জামুগুৰিহাটৰ শতবৰ্ষ গৰকা মহিলাৰ জন্মদিন পালন;

Spread the love

Sharing is caring!

জামুগুৰিহাটৰ শতবৰ্ষ গৰকা মহিলাৰ জন্মদিন পালন;

চৰন চুই অাশীষ ললে বহু জনে

দৈনন্দিন বাৰ্তাLive ,(জোন বৰা) জামুগুৰিহাট , ৯ জানুৱাৰী : অাইৰ সমান হ’ব কোন নৈ সমান বৱ কোন । শতবৰ্ষীয় সৰবৰহী মহিলা এই গৰকী যি গৰাকী মহিলাই ১৯৭২ চনতে স্বামীক হেৰুৱাই বিধবা জীৱন অতিবাহিত কৰি পুত্ৰ কন্যাৰ স্নেহত অাপ্লুত হৈ সাধাৰণ জীৱন কটায় বহুতো ঘাট প্ৰতিঘাতৰ মাজৰে পুত্ৰক শিক্ষক ৰুপত গঢ়ি তুলিবলৈ সক্ষম হৈছিল । জামুগুৰিহাটৰ মহান ব্যক্তি শলগুৰি ভেটখোৱাচুক গাৱৰ জীয়াৰি গোসাঁই চুক গাৱঁৰ বোৱাৰী এই মহান বৰ্ষীয়ান মহিলা গৰাকীয়ে অাজি শতবৰ্ষত ভৰি দিয়াত তেখেতৰ নিজা বাসভৱনত ওপজা দিন অনুস্থিত কৰে । তেখেতৰ শতবৰ্ষীয় ওপজা দিনত উপস্থিত হৈ পুত্ৰ বোৱাৰী, জী জোৱাই,নাতি,নাতিনী লগতে নাতিনী জোৱাই, পৰ নাতিয়েও মহান বৰ্ষীয়ান মহিলা গৰাকীৰ চৰণ ছুই অাশীষ লৈ তেখেতক উস্ম সম্বৰ্ধনা জনাই । শতবৰ্ষ গৰকা মন হাজৰিকা নামৰ এই মহিলা গৰাকী সামাজিক নীতি নিয়মৰে বিবাহ পাশত অাবদ্ধ হৈছিল তিলক হাজৰিকাৰ লগত ।১৯১৮ চনৰ ৯ জানুৱাৰীত জন্ম গ্ৰহন কৰি বহুতো সামাজিক কাজ কাজৰ লগত জড়িত হৈ অঞ্চলটোত এগৰাকী প্ৰতিষ্ঠিত মহিলা হিচাপে জনাজাত হৈ পৰিবলৈ সক্ষম হৈছিল মন হাজৰিকা । অাজি তেখেতৰ জন্মৰ শত বৰ্ষ অনুষ্ঠানত পৰিয়াল বৰ্গৰ লগতে বহুুতো শুভাকাংক্ষীয়ে তেওঁৰ জন্ম দিনৰ শুভেচ্ছা জনাই দীৰ্ঘায়ু জীৱনৰ কামনাৰে চৰন চুই অাশীষ লয়

Related posts

Leave a Comment