Home ৰাজ্য হাটশিঙিমাৰীত পোষণ অভিযানৰ শুভাৰম্ভ জিলা উপায়ুক্তৰ

হাটশিঙিমাৰীত পোষণ অভিযানৰ শুভাৰম্ভ জিলা উপায়ুক্তৰ

1
0

দৈনন্দিন বাৰ্তা live, হাটশিঙিমাৰী, ১৫ ছেপ্তেম্বৰঃ- হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত  আজি দুপৰীয়া ১২ বজাত জিলা উপায়ুক্ত আতিকা চুলতানাই পোষণ অভিযানৰ শুভাৰম্ভ কৰে।

উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে দণ্ডাধীশ এ কে ইলিয়াছ আহমেদ, ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া জৌতি প্ৰশাদ শৰ্মা, বি টি অ জাহাংগীৰ আলম,এছ এ আব্দুল মমিন সৰকাৰ, অধ্যক্ষ আঃ কায়ম শেখ, প্ৰকল্পত কৰ্মৰত মুখ্য সেৱীকা আৰু অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সকল।

উল্লেখ যে সমাজ কল্যাণ বিভাগৰ নিৰ্দেশ অনুযায়ী হাতে হাত ৰাখি শপত গ্ৰহণ কৰে আৰু ৰাইজক সজাগ কৰিবলৈ বেনাৰ পোষ্টাৰ হাতত লৈ পুষ্টিকৰ আহাৰ খাব লাগে, ৰাস্তা ঘাটত শৌচ আৰু প্ৰসাৱ কৰিব নালাগে আদি ধ্বনিৰে হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰৰ পৰা ছুপাৰ মাৰ্কেট হৈ ৰেলি প্ৰদৰ্শন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here