Home ৰাজ্য ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ 

৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ 

1
0

দৈনন্দিন বাৰ্তা লাইভ@ ধনশিৰি , ১৫ চেপ্তেম্বৰ :- যোৱা ১৫ চেপ্তেম্বৰত ধনশিৰি মহকুমাৰ মহকুমাধিপতি বিপুল দাসৰ উপস্হিতিত  আৰু নিৰ্বাচনী বিষয়া সোনাশ্ৰী বক্ষ্ৰই ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ৰাইজৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয় ৷

ভাৰতীয় নিৰ্বাচনী আয়োগে ২০১৯ চনৰ ১ জানুৱাৰী ভিক্তি হিচাপে লৈ প্ৰস্তুত কৰা এই খচৰা তালিকাখনিত নাম সন্নিবিষ্ট কৰিবলৈ থাকি যোৱা , নাম অন্তভুক্ত হোৱা ভোটাৰৰ সৰ্ম্পকে কোনো আপত্তি থাকিলে তেতিয়া ফৰ্ম নং ৬ , ৬ ক ,৭,৮, আৰু ৮ক প্ৰযোয্য অনুসৰি অহা ৩১ অক্টোবৰৰ  ভিতৰত  নিৰ্বাচক পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়ত অথবা সংলিষ্ট ভোটকেন্দ্ৰ সমুহৰ বুথ পৰ্যায়ৰ বিষয়াৰ হাতত অথবা অনলাইন https://nvsp.in যোগে দাখিল কৰিব পাৰিব আৰু চুড়ান্ত ভোটাৰ তালিকা অহা ৪ জানুৱাৰী ২০১৯ ত প্ৰকাশ কৰা হব ৷ বুলি নিৰ্বাচক পঞ্জীয়ক সোনাশ্ৰী বক্ষ্ৰই জানিবলৈ দিয়ে ৷

৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ভোটাৰ তালিকাত যোৱা ২০১৮ চনত ১২১৫৩৩ পুৰুষ আৰু মহিলা ১১৪৩৬১ লাখ মুঠ ২৩৫৮৯৪ ৰ তুলনাত ২০১৯ ৰ ভোটাৰ সৰ্বমুঠ  খচৰাত এইবাৰ ১২৩৬২৯ আৰু ১১৬৬৮৪ মহিলা লাখ মুঠ ২৪০৩১৩ লৈ বৃদ্ধি পাইছে আৰু ইয়াৰে মুঠ ২০৯৬ আৰু ২৩২৩ মুঠ ৪৪১৯ গৰাকী ভোটাৰৰ নাম নতুনকৈ সন্নিবিষ্ট কৰা হৈছে ৷

ইয়াৰ ওপৰিও যোৱা ২০১৬ চনলৈকে ২৫৯ টা ভোট কেন্দ্ৰ আছিল আৰু নতনকৈ মাজভাগত ২৯ টা আৰু বৰ্তমান ১৩ টা ইয়াৰে মৰঙি মৌজাত ৪ টা আৰু সৰপথাৰ আৰু বৰপথাৰ মৌজাত ৯টা কৈ ভোট কেন্দ্ৰ সংযোজন কৰা ফলত মুঠ ৩০১ টালৈ ভোট কেন্দ্ৰ বৃদ্ধি কৰা হয় ৷

মহকুমাধিপতি বিপুল দাসে জানিবলৈ দিয়া মতে এইবাৰ নিৰ্বাচনী আয়োগে সমষ্টিটোলৈ ৩৫০ টা ই ভি এম যোগান ধৰিছে আৰু এইবাৰৰ পৰা ভোটাৰ সকলে নিজৰ পচন্দৰ পাৰ্থীক ভোট দিয়াটো নিশ্চিত হবলৈ ভি ভি পেডৰ ব্যৱস্হা কৰা হৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here