নদুৱাৰ শিক্ষা খণ্ডত শিক্ষক প্ৰশিক্ষণৰ নামত ধন আত্মসাৎৰ অভিযোগ

Spread the love

Sharing is caring!

নদুৱাৰ শিক্ষা খণ্ডত শিক্ষক প্ৰশিক্ষণৰ নামত ধন আত্মসাৎৰ অভিযোগ

 

দৈনন্দিন বাৰ্তা Live@(হেমাংগ হাজৰিকা )চতিয়া: – যোৱা ১৪মাৰ্চৰ পৰা নদুৱাৰ শিক্ষাকেন্দ্ৰৰ অন্তৰ্গত নিন্ম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ এক প্ৰশিক্ষণ চলি আছে৷ নদুৱাৰ সমল কেন্দ্ৰৰ জড়িয়তে পৃথকে পৃথকে চতিয়া নৰ্মাল অভ্যাসন বিদ্যালয় আৰু নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত চলি থকা এই আঠদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অৱন্টিত ধনৰ ব্যাপক অনিয়ম হোৱা বুলি প্ৰশিক্ষনত অংশগ্ৰহণ কাৰি একাংশ শিক্ষকে গুৰুত্বৰ অভিযোগ উঠিছে৷ শিক্ষখণ্ডটোৰ অন্তৰ্গত বিদ্যালয় সমূহৰ তিনি শতাধিক শিক্ষকে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে৷ দিনজোৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত শিক্ষক সকলক দুপৰীয়া আহাৰৰ নামত অতি নিম্ন মানৰ খাদ্য যোগান ধৰাৰ অভিযোগ অহিছে৷ অভিযোগ অনুসৰি সৰ্বশিক্ষাৰ তৰফৰ পৰা দুপৰীয়া আহাৰৰ নামত ধনৰ অৱন্টন কৰা হয় যদিও কৰ্মকৰ্তা সকলে কেতিয়াবা পেকেট লান্স,কেতিয়াবা পৰঠা আৰু কেতিয়াবা অতি নিম্নমানৰ ভাতৰ ব্যৱস্হা কৰি আৱন্টিত ধন আত্মসাৎ কৰে৷ প্ৰশিক্ষণৰ নামত সৰ্বশিক্ষাই চলোৱা এনে লুন্ঠন এইয়া প্ৰথম নহয়৷ অনহাতে গুনোৎসৱৰ আগে আগে প্ৰতিখন বিদ্যালয়ত একোজনকৈ ন’ডেল শিক্ষক নিযুক্তি দিয়া হৈছিল৷ তেওঁলোককো দিনজোৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল আৰু দুপৰীয়া আহাৰৰ নামত বিস্কুট-চাহ খুৱাই পালমৰা হৈছিল৷ অনকি ভ্ৰমন বানচৰ নামত একোখনকৈ প্ৰপত্ৰ পূৰাই চহীও গ্ৰহণ কৰা হৈছিল৷ কিন্তু আজি চাৰিমাহ উকলি যোৱাৰ ৰাচতো কোনো এজন শিক্ষকে ভ্ৰমন বানচৰ নামত ফুটাকড়ি এটাও লাভ কৰা নাই৷ উল্লেখযে সৰ্বশিক্ষাই প্ৰত্যেক বছৰে ফ্ৰেব্ৰৱাৰী মাৰ্চ মাহত বিভন্ন নামাকৰণেৰে কেইবাটাও প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি একে ধৰণৰ ভেকোভাওঁনা পাতি আহিছে৷ প্ৰশিক্ষণৰ নামত সংঘটিত এনে বিত্তীয় অনিয়মৰ উচিত তদন্ত হ’ব লাগে বুলি ক্ষুব্ধ শিক্ষক সকলে মন্তব্য কৰিছে৷

 

Related posts

Leave a Comment