ্ৰুপৰ মুখপাত্ৰ ৰূপক দাস আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰে। এই প্ৰতিযোগিতাত প্ৰথম  পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় নবীন বৰা সোঁৱৰণি বঁটা আৰু নগদ ধন। আনহাতে দ্বিতীয় পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় যমুনা গ্ৰুপ, হাওৰাঘাটৰ বঁটা আৰু নগদ ধন। উল্লেখ্য এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থকা যমুনা গ্ৰুপৰ মুখপাত্ৰ ৰূপক দাসে ঘোষণা কৰে যে অনাগত দিনত এই প্ৰতিযোগিতাৰ পৰিসৰ অধিক বহল কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here