কয়াকুছিত ৰঙালী বিহু উদযাপনৰ ব্যাপক আয়োজন-  পাঁচ দিনীয়া বিহু বিষয়ক প্ৰশিক্ষণ শিবিৰ-

Spread the love

Sharing is caring!

কয়াকুছিত ৰঙালী বিহু উদযাপনৰ ব্যাপক আয়োজন-
 পাঁচ দিনীয়া বিহু বিষয়ক প্ৰশিক্ষণ শিবিৰ-

দৈনন্দিন বাৰ্তা Live@ছাহেদ আলী আহমেদ ¸ হাউলী ¸ ১৮ মাৰ্চ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ বিদ্যানগৰী তথা বিশ্ববিখ্যাত ঢাৰী নগৰী কয়াকুছিত সাত  দিনীয়া বিভিন্ন কাৰ্যসুচীৰে আগন্তুক  ৰঙালী বিহু অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন  আৰম্ভ হৈছে । তদুপলক্ষে  বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অঞ্চল খনৰ বিভিন্ন জ্ঞানী-গুণী জনৰ উপস্থিতিত কয়াকুছি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৮ মাৰ্চ  আবেলি ১ বজাত কৰ্ণধাৰ  সমিতিৰ লগতে  সাধাৰণ সভা অনুষ্ঠিত হয় । স্হায়ী সভাপতি বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনে পৌৰহিত্য কৰা আৰু কাৰ্যকৰী সভাপতি অধ্যক্ষ ৰফিকুল ইছলামে সহযোগেৰে পৰিচালনা কৰা  অনুষ্ঠিত হোৱা সভা খনত আয়োজনৰ বিষয়ে গঠণমূলক ব্যাপক  পৰ্যালোচনা কৰা হয় । অহা ১ আৰু ২ বহাগ বা ১৫ আৰু ১৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হবলগীয়া বহাগী তথা ৰঙালী বিহুৰ লগতে ১০- ১১-১২-১৩ আৰু ১৪ এপ্ৰিলত বিহু নাচ-বিহুগীতৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি কয়াকুছি বিহু সন্মিলনৰ পৰিচালনা সমিতিৰ পৰা জানিবলৈ দিয়ে বিশিষ্ট সাহিত্যিক তথা অভিযন্তা সভাপতি ইছমাইল হোছেইনে । কয়াকুছি বিহু সন্মিলনৰ ২০১৮ চনৰ দ্বিতীয় বৰ্ষৰ পৰিচালনা সমিতি গঠনাৰ্থে ইতিপূৰ্বে  ১৫ আৰু ২৭ জানুৱাৰী ¸  ১১ আৰু  ১৮ ফেব্ৰুৱাৰী লগতে ১১ মাৰ্চত  কেইবাখন গুৰুত্বপূৰ্ণ   বৈঠক অনুষ্ঠিত হৈ যায় । সভাপতি ইছমাইল হোছেইন , কাৰ্যকৰী সভাপতি অধ্যক্ষ ৰফিকুল ইছমাইল ¸  প্ৰধান সম্পাদক অধ্যাপক হান্নান আলী আহমেদ ¸ সম্পাদক দেৱান জাকিৰ হুছেইন ¸ প্ৰচাৰ সভাপতি সাংবাদিক নজৰুল ইছলাম ¸¸  বিত্ত সভাপতি দুৰ্জুন আলী ¸  বিত্ত  সম্পাদক সাংবাদিক ছাহেদ আলী আহমেদ ¸  প্ৰতিযোগীতা সম্পাদক সাংবাদিক আব্দুল জলিল , ব্যৱস্থাপনাৰ সভাপতি অধ্যাপক ছাদেক আলী আহমেদক লৈ এখনি ৪৫ জনীয়া বৃহদাকাৰৰ কৰ্ণধাৰ –  পৰিচালনা  সমিতি গঠণ কৰি ব্যাপক  আয়োজনৰ প্ৰস্তুতি চলিছে  ।সাহিত্যিক ছিদ্দিকুৰ ৰহমানক  সভাপতি ¸ অধ্যাপক আব্দুছ ছাত্তাৰ চৌধুৰীক  স্মৃতিগ্ৰন্থ বিহুৱানৰ সম্পাদক হিচাপে লৈ বিহুৱানৰ বাবে লগতে অভ্যৰ্থনা সমিতি  সমবেত হৈ আজি  ফটো ছেচন অনুষ্ঠিত কৰাৰ লগতে সাংবাদিকক উদ্যেশ্যি সভাপতি ইছমাইল হোছেইনে  জনায় যে – প্ৰাক্তন বিধায়ক ডা০ তাৰা প্ৰসাদ দাস¸ আলি  হুছেইন¸  বৰ্ত্তনানৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ¸ বিধায়ক গুনীন দাস ¸ যুৱনেতা  পিয়াৰল ইছলাম ¸ আমছু আৰু আছুৰ ৰাজ্যিক নেতা ¸ এডিছি ছইবৰ ৰহমানকে আদি কৰি সমন্বয় ৰক্ষাৰ মিলনভূমি কয়াকুছিৰ ৰঙালী বিহুখনত   উপস্থিত থাকিব  । পৰবৰ্তী সাধাৰণ সভা আগন্তুক ২৫ মাৰ্চ ৰবিবাৰ দুপৰীয়া ১ বজাত কয়াকুছি মহাবিদ্যালত  অনুষ্ঠিত । বিহুৰ সমূহ কাৰ্যসূচীত  সকলোকে সহযোগ কৰাৰ আহ্বান জনাইছে উদযাপন সমিতিয়ে । ২০১৮ চনৰ বিহুৰ প্ৰস্তুতি সম্পৰ্কীয় বাতৰিয়ে অঞ্চলব্যাপী  ৰাইজৰ মাজত উৎসাহ- উদ্দীপনা প্ৰকাশ কৰা দেখা পোৱা গৈছে ।

Related posts

Leave a Comment