ধুবুৰী জিলাৰ ফকিৰগঞ্জত আমছুৰ আঞ্চলিক কমিটি গঠন

Spread the love

Sharing is caring!

ধুবুৰী জিলাৰ ফকিৰগঞ্জত আমছুৰ আঞ্চলিক কমিটি গঠন 

দৈনন্দিন বাৰ্তাLive@ফকিৰগঞ্জ, ১২ ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ ফকিৰগঞ্জত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ চিৰাকুটি আঞ্চলিক সমিতিৰ দিনজোৰা কাৰ্যসূচীৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয় । কাৰ্যসূচী মতে , ৰাতিপুৱা ৯:০০ বজাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পতাকা উত্তলোন কৰে, ৰাতিপুৱা ৯:৩০ বজাত শ্বহীদ স্মৰণ কৰাৰ পিছত স্কুলীয়া ছাত্ৰ – ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ সাধাৰণ সম্পাদক মিজানুৰ ৰহমানৰ উপস্থিতিত শতাধিক ছাত্ৰ তথা সচেতন নাগৰিকে অংশ গ্ৰহণ কৰা চিৰাকুটি আঞ্চলিক আমছুৰ সাধাৰণ সভাত মতিয়ৰ ৰহমান শিকদাৰক সভাপতি আৰু জাহানুৰ ইছলাম , মোছলেম উদ্দিন শিকদাৰ এই দুজনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩৫ জনীয়া কাৰ্যনিৰ্বাহকৰে চিৰাকুটি আঞ্চলিক আমছুৰ নৱ নিৰ্বাচিত সমিতিখন গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে ।

Related posts

Leave a Comment