দলংঘাট উন্নয়ন খণ্ডত অৰাজকতা, গ‍াঁওসভাৰ অনুমোদন অবিহনে চলিছে বজাৰগৃহ নিৰ্মাণৰ কাম, ঠিকাদাৰৰ ৰূপত খোদ কাকমাৰি গাঁও পঞ্চায়তৰ সচিব

Spread the love

Sharing is caring!

দলংঘাট উন্নয়ন খণ্ডত অৰাজকতা, গ‍াঁওসভাৰ অনুমোদন অবিহনে চলিছে বজাৰগৃহ নিৰ্মাণৰ কাম, ঠিকাদাৰৰ ৰূপত খোদ কাকমাৰি গাঁও পঞ্চায়তৰ সচিব
দৈনন্দিন বাৰ্তাLive@ বটদ্ৰৱা, ১৮ মাৰ্চ- প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আবন্টনত পঞ্চায়ত তথা গ্ৰামোন্নয়ন কৰ্তৃপক্ষই উৎকোচ লোৱাৰ সান্দহ খোৱা বালি তল যোৱাৰ পিছত এতিয়া চতুৰ্দশ বিত্তীয় আয়োগৰ অচিলা লৈ লুণ্ঠন চলোৱাৰ হোতা হৈ পৰিছে খোদ পঞ্চায়ত সচিব। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট উন্নয়ন খণ্ডৰ কাকমাৰি গাঁও পঞ্চায়তত সংঘটিত এই আজৱ কাণ্ডক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা কাকমাৰী পঞ্চায়ত এলেকাত এক বজাৰগৃহ নিৰ্মাণৰ কাম এতিয়া পূৰ্ণগতিত চলিছে। কিন্তু ক’ত এই বজাৰগৃহ নিৰ্মাণ হ’ব ইয়াক লৈ পঞ্চায়তটোৰ কোনো গাঁওসভাত অনুমোদিত হোৱা নাছিল এই আঁচনি। তৎসত্ত্বেও পঞ্চায়তটোৰ সচিব মৃদুল শইকীয়া আৰু সভানেত্ৰীগৰাকী মিলি পঞ্চায়তটোৰ বৰবড়ি নামৰ চুবুৰীটোৰ জনৈক ঘন ডেকা আৰু চুবুৰীৰে কেইজনমানৰ চহী সংগ্ৰহ কৰি এখন ৰাজহুৱা সভা হোৱা বুলি দেখুৱাই বজাৰগৃহটো বৰবড়িস্থিত ৰাজহুৱা ভৱনৰ কাষতে নিৰ্মাণ হ’ব লাগে বুলি প্ৰস্তাৱ বটদ্ৰৱাৰ বিধায়িকাগৰাকীক দেখুৱায়। বৰ্তমান বজাৰগৃহ নিৰ্মাণৰ কাম সমাপ্তিৰ পথত। ইপিনে, কাকমাৰি গাঁও পঞ্চায়তৰ ১০ টা ৱাৰ্ডৰ ভিতৰত ব্যৱসায়িক ভাৱে সফল ঠাইত এই বজাৰগৃহ হ’ব লাগিছিল যদিও একমাত্ৰ ন্যস্ত স্বাৰ্থ পূৰণৰ উদ্দেশ্যতেই পঞ্চায়তটোৰ সচিবগৰাকীয়ে বৰবড়ি গাঁৱৰ মুষ্টিমেয় কেইজনমান লোকক মেনেজ কৰি লুটৰাজ চলোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। কিয়নো ১৯৮৩ চনতেই নগাঁও-মৰিগাঁও পথৰ কাষত সোমবাৰে খালৈগাঁৱত এখন বজাৰ চলি আহিছে। সেই বজাৰখনক অধিক গতিশীল কৰাৰ স্বাৰ্থত স্থানীয় ৰাইজে তাতেই বজাৰগৃহটো পাতিবৰ বাবে দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীকো বহুবাৰ অৱগত কৰিছিল। কিন্তু পঞ্চায়তটোৰ সচিবগৰাকীয়ে গাৰ জোৰেৰে ব্যৱসায়িক কোনো অস্তিত্ব নথকা বৰবড়ি ৰাজহুৱা ভৱনৰ কাষত নিজে ঠিকাদাৰৰ ভুমিকা লৈ বজাৰগৃহ নিৰ্মাণ কৰি যোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খালৈগাঁও, গোসাইবড়ি, এফলীয়াবড়ি, ৰহঢ়লা, কাকমাৰি আদি গাঁৱৰ ৰাইজে। ৰাইজে অভিযোগ কৰা অনুসৰি পঞ্চায়তৰ কাম-কাজ গাঁওসভাৰ অনুমোদনযোগেহে হয়। তেনেস্থলত কোনো গাঁওসভাৰ অনুমোদন নোহোৱাকৈ পঞ্চায়ত সচিব মৃদুল শইকীয়াই এগৰাকী চৰকাৰী বিষয়া হৈও কেনেদৰে বজাৰগৃহ নিৰ্মাণৰ ক্ষমতা লাভ কৰিলে ? এইক্ষেত্ৰত উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া আৰু বিধায়িকাক তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে কাকমাৰী পঞ্চায়তবাসী ৰাইজে।

  

Related posts

Leave a Comment