Home প্ৰবন্ধ হৃদয়ে বিচাৰে তোমাক,

হৃদয়ে বিচাৰে তোমাক,

1
0

হৃদয়ে বিচাৰে তোমাক,

          আজি তোমালৈ বৰকৈ মনত পৰিছে । তুমি অহাৰ দিনা চাৰিওফালে ফুল ফুলিছিল। এই যে কৃষ্ণচূড়াৰ ডালটো কিমান ৰঙা হৈছিল তুমিতো দেখিছিলাই । আমি এই পদপথেৰেই দুহাতত ধৰি আগুৱাইছিলো সৌ কেন্টিনৰ তিনি নম্বৰ টেবুলখনলৈ । আমাক একেলগে দেখি আমাৰ হোষ্টেলৰ টিংকু, ৰাহুল আৰু জ্যোৰ্তিময় দাদাই যে, মাইনা-মাইনা বুলি চিঞৰিছিল তোমাৰ জানো মনত নাই । লাজতে তোমাৰ গুলপীয়া গাল দুখন তেজৰঙা হৈ পৰিছিল, ময়ো মুচকচ গৈছিলো । একেথৰে চাইছিলো ভৰিৰ তলৰ মাটি ডোখৰলৈ, যেন আমি একোৱেই দেখা নাই ।

          সেইদিনা আছিল দেওবাৰ, আমি দুয়ো শুক্ৰেশ্বৰ ঘাটলৈ আহিছিলো । চিটিবাছৰ মহিলা সংৰক্ষিত আসন সমূহ খালী থকা সত্ত্বেও তুমি সোঁ‌হাতৰ আসনৰ খিৰিকী কাষত বহিছিলা । চিটিবাছৰ ঠেক আসনৰ সুযোগ লৈ ময়ো গাতে গা লগাই বহিছিলো । তোমাৰ দেহৰ পৰা ভাহি অহা সুকোমল গোন্ধ আৰু চুলিৰ জেতুকা জেতুকা গোন্ধটোৱে বৰকৈ আমনি কৰিছিল । গাত গা লগাই বহিছিলো যদিও তোমাক স্পৰ্শ কৰাৰ সাহস নহৈছিল । এক বুজাব নোৱাৰা হেপাঁ‌হত শুক্ৰেশ্বৰৰ এছটা শিলত বহি ব্ৰহ্মপুত্ৰৰ পানীৰ ঢৌ গণিছিলো । তুমি দেখুৱাইছিলা কি দৰে ৰান্ধনী বেলিৰ হেঙুলীয়া আভাৰে পশ্চিম আকাশ পোহৰাই আছিল ।

          যোৱা বছৰৰ আজিৰ দিনটোতে আমি দেওশাল মন্দিৰলৈ গৈছিলো ।তোমাৰ চাগৈ ভালকৈয়ে মনত আছে দেওশালত সেৱা জনাই আমি যে আমচাংৰ মাজত সজা স্প্ৰীং ভেলী ৰিজ’ৰ্টলৈ গৈছিলো । উটৰ পিঠিত উঠোতে তুমি বৰ ভয় কৰিছিলা । ভয়তে মোৰ দুবাহুত প্ৰথম বাৰৰ বাবে সাৱটি ধৰিছিলা । আস্ , কি আলিংগন । ঘৰমূৱা যাত্ৰাত তোমাক যে কৈ গৈছিলো আৰিমত্তৰ কাহিনী, দেওশালৰ বৰ্ণনা, জোনবিলৰ পাৰত বহা মামা-মামীৰ কাহিনী । তুমি বৰ উৎকন্ঠাৰে শুনি গৈছিলা কাহিনীবোৰ । ঔপন্যাসিক ড° ৰীতা চৌধুৰীৰ সেই অনুপম সৃষ্টি দেওলাংখুইৰ পাতত পোৱা কাহিনীৰ লগত যে তুমি ৰিজাই গৈছিলা ।

         মোৰ কলিজাৰ ধপ্‌ধপনিত তুমিয়েই আছা । তথাপিও আজি হৃদয়ে তোমাকেই বিচাৰে এক বেলেগ ৰূপত — দুৱৰিয়ে যি দৰে সদায় কুঁ‌ৱলি বিচাৰে, যি দৰে ফুলে সদায় পখিলা বিচাৰে, ঠিক একেদৰেই মোৰ হৃদয়েও তোমাকেই বিচাৰে ।

 

(লেখাটি মৰমৰ দিপাশ্ৰীলৈ )

লেখক – দিগন্ত কুমাৰ বড়া
ভ্ৰাম্যভাষ – ৯৬১৩৬-৯৬১৪৬

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here