নগাঁৱত চোৰাং চিকনী চুপাৰী ভৰ্তি টাটা মোবাইল জব্দ

Spread the love

Sharing is caring!

নগাঁৱত চোৰাং চিকনী চুপাৰী ভৰ্তি টাটা মোবাইল জব্দ 

নগাঁও, ৬ জানুৱাৰী: নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাই চোৰাং চিকনী চুপাৰীসহ এখন টাটা মোবাইল গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও জিলাৰ ৰূপহীৰ পৰা গাড়ীভৰ্তি চোৰাং চিকনী চুপাৰী খিনি   বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ বাবে আনি থকা অৱস্থাত AS02 BC 2975 নম্বৰৰ গাড়ীসহ চুপাৰীখিনি আৰক্ষীয়ে জব্দ কৰে। উল্লেখ্য, দীৰ্ঘদিন ধৰি চোৰাং বাবে ৰূপহীৰ পৰা চিকনী চুপাৰী বহি:ৰাজ্যলৈ সৰবৰাহ হৈ আহিছে। এক বিশেষ সুত্ৰই জনোৱা মতে, বিক্ৰীকৰ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি এটা চক্ৰটোৱে চোৰাং ভাবে চিকনী চুপাৰীৰ ব্যৱসায় কৰি আহিছে। যাৰ ফলত অসম চৰকাৰে বুজন পৰিমানৰ ৰাজহ হেৰুৱাব লগা হৈছে। আনহাতে আজি জব্দ কৰা চিকনী চুপাৰী ভৰ্তি টাটা মোবাইল খন বিক্ৰীকৰ বিভাগক চমজাই দিয়া বুলি জানিব পৰা গৈছে।

Related posts

Leave a Comment