কালাপানী মধ্য ইংৰাজী বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভ

Spread the love

Sharing is caring!

কালাপানী মধ্য ইংৰাজী বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভ
হাটশিঙিমাৰী, ৬ জানুৱাৰী ২০১৮ ঃ
নবগঠিত দঃশালমাৰা হাটশিঙিমাৰী জিলাৰ মানকাচাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কালাপানী মধ্য ইংৰাজী বিদ্যালয় আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভী কৰে ইভালুৱেটৰ আব্দুল কাশেম চৌধুৰী। উক্ত স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে পুৱা পেৰেড আদিৰ লগতে ৰাষ্ট্ৰীয় সংগীত পাঠ কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰি গুণোৎসৱৰ পৰীক্ষাত বহে। উক্ত স্কুলত গুণোৎসৱৰ শুভাৰম্ভী সময়ত উপস্থিত থাকে স্কুল পৰিচালনা সমিতিৰ সভাপতি, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি সাহিনুৰ প্ৰধানী, ।সদৌ অসম কৰ্মচাৰীৰ পৰিষদৰ উপসভাপতি সাহিনুৰপধানী জনায় যে অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে গুণোৎসৱৰ যি পদ্ধতি লৈছে সেয়া প্ৰশংসনীয়। ইয়াৰ দ্বাৰা শৈক্ষিক মানদণ্ডৰ উন্নত হব আৰু বেচৰকাৰী স্কুল বোৰতকৈ চৰকাৰী সকলো স্কুলত লৰা ছোৱালী শিক্ষাৰ প্ৰতি আস্থা আহিছে।

Related posts

Leave a Comment