Home সমসাময়িক হাতী-মানুহৰ সংঘাতত নিহত পৰিয়াললৈ এককালিন সাহাৰ্য প্ৰদান

হাতী-মানুহৰ সংঘাতত নিহত পৰিয়াললৈ এককালিন সাহাৰ্য প্ৰদান

1
0

হাতী-মানুহৰ সংঘাতত নিহত পৰিয়াললৈ এককালিন সাহাৰ্য প্ৰদান

 

দৈনন্দিন বাৰ্তা Live@ডিমৌৰ পৰা গৌতম হীৰা ১৫ মাৰ্চ:- বিগত বৰ্ষত শিৱসাগৰ জিলাত সংঘটিত হোৱা হাতী-মানুহৰ সংঘাতত নিহত হোৱা দুটাকৈ পৰিয়াললৈ অসম চৰকাৰৰ তৰফৰপৰা আগবঢ়োৱা হৈছে এককালিন অৰ্থ সাহাৰ্য । বৃহস্পতিবাৰে শিৱসাগৰ জিলা বন সংমণ্ডলৰ কাৰ্যালয়ত বন্যহস্তীৰ লগত সংঘাতত নিহত হোৱা থাওৰা সমষ্টিৰ মধু ছেত্ৰী আৰু আমগুৰি সমষ্টিৰ ৰাজেন চাওঁৰাৰ পৰিয়াল বৰ্গলৈ অসম চৰকাৰৰ পৰা প্ৰদান কৰা এককালীন সাহাৰ্যৰ চেক বিতৰণ কৰে । উক্ত সভাত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ভবেন্দ্ৰ নাথ মহন, থাওৰাৰ বিধায়ক কুশল দুৱৰী, জিলা বন সংমণ্ডল বিষয়া বিদ্যা বৰদলৈৰ লগতে বিভাগীয় কৰ্মচাৰীৰ আৰু পৰিয়ালৰ লোকসকল উপস্থিত থাকে । অসম চৰকাৰৰ তৰফৰ পৰা মধু ছেত্ৰীৰ ভাতৃ এক বাহাদুৰ ছেত্ৰীক চাৰি লাখ টকা আৰু ৰাজেন চাওঁৰাৰ পত্নী মালতী চাওঁৰাক এক লাখ টকাৰ চেক প্ৰদান কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here